নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলাৰ্টৰ কণ্ডেণ্টছেটৰ জুই নুমুৱাৰ সাফল্যৰ ইতিহাস নাই; বাঘজানৰ ব্ল’ আউট কেপিঙৰ ঠিকা প্ৰদানত বৃহৎ জালিয়াতিৰ আশংকা প্ৰকাশ ৩ পৰিৱেশকৰ্মীৰ

  • ৬ জুলাইৰ এন জি টিৰ শুনানিলৈ অপেক্ষা অসমবাসীৰ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ বাঘজানৰ জুই আৰু কণ্ডেনছেট নিৰাময়ৰ ঠিকা প্ৰদানত বৃহৎ জালিয়াতিৰ আশংকা প্ৰকাশ প্ৰকাশ কৰিছে ইতিপূৰ্বে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত অইল ইণ্ডিয়া আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰ তৰা তিনি পৰিৱেশকৰ্মী ক্ৰমে সোনেশ্বৰ নৰহ, সমূদ্ৰজিৎ গোঁহাই আৰু আফ্ৰিন ৰহমানে।

প্ৰচাৰ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে
বাঘজান অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰে যাতে সঠিক পৰিমাণৰ ক্ষতিপূৰণ লাভ কৰাৰ লগতে ঘটনাৰ গাফিলতিৰ প্ৰকৃত উৎসৰ সন্ধান উদ্ঘাটন কৰি উচিত বিধান প্ৰদানৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিয়ে তিনি পৰিৱেশকৰ্মীয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত অইল ইণ্ডিয়া আৰু ঘটনাৰে জড়িত আন পক্ষবোৰৰ বিৰুদ্ধে শেহতীয়াকৈ এক গোচৰ ৰুজু কৰিছিল৷ অইল ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ বাবেই সম্প্ৰতি অইলৰ বাঘজান কাণ্ডৰে জড়িত প্ৰতিটো বিষয়েই গুৰত্ব দি অহা বুলি ব্যক্ত কৰিছে তিনি পৰিবেশবিদে। তাৎপৰ্যপূৰ্ণ বিষয় যে অইলে মিথ্যাচাৰৰ আশ্ৰয় লৈ চি এছ আৰ ফাণ্ডৰ ধনক ক্ষতিপূৰণ বুলি ব্যৱহাৰ কৰি কৰ্প’ৰেট আইন ভংগ কৰাৰ দৰে উদ্ভৎ ঘটনা সন্দৰ্ভতো তিনি সচেতন ব্যক্তিয়েই ৰাজ্য তথা দেশবাসীৰ ওচৰলে লৈ গৈছিল। যাৰ ফলত অইল আৰু চৰকাৰী পক্ষই বিবৃতিৰ জৰিয়তে ভুলৰ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল। সেয়ে বাঘজানৰ ক্ষতিগ্ৰস্ত তথা অসমৰ জনতাই তেওঁলোকৰ প্ৰতি আস্থা ৰাখি কালিলৈৰ এন জি টিৰ শুনানিলৈ অধীৰ আগ্ৰহেৰ বাট চাই থকাৰ সন্ধিক্ষনত অইলৰ বিৰুদ্ধে আন এক ভয়ঙ্কৰ জালিয়াতিৰ আশংকা প্ৰকাশ কৰি কাৰিকৰী আৰু নীতিগত যুক্তিৰে উন্মোচন কৰিছে তিনি সমাজকৰ্মী তথা পৰিৱেকৰ্মী ক্ৰমে সোনেশ্বৰ নৰহ, সমুদ্ৰজিৎ গোঁহাই আৰু আফ্ৰিন ৰহমানে। তেওঁলোকৰ প্ৰশ্ন, কি কাৰণত আজি পৰ্যন্ত কণ্ডেন্টছেটৰ জুই নিৰাময়ত বাৰম্বাৰ ব্যৰ্থ হ’ব লগা হৈছে? ইয়াৰ অন্তৰালত বৃহৎ জালিয়াতিৰ গোন্ধ পাইছে তেওঁলোকে। তেওঁলোকৰ যুক্তি অনুসৰি অইল ইণ্ডিয়াই কিয় পোনপটীয়াকৈ এলাৰ্ট ডিজেষ্টাৰ মেনেজমেন্ট ছাৰ্ভিচৰ ওচৰ নাচাপি ভাস্কৰ দুৱৰাৰ যোগেদি এনে এটা বৃহৎ কোম্পানীৰ ওচৰ চাপিব লগা হ’ল?

ভাস্কৰ দুৱৰা এলাৰ্ট ডিজেষ্টাৰ মেনেজমেন্ট ছাৰ্ভিচৰ এগৰাকী কৰ্মচাৰীও নহয়, নতুবা কাৰ্যালয়ৰ বিশেষ প্ৰতিনিধিও নহয়। তেনেস্থলত ভাস্কৰ দুৱৰাই এলাৰ্ট ডিজেষ্টাৰ মেনেজমেন্ট ছাৰ্ভিচৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াবনে? অইল ইণ্ডিয়াই ভাস্কৰ দুৱৰাক তেওঁৰ সেৱাৰ বাবে কোনো পৰামৰ্শমূলক পাৰিশ্ৰমিক পৰিশোধ কৰে নেকি? যদি কৰে, কিমান কৰে? যদিহে অইল ইণ্ডিয়াই ভাস্কৰ দুৱাৰাক কোনো পাৰিশ্ৰমিক পৰিশোধ নকৰে, তেন্তে এলাৰ্ট ডিজেষ্টাৰ মেনেজমেন্টে ভাস্কৰ দুৱৰাক পৰামৰ্শ পাৰিশ্ৰমিক পৰিশোধ কৰে নেকি? যদি কৰে, কিমান কৰে? বিবৃতিত কোৱা হৈছে, অইল ইণ্ডিয়াই ভাস্কৰ দুৱৰাৰ যোগেদি এলাৰ্ট ডিজেষ্টাৰ মেনেজমেন্ট ছাৰ্ভিচৰ ওচৰ চপা সমগ্ৰ প্ৰক্ৰিয়াটোৱে দুৰ্নীতিৰ ইংগিতকেই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক ব্যৱস্থা অনুসৰি, সেই দেশৰ কোনো কোম্পানীয়ে ঠিকা লাভ কৰিবলৈ কোনো মধ্যস্থতাকাৰীক কোনো ধৰণৰ কমিছন পৰিশোধ কৰিব নোৱাৰিব। যিহেতু ভাস্কৰ দুৱৰা এগৰাকী কৰ্মচাৰীও নহয় নতুবা কাৰ্যালয়ৰ বিশেষ প্ৰতিনিধিও নহয়, এনে কাৰণত এলাৰ্ট ডিজেষ্টাৰ মেনেজমেন্টৰ দ্বাৰা ভাস্কৰ দুৱৰাক কৰা কোনো ধনৰ পৰিশোধ বে-আইনী হিচাপে ধৰা হ’ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক বিভাগৰ দ্বাৰা লুই বাৰ্জাৰ গোচৰৰ দৰে অনুসন্ধানৰ বাবে এইটো এটা উপযুক্ত গোচৰ হ’ব। লগতে উক্ত কোম্পানীটোৰ আজি পৰ্যন্ত কণ্ডেন্টছেটৰ জুই নিৰাময় কৰাৰ কোনোধৰণৰ সাফল্যৰ ইতিহাস নাই, এই কথা বিশ্ববাসীয়ে জানে। তেনেস্থলত বাঘজান তথা ৰাজ্যবাসীক কিয় আভুৱা ভাৰিছে? কিয় চকুত ধূলি মাৰি ৰাষ্ট্ৰীৰ ধন অপচয় কৰিছে? এহাতেদি অইলে লোকচান ভৰিছে বুলি সহানুভূতিৰ ৰাজনীতিৰে একাংশক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলাই থকাৰ নাটক আৰু আনফালেদি বাঘজানকাণ্ডক ঢাকিবলৈ আৰু প্ৰকৃত কৰ্প’ৰেট নীতিৰ আধাৰত বৰ্তমানৰ ক্ষতিগ্ৰস্তৰ প্ৰাপ্যক আনফালে ঢাল খোৱাবলৈ কোটিৰ ঘৰত টকা ভৰি অইলৰ অতীতৰ গুনগৰিমা প্ৰকাশ কৰি বিজ্ঞাপনৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে তিনি পৰিবেশকৰ্মীয়ে।

তেওঁ লোকে বিবৃতিত স্পষ্টকৈ কৈছে যে এইবেলি অইলে যিমান নাটক ৰচনা কৰিলেও নিষ্ঠাৰ নাপাব, যেতিয়ালৈকে বাঘজান আৰু ৰাজ্যই হেৰুৱা সম্পদ ঘূৰাই নাপায়। তেওঁলোকে লগতে দাবী কৰিছে যে অইল আৰু চৰকাৰী কৰ্তৃপক্ষই ৰাইজৰ প্ৰতি স্বেতপত্ৰ প্ৰকাশ কৰক।

You might also like