নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত তেজপুৰৰ টাইমছ হাস্পতাল

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ মানুহৰ দৰ–দাম চলে একাংশ ব্যক্তিগত নার্ছিং হোমত৷ তেওঁলোকৰ বাবে মানৱ সেৱাতকৈ ধন ঘটাই হ’ল মূল ডদ্দেশ্য৷ ইয়াৰ বাবে ভূলুণ্ঠিত হয় মানৱতা৷ যিটো সময়ত চিকিৎসকক মানুহে ভগৱানৰ স্থান দিয়ে, সেই সময়তে দুই–এক চিকিৎসা বৃত্তিত জডিত ব্যক্তিৰ ধনৰ লালসাই সমগ্র বৃত্তিটোকেই কলুষিত কৰি তোলে৷ তেজপুৰৰ টাইমছ হাস্পতাল নামৰ ব্যক্তিগত নার্ছিং হোমত ৰাইজে আজি ডত্তাল প্রতিবাদ সাব্যস্ত কৰি চিকিৎসালয় কর্তৃপক্ষ আৰু চিকিৎসকৰ বিৰুদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰে৷ চিকিৎসালয় চৌহদত ৰোগীৰ আত্মীয় আৰু একাংশ ৰাইজে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে পৰিস্থিতি ডত্তেজনাপূর্ণ কৰি তোলে৷ পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও ৰোগীৰ আত্মীয়ই কান্দি কাতি চিঞৰি চিঞৰি অৱশেষত ৰোগীৰ মৃতদেহ চমজি লয়৷ ডল্লেখ্য যে যোৱা ৪ ছেপ্ঢেম্বৰত কলিয়াবৰ নলতলীত দুর্ঘটনাত দুজনকৈ যুৱক আহত হৈছিল আৰু তেওঁলোকক ততাতৈয়াকৈ তেজপুৰৰ টাইমছ হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ইয়াৰ পিছতেই দুয়োৰে চিকিৎসা আৰম্ভ হয় যদিও সঞ্জীব নেওগ নামৰ এজন যুৱক যোৱা ১০ ছেপ্ঢেম্বৰত চিকিৎসালয়ত মৃত্যুবৰণ কৰে৷ আনজন যুৱক বিকাশ হাজৰিকাৰ অস্ত্রোপচাৰ কৰিবলগীয়া হয়৷ সেই অনুসৰি হাস্পতাল কর্তৃপক্ষই বিকাশৰ অভিভাৱকক ডেৰ লাখ টকা জমা দিবলৈ কয় আৰু পৰিয়ালৰ লোকে আকস্মিকভাৱে ইমান টকা যোগাৰ কৰিব নোৱাৰি ৪০ হাজাৰ টকা জমা দিয়ে৷

অৱশ্যে অস্ত্রোপচাৰ সম্পন্ন কৰি বিকাশক আই চি ইডত ৰখাৰ ব্যৱস্থা কৰা হয়৷ কালি চিকিৎসালয়খনৰ চিকিৎসক মানস বৰাই বিকাশৰ অভিভাৱকক বাকী থকা টকা দিবলৈ কয় আৰু অন্যথা তেওঁক আই চি ইডৰ পৰা ডলিয়াই দিয়া হ’ব বুলি ভাবুকি দিয়ে৷ চিকিৎসকগৰাকীয়ে কোৱাৰ দৰেই টাইমছ হাস্পতালৰ কেছ কাডণ্টাৰত থকা যুৱক এজনেও টান কথা শুনাই পৰিয়ালক বাকী টকা জমা দিবলৈ পুনৰ সকীয়াই দিয়ে৷ কিন্তু পৰিয়ালৰ লোকে লগত অনা এ টি এম কার্ডৰ জৰিয়তে টকা দিবলৈ বিচাৰে যদিও নগদ টকাহে লাগিব বুলি চিকিৎসালয় কর্মচাৰীয়ে স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পিছতেই পৰিয়ালৰ লোকে টকা গোটাবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে আজি চিকিৎসালয়খনত মৃত্যু হয় বিকাশ হাজৰিকাৰ৷ ইয়াকে লৈ ডত্তেজিত হৈ পৰে পৰিয়াল, আত্মীয় তথা একাংশ লোক৷ আত্মীয় আৰু পৰিয়ালৰ অভিযোগ– টকা নিদিয়াৰ বাবেই বিকাশক ডপযুক্ত চিকিৎসা প্রদান নকৰিলে চিকিৎসকে৷ আনহাতে চিকিৎসকে পৰিয়ালৰ লোকক দুর্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ ডত্থাপন কৰে৷

You might also like