নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কার্বি আংলঙৰ বৰগাঁৱত পিএমজিএছৱাই পথ নির্মাণত ব্যাপক অনিয়ম; ১০.৭৯ কোটি টকাৰ অধিক অংশই লুণ্ঠনৰ ফন্দি ঠিকাদাৰৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ মহামাৰী ক’ৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে জন–উন্নয়নমূলক কাম–কাজ৷ কিন্তু ৰাইজৰ উন্নয়নৰ নামত পশ্চিম কার্বি আংলং জিলাৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তর্গত বৰগাঁৱত পথ নির্মাণৰ নামত ঠিকাদাৰে চলাইছে ব্যাপক দুর্নীতি আৰু অনিয়ম৷ অভিযোগ অনুসৰি প্রায় দহ কোটিটকীয়া প্রধানমন্ত্রী গ্রামচডক যোজনা আঁচনিৰ পথ নির্মাণত সংঘটিত হৈছে এই ব্যাপক অনিয়ম৷ অভিযোগ অনুসৰি পশ্চিম  কার্বি আংলং জিলাৰ আমচৈ–বৈঠালাংছ’ পথৰ আমচৈ তিনিআলিৰ (বৰগাঁও বজাৰ) পৰা ভকচং ডালিমবাৰী সংযোগী প্রায় ১৬ কিঃমি পথ (পেকেজ নং–এ এছ ১২–১০৬) নির্মাণৰ দায়িত্ব লাভ কৰিছে কামৰূপ জিলাৰ বীৰপাৰাৰ ঠিকাদাৰ অজন্তা কলিতাই৷

জিলাখনৰ উমপেনাই পথ সংমণ্ডলৰ তত্ত্বাৱধানত নির্মাণ হৈ থকা পথটোৰ মুঠ আবণ্টিত ধনৰ পৰিমাণ ১০,৭৮,৮৫,৬৭৮.০০ (দহ কোটি আঠসত্তৰ লাখ পঁচাশী হাজাৰ ছশ আঠসত্তৰ) টকা৷ পথটো ২০১৯ বর্ষৰ তিনি মার্চত আৰম্ভ কৰি সেই বছৰৰ তিনি ডিচেম্বৰতে সমাপ্ত কৰিব লাগিছিল যদিও আজি সাত মাহ অতিৰিক্ত সময়ৰ পিছতো সম্পূর্ণ নোহোৱাত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ কেৱল সেয়াই নহয় এই ১৬ কিঃমিঃ পথৰ ভিতৰত বর্তমানলৈকে পাঁচ কিঃমিঃ পথো সম্পূর্ণ হোৱা নাই৷ স্থানীয় ৰাইজৰ মতে পথটো আৰম্ভণি স্থানৰ পৰা প্রায় তিনি কিলোমিটাৰ দূৰত্ব নিয়মমাফিক অথবা জনসাধাৰণক দেখুৱাবলৈ বিভাগীয় নিয়ম মতে কাম কৰা দেখা যায়৷ কিন্তু ইয়াৰ পৰিৱর্তে পকীকৰণ কৰা প্রায় দুই কিঃমিঃ পথ অতি নিম্নমানৰ হোৱাত শিলগুটিৰ পৰা আলকাতৰা এৰিব লৈছে৷ তদুপৰি বাকী পথছোৱাত ঠায়ে ঠায়ে শিল–বালিৰ তৰপ আৰু শিলগুটিৰ তৰপ দিয়া হৈছে যদিও বহু ঠাইত পথটোৰ প্রাৰম্ভিক কাম কৰা নাই৷ তাৎপর্যপূর্ণ বিষয় যে প্রায় দহ কোটি টকীয়া পথটো কিদৰে নির্মাণ হৈছে, সেয়া দেখিলে চকু কপালত উঠিব৷ স্থানীয় লোকৰ অভিযোগ মতে, পথটোৱে পাহাৰীয়া অঞ্চলৰ প্রায় দহ–পোন্ধৰখন গাঁৱক সংযোগ স্থাপন কৰিছে যদিও উক্ত পথটোত যান–বাহন নচলোঁতেই পথৰ মাজৰ শিলগুটিৰ পৰা আঁতৰিল আলকাতৰাৰ তৰপ৷

মন কৰিবলগীয়া যে পথটো আৰম্ভণিৰ পৰা প্রায় তিনি কিঃমিঃ পথ সঠিক মতে নির্মাণ কৰাৰ পিছত বাকী অংশ পথ নির্মাণত ঠিকাদাৰগৰাকীৰ অনিয়মেই চকু কপালত তুলিছে৷ অভিযোগ অনুসৰি নতুনকৈ নির্মাণ কৰা দুমাহ নৌহওঁতে পথৰ মাজত আলকাতৰা আৰু শিলগুটি পৃথক পৃথক হৈ পৰিছে৷ কেৱল ভৰিৰে মোহাৰি দিলেই আলকাতৰাৰ মাজৰ পৰা আঁতৰি আহে শিলগুটিসমূহ৷ তদুপৰি পথছোৱাত আছে ৪৩টাকৈ কালভার্ট৷ কিন্তু অভিযোগ অনুসৰি পথটোত পূর্বতে থকা কালভার্টকে ওপৰত চিমেণ্ট, শিল দি নতুনকৈ বনোৱা দেখাইছে৷ কিন্তু পাহাৰৰ বৰষুণৰ পানীয়ে কালভার্টৰ কাষেদি বৈ যোৱাত পথৰ কাষটো ভাঙি নিছে যদিও ইয়াৰ প্রতিৰোধৰ কোনো ব্যৱস্থা নাই৷ আনহাতে বহু ঠাইত কালভার্ট স্থাপন কৰাটো অতি প্রয়োজন আছিল যদিও ঠিকাদাৰগৰাকীয়ে প্রয়োজনহীন ঠাইতো স্থাপন কৰিছে কালভার্ট৷ তদুপৰি পাহাৰীয়া পথটোত পথৰ কাষত পানী নলা নির্মাণ কৰাটো নিশ্চিত হ’ব লাগিছিল যদিও কিছু ঠাইত সামান্য মাটি খান্দি নলা নির্মাণ কৰা হৈছে যদিও বেছিভাগ ঠাইতে নির্মাণ কৰা নাই পথৰ কাষৰ নলা৷

পৰিতাপৰ বিষয় যে পথৰ নলাটো জেচিবিৰ দ্বাৰা খান্দিলে যিমান সুফল লাভ কৰিলেহেঁতেন, তাৰ বিপৰীতে কেৱল নিয়মমাফিক কোৰেৰে সামান্যভাৱে নলা খন্দা কার্যই চকু কপালত তুলিছে৷ ইয়াৰ লগতে বহু ঠাইত বর্তমানেও কোনো নলাৰ ব্যৱস্থা কৰা নাই৷ ফলত পথৰ কাষৰ নলাৰ অবিহনে পথৰ ওপৰেদি বৰষুণৰ পানী বৈ গ’লে পথটো সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা বেছি বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে৷ ইয়াৰ লগতে পথটোৰ প্রস্থ যিমান হ’ব লাগিছিল সেই অনুসৰি বহু ঠাইত প্রস্থ কম৷ কাষতে থকা পাহাৰ কাটি পথটো ঠায়ে বিশেষে বহল কৰিছে যদিও বিজ্ঞানসন্মতভাৱে পাহাৰ নকটাত (অতি ঠিয়) ভূমিস্খলন হোৱাও দেখা গৈছে৷ পথ নির্মাণত ব্যৱহাৰ কৰা প্রায়বোৰ শিল কাষৰ পাহাৰৰ পৰা সংগ্রহ কৰাৰ লগতে বালিসমূহো কাষৰ চিনাই নদীৰ পৰা অবৈধভাৱে সংগ্রহ কৰি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে পাহাৰীয়া পথটোত অহা–যোৱা কৰা সচেতন লোকৰ অভাৱৰ বাবে ঠিকাদাৰ আৰু বিভাগীয় লোকে পথ নির্মাণত সংঘটিত কৰিছে ব্যাপক অনিয়ম৷ ঠিকাদাৰে শেহতীয়াকৈ পথটোৰ বিলৰ নামত প্রায় পাঁচ কোটি টকা বিভাগৰ পৰা উঠাই নিছে৷

শেহতীয়াকৈ একাংশ সচেতন লোকে ঠিকাদাৰৰ এনে অনিয়মৰ বিৰুদ্ধে স্থানীয় বিধায়কৰ জৰিয়তে গডকাপ্ঢানী মন্ত্রীলৈ এক অভিযোগ–পত্র প্রেৰণ কৰি ঠিকাদাৰগৰাকীৰ লগতে বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷ তদুপৰি বিগত ডিচেম্বৰ মাহতে সম্পূর্ণ কৰিব লগা পথটো লকডাউনৰ মাজৰ পৰাহে কাম আৰম্ভ কৰিছে যদিও পথটো নির্মাণ শেষ নৌহওঁতেই পথৰ দুৰৱস্থাই স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে৷ তদুপৰি বর্তমান পথটো নির্মাণ কৰি থকা ঠিকাদাৰজনৰ এই অতি নিম্নমানৰ কামৰ বাবে তেওঁক সেই কামৰ পৰা আঁতৰাই চৰকাৰে নতুন ঠিকাদাৰৰ হতুৱাই সঠিকভাৱে কামটো সম্পূর্ণ কৰিবলৈ আহ্বান জনাই বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷

You might also like