নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে কংসসদৃশ আচৰণ কৰিছে এজেপিক

এজেপিৰ সমন্বয়ক–প্রাক্তন মন্ত্রী জগদীশ ভূঞা

 নৱগঠিত অসম জাতীয় পৰিষদক লৈ আপুনি কিমান আশাবাদী?
গভীৰ আশাবাদী৷ এই নতুন ৰাজনৈতিক দলটোৱে অসমৰ সকলো জনসাধাৰণৰ আৱেগ, হূদয়ৰ   চিন্তা প্রতিফলিত কৰাই আগবাঢ়ি যাব বুলি দৃঢ়তাৰে বিশ্বাস কৰোঁ৷

 আছু, যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠিত নতুন ৰাজনৈতিক দলটোৱে কৃষক মুক্তি সংগ্রাম সমিতি আদিক উপেক্ষা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ তদুপৰি ক্ষুদ্র ক্ষুদ্র অন্যান্য আঞ্চলিক ৰাজনৈতিক দলৰ সৈতেও মত বিনিময় কৰি একেটা ছাতিৰ তলত সমৱেত কৰোৱাৰ পদক্ষেপ গ্রহণ কৰা দেখা নগ’ল৷ এনে অৱস্থাত নতুন দলটোৱে অসমৰ সকলো জনসাধাৰণৰ আৱেগ, হূদয়ৰ চিন্তা প্রতিফলিত কৰিব বুলি কেনেকৈ ভাবিছে?

    অহা ২০২১ চনৰ বিধানসভা নির্বাচনত আমি সকলো আঞ্চলিক দল ঐক্যবদ্ধ হৈ যুঁজৰ বাবে আগবাঢ়িম৷ যিসমূহ আঞ্চলিক দলৰ ৰাষ্ট্রীয় দল আৰু সাম্প্রদায়িক দলৰে সম্পর্ক নাই, সেইসমূহ দলৰে ঐক্যবদ্ধ হৈ নির্বাচনী যুঁজৰ বাবে আগবাঢ়িম৷ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰাজনৈতিক পৰিধিৰ বাহিৰত থাকি দলটো গঠনৰ উদ্যোগ লৈছে৷ পূর্বতে ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত কৰি দল গঠন সম্পর্কত পদক্ষেপ লোৱাৰ কথা আছিল যদিও ক’ৰোনা কালৰ বাবে সেয়া সম্ভৱপৰ নোহোৱাত পৰামর্শদাতা কমিটী গঠন কৰি দিয়ে৷ যিদিনাই পৰামর্শদাতা কমিটী গঠন কৰা হয়, সেই দিনাই আছু আঁতৰি গৈছে৷ তদুপৰি এতিয়াও দলটো গঠন হোৱা নাই, দলৰ নামহে ঘোষণা কৰা হৈছে৷ অহা নৱেম্বৰ মাহৰ প্রথম সপ্তাহত ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত হ’ব আৰু সেই অভিৱর্তনতে পূর্ণাংগ ৰূপত দলটো গঠন হ’ব৷ তাৰ পিছতহে ৰাজনৈতিক ৰূপৰেখাৰ কাম আৰম্ভ হ’ব৷ বর্তমান সাংগঠনিক ভেটি নির্মাণৰ কাম–কাজহে চলি আছে৷ দলটো গঠনৰ পিছতেই যিকোনো প্রচেষ্টাৰে ৰাষ্ট্রীয় আৰু সাম্প্রদায়িক দলৰে সম্পর্ক নথকা সকলো আঞ্চলিক দলক ঐক্যবদ্ধ কৰিবলৈ অসম জাতীয় পৰিষদ সংকল্পবদ্ধ৷

 আপোনালোকে ইতিমধ্যে কংগ্রেছৰ মহাজোঁট গঠনৰ প্রস্তাৱ প্রত্যাখ্যান কৰি কংগ্রেছৰে মিত্রতা নকৰাৰ দৃঢ় স্থিতি ঘোষণা কৰিছে৷ কিন্তু কংগ্রেছ, এআইইউডিএফক বাদ দি অহা বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটক প্রতিহত কৰাটো সম্ভৱপৰ হ’ব জানো?

নিশ্চিতভাৱেই সম্ভৱ৷ অসমৰ অধিকাংশ মানুহেই জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী৷ এনে অৱস্থাত সকলো ৰাইজ ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিলে অসম্ভৱ বুলি কোনো কথা নাই৷ নির্বাচনত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হ’ব৷

 ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ পৰিণতিত জন্ম হোৱা অগপ দলে দুবাৰকৈ ৰাজ্যৰ শাসনভাৰ দখল কৰে যদিও একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল৷ এনে প্রেক্ষাপটত অসম জাতীয় পৰিষদে, যিটো দলৰ নামহে ঘোষণা হৈছে, দল পূর্ণাংগ ৰূপত গঠন হোৱাই নাই, কেনেকৈ ভাবিব পাৰিছে চৰকাৰ গঠনৰ কথা৷ ইয়াৰ ভিত্তি কি?

 একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো সুকীয়া কথা৷ অগপই বিভিন্ন দলৰে মিত্রতা কৰি নির্বাচনত অৱতীর্ণ হৈছিল৷ বর্তমানৰ ৰাজ্যৰ বিজেপি চৰকাৰেও যোৱা বিধানসভা নির্বাচনত মেজিক নম্বৰ ৬৪ লাভ কৰা নাই৷ প্রবল মোদী ঢ়ৌ, কংগ্রেছৰ ১৫ বছৰীয়া শাসনৰ প্রতিষ্ঠানবিৰোধী ঢ়ৌৰ পিছতো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰ মেজিক নম্বৰ ৬৪ পোৱা নাই৷ তদুপৰি ১৯৮৫ চনত অগপক অন্যান্য ভাষা–ভাষিক লোকে বিশ্বাসত লোৱা নাছিল৷ কিন্তু এইবাৰ আমি বৃহত্তৰ জাতি–জনগোষ্ঠীক ঐক্যবদ্ধ কৰি আগবাঢ়িম৷ আমি ‘ইনক্লুছিভ’ জাতীয়তাবাদ কৰিম৷ অসমক ভাৰতৰ ভিতৰত শক্তিশালী, সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে সকলো ভাষা–ভাষী, ধর্মাৱলম্বী লোকক ঐক্যবদ্ধ কৰি আগবাঢ়িম, যি পৰিকল্পনাই সকলোৰে আশা–আকাংক্ষা ৰূপায়ণ কৰিব৷ এই বিষয়ত আমি গভীৰ আত্মবিশ্বাসী৷

 অহা বিধানসভা নির্বাচনত আপোনালোকৰ দলে কিমানটা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব?

 সেই সিদ্ধান্ত, সেই কথা মই এতিয়াই কৈ দিয়াটো উচিত নহ’ব৷ অহা নৱেম্বৰ মাহত দল পূর্ণাংগ ৰূপত গঠনৰ পিছত চূড়ান্ত কৰিব৷ নিশ্চিতভাৱে আমাৰ সন্মিলিত শক্তিয়ে ১২৬খন আসনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

 আপুনি ইতিমধ্যে ৰাষ্ট্রীয় আৰু সাম্প্রদায়িক দলৰে সম্পর্ক নথকা আঞ্চলিক দল আৰু বিভিন্ন ভাষা–ভাষীৰ জাতি–জনগোষ্ঠীৰে ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ কথা কৈছে৷ এইক্ষেত্রত ‘বিগ ব্রাদাৰ’ আপোনালোকেই নহ’ব জানো?

আমি উমৈহতীয়া আৰু সামূহিক চিন্তাধাৰাৰে পৰিচালিত হ’ম৷ আমাৰ ওচৰত কোনো বিগ ব্রাদাৰ, স্মল ব্রাদাৰৰ কথা নাই৷

 আপোনালোকৰ প্রধান নির্বাচনী ইছ্যু কি হ’ব?

জাতীয় সমস্যাৰ সমাধান, ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত, সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত৷ সেইদৰে ছাত্র–যুৱকৰ সুৰক্ষিত ভৱিষ্যতৰ ৰূপৰেখা নির্মাণ, মহিলাৰ সুৰক্ষা আৰু সবলীকৰণ, কৃষকৰ সপোন বাস্তৱায়িত কৰি আর্থিক উন্নয়ন, কৃষিভিত্তিক বুনিয়াদ নির্মাণ, শ্রমিকৰ উন্নয়ন ইত্যাদি৷ তদুপৰি জাতিৰ অস্তিত্ব আৰু সম্ভাৱনাপূর্ণ ভাবুকিৰ বিপৰীতে ৰক্ষাকৱচ প্রস্তুত কৰা৷

 একেই বিষয়বোৰ দেখোন বিজেপিয়েও কৈ আহিছে?

যোৱা ৫ বছৰত কিমান ৰূপায়ণ কৰিলে আমি দেখা পাইছোঁ৷ ২০১৪ চনৰ ১৬ মে’ৰ পিছত বিদেশীয়ে টালি–টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি কোৱা হৈছিল৷ কিন্তু আজিলৈ এজনো নগ’ল৷ বৰং ‘কা’ৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি এতিয়া নদীবান্ধ নির্মাণৰ ক্ষেত্রত সর্বশক্তি প্রয়োগ কৰিছে৷ চূড়ান্ত এন আৰ চি প্রকাশৰ পিছতো সেইখন ৰূপায়ণৰ বাবে কোনো পদক্ষেপ নল’লে৷ সম্পদ লুণ্ঠনৰ পথ আজিও বন্ধ নহ’ল৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈও চৰকাৰখনে ৰাইজক আভুৱা–ভাঁৰি আছে৷ চুক্তিখনৰ ৬নং দফাটো হৈছে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অসমে বিদেশীৰ বোজা গ্রহণ কৰাৰ ফলত ৰাজ্যখনত জনগাঁথনিত যি প্রভাৱ পৰিব, সেয়া সুৰক্ষিত কৰাৰ ব্যৱস্থাহে৷ কিন্তু বিজেপিৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কার্যকাল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথম পাঁচ বছৰীয়া কার্যকালত এই বিষয়ত কোনো পদক্ষেপ লোৱা নহ’ল৷ ‘কা’ অনাৰ পিছত ৰাইজৰ মাজত হোৱা ক্ষোভ, অসন্তুষ্টি, প্রতিক্রিয়া প্রশমিত কৰাৰ বাবে ৬নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় কমিটী এখন গঠন কৰি দিয়ে৷ কিন্তু বিগত ছমাহে সেই কমিটীৰ প্রতিবেদন দিল্লী গৈ নাপালে৷ অথচ সেই কমিটী গঠনৰ সময়ত কেন্দ্রীয় গৃহমন্ত্রীয়ে কৈছিল– সেই কমিটীৰ প্রতিবেদন দাড়ি–কমা নকটাকৈ ৰূপায়ণ কৰিব৷ এতিয়া প্রতিবেদন গ্রহণৰেই সময় নাই৷ ইয়াতেই ওলাই পৰিছে বিষয়টোক লৈ চৰকাৰ কিমান ছিৰিয়াছ৷

 অহা নির্বাচনত আপোনালোকৰ প্রধান প্রতিদ্বন্দ্বী কোন হ’ব বিজেপি নে কংগ্রেছ?

নিশ্চিতভাৱে বিজেপিয়ে হ’ব৷ কিন্তু প্রতিদ্বন্দ্বী কোন হ’ব, সেয়া বিচাৰ–বিবেচনা কৰাতকৈ আমি সবলভাৱে প্রতিদ্বন্দ্বিতা কৰাতহে আগ্রহী৷

ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভৱিষ্যদ্বাণী কৰি কৈছে আপোনালোকে প্রতিটো সমষ্টিত ৭০০–১৫০০ ভোটহে লাভ কৰিব৷ এই সম্পর্কত আপুনি কি কয়?

 বিজেপিয়ে কৃষ্ণ জন্ম নৌহওঁতেই কংসৰ ভূমিকা পালন কৰাৰ দৰে হৈছে৷ আমাৰ দলৰ জন্ম হোৱাই নাই, নামটোহে ঘোষণা হৈছে৷ কিন্তু বিজেপিয়ে এতিয়াই কংসসদৃশ আচৰণ কৰিবলৈ আৰম্ভ কৰিছে৷ আচলতে অসম জাতীয় পৰিষদ নামটোৱে বিজেপিৰ মন আৰু মগজুত প্রত্যাহ্বান সৃষ্টি কৰিছে৷ এয়াই আমাৰ সফলতা৷

 আপোনালোকৰ দলে যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, মুখ্যমন্ত্রী কোন হ’ব?

 ব্যক্তিকেন্দ্রিক ধ্যান–ধাৰণাৰে আমাৰ দল পৰিচালিত নহয়৷ সমূহীয়া চিন্তাধাৰাৰে দল আগবাঢ়িব৷ মুখ্যমন্ত্রী কোন হ’ব, সেয়া সমূহীয়া চিন্তাধাৰাৰে নির্বাচনৰ পিছত নিৰূপণ কৰিব৷

 নির্বাচনী ফলাফলত যদিহে আপোনালোকে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, তেতিয়াহ’লে আপোনালোকৰ স্থিতি কি হ’ব? কংগ্রেছৰ সৈতে মিত্রতা কৰি বিজেপিক প্রতিহত কৰিব নে সম্পূর্ণ নির্বিকাৰ ভূমিকা পালন কৰিব?

তেনে ঋণাত্মক চিন্তাধাৰা আমাৰ নাই৷ আমি চৰকাৰ গঠনৰ আত্মবিশ্বাসেৰে আগবাঢ়ি যাম৷

সাক্ষাৎগ্রহণকাৰীৰ ফোন ৮৬৩৮৪–৪৫৭৭৪

You might also like