নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১

২০২১ চনত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ নির্বাচনলৈ মাত্র এটা বছৰ আছে বুলিহে ক’ব পাৰি৷ প্রতিটো নির্বাচনেই গুৰুত্বপূর্ণ কিন্তু অসমত যোৱা কিছুদিন ধৰি চলি থকা কা–বিৰোধী আন্দোলনটোৱে ২০২১ চনৰ বিধানসভা নির্বাচনৰ গুৰুত্ব বহুগুণেই বঢ়াই তুলিছে৷ সেই নির্বাচনত কা–বিৰোধী ৰাজনৈতিক দলবোৰ যদি পৰাজিত হয়, তেন্তে কা–বিৰোধী আন্দোলনৰ প্রতি অসমৰ গৰিষ্ঠসংখ্যক মানুহৰ সমর্থন নাই বুলি প্রমাণিত হ’ব, আৰু এতিয়া হৈ থকা আৰু ভৱিষ্যতে হ’ব পৰা সকলো গণ আন্দোলনৰ যথার্থতা বা প্রয়োজনীয়তা নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ অর্থাৎ প্রমাণ কৰিবলৈ চেষ্টা কৰা হ’ব যে তথাকথিত গণ আন্দোলনবোৰে শুদ্ধ জনমত উন্মোচিত নকৰিবও পাৰে৷ ঘাইকৈ এই কাৰণেই অহা বছৰত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ নির্বাচনে বিশেষ তাৎপর্য পৰিগ্রহ কৰিছে৷
দেখা গৈছে যে অসমৰ আটাইকেইটা বিৰোধী দলেই কা–বিৰোধী স্থিতি গ্রহণ কৰিছে৷ অৱশ্যে অতুল বৰাৰ নেতৃত্বাধীন অসম গণ পৰিষদে বিৰোধী দলৰ মর্যাদা হেৰুৱাইছে৷ প্রধান বিৰোধী দল বুলি ক’লে এতিয়া মাত্র দুটা দলক বুজায় ঃ কংগ্রেছ আৰু এ আই ইউ ডি এফ৷ সুদীর্ঘ ১৫ বছৰ ধৰি অসমৰ শাসন ক্ষমতাত থকা কংগ্রেছৰ বর্তমান স্বাস্থ্য খুব সবল বুলি ক’ব নোৱাৰি৷ দলটোৰ নেতাকেইজনৰ ভিতৰত আটাইতকৈ অভিজ্ঞ আৰু প্রভাৱশালী নেতা তৰুণ গগৈৰ বয়সে দলটোক সক্রিয় নেতৃত্ব দিবলৈ তেওঁক অনুমতি নিদিয়ে৷ ভাবী মুখ্যমন্ত্রী হিচাপে তেওঁক প্রক্ষেপ কৰাটোও অসম্ভৱ৷ কংগ্রেছৰ বাকী যিকেইজন নেতা আছে বা তেওঁলোকক নেতা বুলি ধৰি ল’বলৈ পৰিস্থিতিয়ে দলটোক বাধ্য কৰিছে, তেওঁলোকৰ কোনো এজনৰে নেতৃত্বসুলভ গুণাৱলী ৰাইজৰ দৃষ্টিৰ সন্মুখত জিলিকি উঠা নাই৷ তদুপৰি বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰাতকৈ তেওঁলোক পৰস্পৰৰ বিৰুদ্ধে যুদ্ধ কৰি থকাতেই বেছি ব্যস্ত হৈ থকা যেন দেখা গৈছে৷ দলটোৰ আটাইতকৈ প্রবীণ আৰু অভিজ্ঞ নেতা তৰুণ গগৈয়ে তেওঁলোকৰ যিকোনো এজন বা দুজনক নেতা হিচাপে গঢ়ি তুলিব পাৰিলেহেঁতেন, আৰু সেইটো আছিল তেওঁৰ প্রধান নৈতিক দায়িত্ব৷ সেই দায়িত্ব পালন কৰাৰ পৰিৱর্তে তেওঁ দলৰ কোনো এজন নেতাকে মূৰ দাঙি উঠিবলৈ দিব নোখোজা কামবোৰহে এতিয়ালৈকে কৰি আছে৷ অতি কম সময়ৰ ভিতৰতে দলটোৱে নতুন শক্তি আহৰণ কৰি ২০২১ চনৰ নির্বাচন যুদ্ধৰ কাৰণে নিজকে প্রস্তুত কৰিব নোৱাৰিলে দলটোৱে বিজেপিক ৱাক–ভাৰ দিবলৈ বাধ্য হ’ব৷
এ আই ইউ ডি এফ অসমত এটা অনুপেক্ষণীয় ৰাজনৈতিক শক্তি৷ কিন্তু দলটোৰ এনেকুৱা শক্তি নাই যে তেওঁলোকে অকলেই শাসক দলক প্রত্যাহ্বান কৰিব পাৰিব৷ তেওঁলোকে কেৱল শাসক দলক প্রত্যাহ্বান কৰিব পৰা বা প্রত্যাহ্বান কৰিব খোজা আন যিকোনো দলক সমর্থন কৰি নিজৰ প্রাসংগিকতা প্রমাণ কৰিব পাৰে৷ যোৱা কেইবাবছৰ ধৰি এ আই ইউ ডি এফে কংগ্রেছৰ লগত মিত্রতা কৰিবলৈ বিচাৰি আছে৷ এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে এ আই ইউ ডি এফ কংগ্রেছৰ এটা স্বাভাৱিক মিত্র দল হ’ব পাৰে৷ মাত্র সৌ সিদিনা এন চি পিৰ শীর্ষ নেতা শৰদ পাৱাৰে দ্ব্যর্থহীন ভাষাৰে ঘোষণা কৰিছে যে বিজেপিক প্রতিহত কৰিবলৈ মুছলমানৰ ৰাজনৈতিক সমর্থন অপৰিহার্য৷ কিন্তু কিবা এটা ৰহস্যময় কাৰণত অসমত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নির্বাচনী মিত্রতা সম্ভৱ হৈ উঠা নাই৷ ফলত দুয়োটা দলেই ক্ষতিগ্রস্ত হৈছে৷
যোৱা প্রায় এবছৰ ধৰি এটা নতুন আঞ্চলিক দল গঠনৰ কুচকাৱাজ চলি আছে৷ কা–বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ কেইবামাহৰ আগৰ পৰাই যিকেইজন মানুহৰ মুখত আঞ্চলিক দলৰ প্রস্তাৱ শুনা গৈছিল, তেওঁলোক এতিয়া সম্পূর্ণ নীৰৱ হৈ পৰিছে৷ আন্দোলনে ভৰপক ধৰাৰ সময়ত আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতাসকলৰ মুখত এটা নতুন আঞ্চলিক দলৰ প্রস্তাৱ নতুনকৈ শুনা গ’ল৷ কিন্তু তাৰ পৰৱর্তী ঘটনাৱলীয়ে প্রমাণ কৰিলে যে এই নতুন প্রস্তাৱটোৰ প্রতি সর্বসাধাৰণ ৰাইজৰ আৰু কেইটামান জনগোষ্ঠীৰ স্বতঃস্ফূর্ত সমর্থন নাই৷ অনুমান হয় যে বেছিভাগ মানুহেই এটা নতুন আঞ্চলিক দলৰ প্রয়োজনীয়তা স্বীকাৰ কৰি লৈছে, কিন্তু তেনে এটা দল গঠনৰ কামত কেনেভাৱে আগবঢ়া উচিত আৰু কি কি প্রাথমিক পদক্ষেপ লোৱা উচিত, সেই বিষয়ে বিৰাট মত–পার্থক্য বিৰাজ কৰিছে৷ ধৰি লোৱা হওক যে সেই মত–পার্থক্যবোৰ দূৰ কৰি এটা নতুন আঞ্চলিক দল গঠন কৰাটো সম্ভৱ হ’ল কিন্তু মাত্র এবছৰ বা তাতকৈ কম সময়ৰ ভিতৰতে বিজেপিক প্রত্যাহ্বান কৰিব পৰাকৈ নতুন দলটোৱে প্রয়োজনীয় শক্তি আহৰণ কৰিব পাৰিবনে?
নতুন আঞ্চলিক দল গঠন কৰিব খোজা লোকসকলে প্রতিটো মুহূর্ততে এই কথা মনত ৰাখিব লাগিব যে তেওঁলোকে যিকোনো উপায়েৰে ২০২১ চনৰ বিধানসভাৰ নির্বাচনত জয়লাভ কৰিবই লাগিব৷ যদি সেই নির্বাচনত নতুন আঞ্চলিক দলটো পৰাস্ত হয়, তেন্তে আঞ্চলিকতাবাদৰ সর্বনাশ হ’ব৷ কা–বিৰোধী আন্দোলনত সংখ্যাগৰিষ্ঠ মানুহৰ সমর্থন নাই বুলি প্রমাণিত হ’ব আৰু বহুত কিবাকিবি ঘটনা ঘটিব৷ এই গোটেইবোৰ কথা বিবেচনা কৰি এই কথা ক’ব লাগিব যে নতুন আঞ্চলিক দল গঠন কৰিবলৈ লোৱা প্রতিটো পদক্ষেপত থাকিব লাগিব নির্মল দূৰদৃষ্টি, গভীৰ বহুদর্শী চিন্তা আৰু অন্তহীন সতর্কতা৷

You might also like