নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনকৰা কিশোৰক নির্যাতন কাণ্ড; ডিব্রুগড়ত দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ শিশু শ্রমিক আইনক অংগুষ্ঠ প্রদর্শন কৰি ১২ বছৰীয়া কিশোৰক নিজ গৃহত বনকৰা হিচাপে নিযুক্তি দি অকথ্য শাৰীৰিক নির্যাতন চলোৱা ডিব্রুগড়ৰ তথাকথিত ডচ্চশিক্ষিত দম্পতী ডাঃ সিদ্ধিপ্রসাদ দেডৰী আৰু ড০ মিতালী কোঁৱৰক গ্রেপ্তাৰ কৰাত চূডান্তভাৱে ব্যর্থ হৈছে ডিব্রুগড আৰক্ষী৷ বনকৰা শিশুৰ পিঠিত ডতলা পানী ঢ়লাৰ পৰৱতি সময়ত স্নানাগাৰলৈ নি ঠাণ্ডা পানী ঢ়ালি অকথ্য নির্যাতন চলোৱা দম্পটো কালি নিজা বাসগৃহৰ পৰা পলায়ন কৰে যদিও আজি স্থানীয় লাহোৱাল আৰক্ষীয়ে ঘোঁৰামৰাৰ পৰা দেডৰী দম্পতীৰ পুত্র প্রিয়াংশু প্রতীম দেডৰী আৰু তেওঁৰ সহযোগী কুনাল সেনাপতি নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিছে৷

ইপিনে বহু বিতর্কিত চিকিৎসক ডাঃ সিদ্ধিপ্রসাদ দেডৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মিতালী কোঁৱৰক গ্রেপ্তাৰ কৰাত ডিব্রুগড আৰক্ষীয়ে হেমাহি কৰাৰ অভিযোগ ডত্থাপন কৰি আজি ডিব্রুগড সদৰ থানাৰ ভিতৰত ডত্তাল প্রতিবাদ সাব্যস্ত কৰে আটছাকে ধৰি কেইবাটাও সামাজিক সংগঠনে৷ প্রায় শতাধিক প্রতিবাদকাৰীয়ে প্রথমে ডিব্রুগড সদৰ থানা ঘেৰাও কৰি অত্যাচাৰী দেডৰী দম্পতীক শীঘ্রে গ্রেপ্তাৰ কৰি ডচিত শাস্তি প্রদানৰ দাবী জনায় যদিও পৰৱত্ সময়ত প্রতিবাদকাৰীসকল থানাৰ ভিতৰত প্রৱেশ কৰি সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজীৱ শইকীয়াৰ স’তে বাতবিতণ্ডাত লিপ্ত হোৱাৰ লগতে দেডৰী দম্পতীক শীঘ্রে গ্রেপ্তাৰ নকৰিলে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও হুংকাৰ প্রদান কৰে৷ প্রতিবাদকাৰী আটছা সদস্যসকলে নির্যাতনৰ ঘটনাটো সংঘটিত হোৱা ইতিমধ্যে তিনিদিন ডকলি গ’ল যদিও অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব নোৱাৰাটো আৰক্ষীৰ চূডান্ত দায়িত্বজ্ঞানহীনতা আৰু ব্যর্থতা বুলি আখ্যা দি আৰক্ষীয়ে অভিযুক্তৰ পক্ষ লোৱা বুলি গুৰুতৰ অভিযোগ ডত্থাপন কৰে৷ প্রতিবাদকাৰী আটছা কম্সকলে ডাঃ সিদ্ধি প্রসাদ দেডৰীৰ চিকিৎসকৰ অনুজ্ঞাপত্র বাতিল কৰা, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা ড০ মিতালী কোঁৱৰক শীঘ্রে অপসাৰণ কৰাৰো দাবী ডত্থাপন কৰিছে৷ ডল্লেখ্য যে ডিব্রুগড সদৰ আৰক্ষীয়ে ডক্ত ঘটনা সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৪৪/৩২৬/৩৪ ধাৰাৰ অধীনত ১৪৪৩/২০২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছে৷ ইপিনে শিশু সুৰক্ষা সমিতিৰ আগত নির্যাতনৰ বলি হোৱা শিশুটিয়ে দিয়া ভাষ্য অনুসৰি শৰীৰত ডতলা পানী ঢ়ালি দিয়াৰ পৰৱত্ সময়ত স্নানাগাৰলৈ নি গাত ঢ়ালি দিয়া হৈছিল ঠাণ্ডা পানী৷ ফলত শৰীৰৰ পিঠিৰ অংশৰ ছাল এৰাই গৈ বগা মাংস ওলাই পৰে৷ লক্ষণীয়ভাৱে শিশুটিয়ে মৰণকাতৰ চিঞৰ মাৰি থকাৰ পিছতো কিন্তু মানুহে ভগৱান জ্ঞান কৰা চিকিৎসকৰূপী ডাঃ সিদ্ধি প্রসাদ দেডৰীয়ে কিন্তু শিশুটিক প্রাথমিক চিকিৎসাকনো প্রদান নকৰিলে৷ শিশুটিয়ে প্রকাশ কৰা মতে, ডাঃ সিদ্ধিপ্রসাদ দেডৰীয়ে দৈনিক পাঁচখনকৈ গাডী ধুবলৈ দিয়াৰ লগতে কেইবাটাও পোহনীয়া কুকুৰৰ চোৱা–চিতাৰ দায়িত্ব তাৰ ওপৰত প্রদান কৰিছিল৷ প্রায় ডেৰ বছৰ পূর্বে যোৰহাটৰ পৰা শিশুটিক দেডৰী দম্পতীয়ে তেওঁলোকৰ ঘৰৰ বিভিন্ন কাম কৰাবলৈ আনিছিল যদিও শিশুটিক ভালকৈ খাবলৈ নিদিয়াৰ ডপৰি নিজ পিতৃগৃহৰ লগত যোগাযোগো কৰিবলৈ দিয়া নাছিল৷ ইয়াৰ ডপৰি প্রায়ে শিশুটিৰ ওপৰত বিনা কাৰণত নির্যাতন চলোৱা হৈছিল বুলি চুবুৰীয়া একাংশ লোকে অভিযোগ কৰিছে৷ শিশু শ্রমিকৰ বিৰুদ্ধে ডিব্রুগড জিলাত চাইল্ডলাইন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ লগতে প্রশাসনৰ সংশ্লিষ্ট বিভাগে সময়ে সময়ে অভিযান চলাই থকাৰ পিছতো চিকিৎসা আৰু শিক্ষা বৃত্তিৰ দৰে পৱিত্র বৃত্তিত নিয়োজিত তথাকথিত প্রতিষ্ঠিত পৰিয়ালত এনে নিদাৰুণ ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাক লৈও বিভিন্ন মহলে প্রশ্ণ ডত্থাপন কৰিছে৷

অভিযুক্ত দেডৰী দম্পতীৰ সন্ধানত ৰাজ্যজুৰি ডিব্রুগড আৰক্ষীৰ অভিযান-
বনকৰা শিশুক অকথ্য নির্যাতন চলাই পলায়ন কৰা ডিব্রুগডৰ বিতর্কিত চিকিৎসক ডাঃ সিদ্ধিপ্রসাদ দেডৰী আৰু তেওঁৰ পত্নী মিতালী কোঁৱৰৰ সন্ধানত সমগ্র ডজনি অসমত তীব্র অভিযান চলাইছে ডিব্রুগড আৰক্ষীয়ে৷ যোৱানিশা অভিযুক্ত দম্পতীটোৰ সন্ধানত যোৰহাটৰ তিনি স্থানত ডিব্রুগড আৰক্ষীয়ে অভিযান চলায়৷ আজি এই সন্দর্ভত ডিব্রুগড জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া অনুসৰি অন্যান্য জিলাসমূহতো অভিযান চলাবলৈ ডিব্রুগড আৰক্ষীৰ কেইবাটাও দল ইতিমধ্যে ৰাওনা হৈছে৷ এই ঘটনাক আৰক্ষীয়ে কোনোপধ্যে সহজভাৱে গ্রহণ কৰা নাই আৰু অতিশীঘ্রে সকলো অভিযুক্ত আৰক্ষীৰ জালত পৰিব বুলিও দাবী কৰে৷

কোন এই ডাঃ সিদ্ধি প্রসাদ দেডৰী-

ৰাজ্যজুৰি তোলপাৰ লগোৱা শিশু নির্যাতনৰ ঘটনাৰ মূল অভিযুক্ত ডাঃ সিদ্ধিপ্রসাদ দেডৰী এজন বিতর্কিত চিকিৎসক হিচাপে জনমানসত পৰিচিত৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ ষ্ট’ৰ কীপাৰ হিচাপে কর্মৰত ডাঃ দেডৰী বিগত ২০০৬ চনত এক কেলেংকাৰিত জডিত হৈ পৰাৰ পৰিপ্রেক্ষিতত নিলম্বিত হৈছিল৷ ইয়াৰ পৰৱত্ সময়ত ডাঃ দেডৰীয়ে ডিব্রুগড চহৰৰ সেডজপুৰত স্থাপন কৰে জ্যোতিষ মেম’ৰিয়েল হাস্পতাল নামেৰে এখন ব্যক্তিগত চিকিৎসালয়৷ কিন্তু ডক্ত নার্ছিং হোমখনতো বিভিন্ন অনিয়ম সংঘটিত হোৱাত স্থানীয় ৰাইজে এবাৰ চিকিৎসালয়খন ভাঙি চূৰমাৰ কৰিছিল৷ ইয়াৰ কেইবছৰমান পিছত প্রশাসনে নার্ছিং হোমখন ছীল কৰি দিয়ে৷ আনহাতে ডক্ত নার্ছিং হোমখনৰ ভৱনৰ পৰাই ডাঃ দেডৰীয়ে প্রকাশ কৰিছিল ‘দৈনিক ভূমিপুত্র’ নামৰ এখন বাতৰিকাকত৷ পত্নী ড০ মিতালী কোঁৱৰৰ সম্পাদনাত প্রকাশ পোৱা ডক্ত কাকতখন কেইবছৰমান চলাৰ পিছত বন্ধ হৈ যায় যদিও ডাঃ দেডৰীৰ বিৰুদ্ধে কাকতখনৰ কর্মচাৰীক প্রাপ্য আদায় নিদিয়াৰ অভিযোগ ডত্থাপন হৈছিল৷

You might also like