নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফে ৫৬খন আসনত জয়লাভ কৰাটো নিশ্চিত

সাক্ষাৎগ্রহণ: গুণজিৎ ভট্টাচাৰ্য

অসম আন্দোলনৰ পিছত বিগত ২৫ বছৰ ধৰি আপুনি ৰাজনীতিত প্রত্যক্ষভাৱে জড়িত৷ কংগ্রেছৰ ৰাজনৈতিক কৌশল নির্ধাৰণৰ আপুনি অন্যতম নেতা হিচাপে পৰিচিত আছিল৷ সুদীর্ঘ এই ৰাজনৈতিক জয়যাত্রাৰ পিছত যোৱা দুটাকৈ নির্বাচনত পৰাজয় হ’ল৷ ইয়াৰ কাৰণ কি?
: চাওক, মই জীৱনত ইয়াৰ পূর্বে কোনো নির্বাচনতে পৰাজিত হোৱা নাছিলোঁ৷ মোৰ নিজৰ সমষ্টি ঢ়কুৱাখনাৰ ভোটাৰে মোক পাঁচটা কার্যকালৰ বাবে নির্বাচিত কৰিছে৷ কিন্তু যোৱা ২০১১ আৰু ২০১৬ চনৰ নির্বাচনত ভোট বিভাজনে মোক পৰাজিত কৰিলে৷ আপুনি লক্ষ্য কৰিব, ২০১১ চনত কংগ্রেছবিৰোধী শিবিৰ এক হোৱা বাবে পৰাজিত হ’লোঁ৷ ইয়াৰ পূর্বে ধেমাজি জিলাৰ গণশক্তিৰ ভোট কংগ্রেছে লাভ কৰি আছিল৷ কিন্তু দুটা নির্বাচনত গণশক্তিয়ে বিজেপি–গপৰ সমর্থনত থিয় দিয়াত প্রায় ২০–২২ হাজাৰ ভোটৰ সমর্থন মই হেৰুৱাইছিলোঁ৷ এতিয়াও কংগ্রেছ ভোট এক হৈ আছে৷ ভোটাৰৰ কিছু অসন্তুষ্টি আছে, কিন্তু কংগ্রেছ সমর্থকৰ এতিয়াও মই পছন্দৰ প্রার্থী৷ ২০২১ চনৰ নির্বাচনত নিশ্চিতভাৱে মই প্রত্যাৱর্তন কৰিম৷ একাংশই মোক সমষ্টি সলনিৰ বাবেও পৰামর্শ দিছে যদিও ঢ়কুৱাখনাই মোৰ প্রথম পছন্দ৷ কোনো কাৰণতে এই সমষ্টিৰ পৰা মই আঁতৰি নাযাওঁ৷

দুটাকৈ নির্বাচনত বিপর্যয়ৰ পিছত আপুনি বিজেপিত যোগদানৰ কুচকাৱাজ চলাইছে বুলি চর্চা চলিছে৷ ২০২১ চনৰ নির্বাচনৰ পূর্বে তেনে সম্ভাৱনা আছে নেকি? ইতিমধ্যে আপোনাৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহেও বিজেপিৰ প্রতি নৰম দৃষ্টিভংগী দেখুওৱা পৰিলক্ষিত হৈছে৷ কি কয় আপুনি?
: জীৱনে–মৰণে মই কংগ্রেছৰ৷ ৰাজনীতি কৰিলে কংগ্রেছৰ পৰাই কৰিম৷ বিজেপিলৈ যোৱাৰ বিষয়টোক লৈ কিছু ভুৱা প্রচাৰ চলিল৷ বিশেষকৈ ৰাজ্যসভাৰ উপ–সভাপতিৰ যোৱাটো নির্বাচনত সংসদত দেৰিকৈ উপস্থিত হোৱা বাবে ৰাণী নৰহে ভোট দিব নোৱাৰিলে৷ যাৰ বাবে একাংশই বিজেপিৰ প্রার্থীক জয়যুক্ত কৰাত সহায় কৰা বুলি প্রচাৰ চলাইছিল৷ সেয়া কেতিয়াও নহয়৷ মই আৰু পত্নী এতিয়াও কংগ্রেছীয়েই৷

২০১১ চনলৈ কংগ্রেছৰ ৰাজনৈতিক কৌশল নির্ধাৰণৰ আপুনি অন্যতম হোতা হিচাপে পৰিগণিত হৈ আছিল৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সন্মুখীন হোৱা সংকটৰ সময়ত আপুনি বিশেষ কৌশলেৰে চৰকাৰ বচাবলৈ সক্ষম হৈছিল৷ বর্তমান কংগ্রেছৰ স্থিতি কেনে? ২০২১ চনত কংগ্রেছ ক্ষমতালৈ আহিবনে? আপুনি কিমান দূৰ নিশ্চিত?
:ৰাজনীতি তথা নির্বাচনী সমীকৰণ এতিয়াও স্পষ্ট হোৱা নাই৷ কিন্তু কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই ক্ষমতালৈ অহাৰ ক্ষেত্রত কংগ্রেছৰ পথ যথেষ্ট প্রশস্ত কৰিছে৷ এই মুহূর্তত নির্বাচন হ’লে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রজোঁটে ৫৬খন আসন দখল কৰিব৷ আনহাতে, বিপিএফ আৰু ইউপিপিএলৰ মাজত ১২খন আসন আবদ্ধ থাকিব৷ গতিকে সেই সমীকৰণেৰে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম৷

কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে সহজভাৱে গ্রহণ কৰিবনে? এআইইউডিএফৰ জন্মৰ কাৰণ আপুনি জানে৷ বংগীয় মূলৰ মুছলমান লোকসকলৰ আৱেগ–নুভূতিক লৈ এই দলটোৰ জন্ম হৈছে৷ এই মিত্রতাই কংগ্রেছৰ ধর্মনিৰপেক্ষ চৰিত্রক নস্যাৎ নকৰিবনে?
: চাওক, ৰাজনীতিৰ দিশটো কিছু পৃথক৷ আপুনি কোৱাৰ দৰে খিলঞ্জীয়া লোকৰ অসন্তুষ্টিয়ে মই ইতিমধ্যে উল্লেখ কৰা ৫৬খন আসনত কোনো প্রভাৱ নেপেলায়৷ এই আসনকেইখন কংগ্রেছ–এআইইউডিএফে দখল কৰাটো নিশ্চিত৷ মই ভাবোঁ, উজনি অসমতো এই মিত্রতাই কোনো প্রভাৱ নেপেলাব৷ ইয়াৰ কাৰণ মই আপোনাক দাঙি ধৰোঁ৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বিপৰীতে উজনি অসমত বিজেপিৰ প্রতাৰণাক লৈহে ৰাইজ ক্ষুব্ধ৷ ‘কা’ বলৱৎ কৰা, বাংলাদেশক ভূমি নিদিবলৈ যিটো দলে ভাৰত বন্ধ দিছিল, সেই দলৰ ওলোটা খৰ, অসম চুক্তিক নস্যাৎ কৰা– এই বিষয়বোৰক লৈহে ৰাইজ ক্ষুব্ধ৷ ক’ৰোনাৰ বিভীষিকাই বিজেপিক বহু পৰিমাণে সকাহ দিলে৷ ক’ৰোনা ভাইৰাছৰ আগমন নঘটিলে উজনিত বিজেপিৰ কার্যালয়ত তলা ওলমিল হয়৷ ক’ৰোনাৰ সংক্রমণ নোহোৱাহেঁতেন বিজেপিৰ বহু বিধায়ক–নেতাই অন্য দলক যোগ দিলেহেঁতেন৷ এই মহামাৰীয়ে দলটোক কিছু বচালে৷ কিন্তু ৰাইজৰ ক্ষোভ মাৰ যোৱা নাই৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ উজনিত ৰাইজে বিশেষ প্রতিক্রিয়া দেখুওৱা নাই৷ গতিকে এই মিত্রতাই আমাৰ ওপৰত কোনো নেতিবাচক প্রভাৱ নেপেলায়৷

২০২১ চনৰ নির্বাচনৰ বতাহ বলাৰ সময়তে আছু–জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হ’ল অসম জাতীয় পৰিষদ৷ এই নতুন দলটোৱে নির্বাচনত কি প্রভাৱ পেলাব? কংগ্রেছক ক্ষতিগ্রস্ত কৰিব নেকি?
: নতুন দলক লৈ কংগ্রেছ ভীতিগ্রস্ত হ’বলৈ একো নাই৷ মই উল্লেখ কৰা ৫৬ আসনত নতুন দলে তিলমাত্রও প্রভাৱ বিস্তাৰ কৰিব নোৱাৰে৷ উজনিত ১৫খন আসনত এই নতুন দলে প্রত্যাহ্বান সৃষ্টি কৰিব আৰু ইয়াৰ বাবে ক্ষতিগ্রস্ত হ’ব বিজেপি৷ বিজেপি আৰু নতুন দলৰ যুঁজৰ মাজতে কংগ্রেছৰ সম্ভাৱনা নথকা বহুকেইটা সমষ্টিত আমি জয়ী হ’বলৈ সক্ষম হ’ম৷ নামনি অসমত নতুন দলৰ কোনো প্রভাৱ নাই আৰু কংগ্রেছৰ বাবে এই দলে কোনো প্রত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে৷

২০২১ চনৰ নির্বাচনৰ বাবে ব্যাপক কুচকাৱাজ আৰম্ভ হৈছে৷ বিজেপিয়েও এইবাৰ ১০+ আসনৰ লক্ষ্য বান্ধি লৈছে৷ ইয়াৰ বাবে বিভিন্ন আঁচনিৰে ভোটাৰক আকর্ষিত কৰাৰ চেষ্টা চলাইছে৷ শাসকীয় দলটোৰ এনে তৎপৰতাৰ বিপৰীতে কংগ্রেছ বহু পৰিমাণে স্তিমিত হৈ আছে৷ কি কয় আপুনি? অগপৰ স্থিতি কি হ’ব?
: মই আগতেই উল্লেখ কৰিছোঁ যে আজিৰ তাৰিখতো যদি নির্বাচন হয়, কংগ্রেছ–এআইইউডিএফে ৫৬খন আসন দখল কৰাটো নিশ্চিত৷ ইয়াৰে ৪২খন আসন কংগ্রেছে আৰু ১৪খন আসন এআইইউডিএফে দখল কৰিব৷ উজনিত বিজেপিক ক্ষতিগ্রস্ত কৰিব নতুন দলে৷ তদুপৰি এইবাৰ ১৫ শতাংশ ভোট বিজেপিৰ বিপক্ষে যোৱাটো নিশ্চিত৷ এই ১৫ শতাংশ ভোটাৰ কোনো দলৰ নহয়৷ ইছ্যুভিত্তিক ভোটদান কৰা এই ১৫ শতাংশই৷ বিগত নির্বাচনত এই ১৫ শতাংশই বিজেপিক ভোট দিছিল৷ কিন্তু প্রতিটো ক্ষেত্রতে বিজেপিয়ে ওলোটা খৰ মৰাৰ বাবে এইবাৰ এই ১৫ শতাংশ ভোট নতুন দলে অথবা আমি লাভ কৰিম৷ বিজেপিৰ হিতাধিকাৰী আঁচনিয়ে কংগ্রেছ–এআইইউডিএফৰ্ ৫৬খন আসনত কোনো প্রভাৱ নেপেলায়৷ উজনি অসমত কিছু আসনত বিজেপিয়ে ইয়াৰ সুফল পাব পাৰে৷ আনহাতে, অগপ এইবাৰ অভাৱনীয়ভাৱে লোকচানৰ সন্মুখীন হ’ব৷ দলটোৰ আসন ৫খনলৈ হ্রাস পাব৷ উজনিত আমগুৰি, নাহৰকটীয়া, দেৰগাঁও এইবাৰ কংগ্রেছে দখল কৰিব৷ বঢ়মপুৰ, কলিয়াবৰ, বোকাখাত, পাটাছাৰকুছি আৰু বঙাইগাঁও– এই পাঁচখন আসনতে অগপ আবদ্ধ থাকিব৷

কিন্তু বিজেপিয়ে তেওঁলোকৰ ৪২ লাখ সদস্যৰ জৰিয়তে ৮৪ লাখ ভোট সংগ্রহৰ লক্ষ্য বান্ধি লৈছে৷ তদুপৰি নতুন হিতাধিকাৰী আঁচনিৰে উজনিৰ চাহ জনগোষ্ঠীৰ ভোট নিজৰ সমর্থনলৈ অনাত প্রায়

সক্ষম হৈছে৷ কংগ্রেছ ক্ষতিগ্রস্ত নহ’বনে?
: বিজেপিয়ে হিতাধিকাৰী আঁচনিৰ জৰিয়তে ৪২খন আসনহে দখল কৰিব পাৰিব৷ তেওঁলোকে দাবী কৰা ধৰণে ৪২ লাখ সদস্যৰ অধিকাংশই নতুন দললৈ যোৱাৰ সম্ভাৱনা আছে৷ এইবাৰ তেওঁলোকে পাহাৰীয়া জিলা দুখন আৰু বৰাকত ব্যাপক লোকচানৰ সন্মুখীন হ’ব৷ কার্বি আংলঙত দুখন আৰু বৰাকত চাৰিখন আসন লাভ কৰিব৷ তেওঁলোকে দাবী কৰা ধৰণে উজনিতো কংগ্রেছে চাহ অধ্যুষিত সমষ্টি এইবাৰ বিজেপিৰ পৰা কাঢ়ি আনিব পাৰিব৷ ডুমডুমা, নাহৰকটীয়া, তিনিচুকীয়া আদি কেইবাটাও সমষ্টি এইবাৰ কংগ্রেছে দখল কৰিব৷

এইবাৰ নির্বাচনত কংগ্রেছৰ ইছ্যু কি হ’ব?
: বিজেপিৰ দুর্নীতি হ’ব এইবাৰ নির্বাচনৰ মূল ইছ্যু৷ কৃষি বিভাগত হোৱা হিতাধিকাৰী নির্বাচন, পঞ্চায়তত যোগ্য প্রার্থীক বঞ্চিত কৰি পৰিয়ালৰ লোকক নিযুক্তি দিয়া– এই বিষয়বোৰ ৰাইজে পাহৰা নাই৷ একমাত্র এপিএছচি কেলেংকাৰিৰ তদন্তক লৈয়ে বাহ্ বাহ্ ল’ব খোজা বিজেপিৰ এই কার্যকালত হিতাধিকাৰীৰ তালিকা প্রস্তুতক লৈ সর্বাধিক দুর্নীতি হৈছে৷ গাঁৱে গাঁৱে এই দুর্নীতিক লৈ এতিয়া ৰাইজ ক্ষুব্ধ৷ এইবোৰেই কংগ্রেছৰ নির্বাচনী ইছ্যু হ’ব৷

অগপই আঞ্চলিকতাবাদৰ যি ক্ষতি কৰিলে, তাৰ পিছত পুনৰ আন এক আঞ্চলিক শক্তিক ৰাইজে আদৰি ল’বনে? কংগ্রেছে নতুন দলৰ সৈতে মিত্রতা কৰিবলৈ কিমান আগ্রহী?
:এটা কথা ঠিক যে নতুন দলটোৱে একে সময়তে বিজেপি আৰু কংগ্রেছক পৰাজিত কৰিব নোৱাৰে৷ হয়, তেওঁলোকে বিজেপিক উফৰাব পাৰিব নতুবা কংগ্রেছক পৰাজিত কৰিব পাৰিব৷ কিন্তু বর্তমানৰ প্রেক্ষাপটত নতুন দলটোৱে বিজেপিৰ বাবেহে প্রত্যাহ্বান সৃষ্টি কৰিছে৷ আনহাতে, আপুনি কোৱাৰ দৰে ৰাইজে আঞ্চলিকতাবাদী শক্তি বুলি নতুন দলক এতিয়াই গ্রহণ কৰাৰ সম্ভাৱনা নাই৷ কিয়নো নতুন দল এতিয়াও শক্তি হিচাপে পৰিগণিত হোৱা নাই৷ কংগ্রেছে অসমৰ আঞ্চলিকতাবাদৰ বিৰুদ্ধে এতিয়ালৈ কোনো পদক্ষেপ লোৱা নাই বা বিৰুদ্ধাচৰণো কৰা নাই৷ ইয়াৰ বিপৰীতে বিজেপিয়ে অসম চুক্তিক নস্যাৎ কৰাৰ লগতে অসমবিৰোধী পদক্ষেপ গ্রহণ কৰিছে৷ গতিকে নতুন দলক ৰাইজে বিজেপিৰ বিকল্প হিচাপেহে কিছু পৰিমাণে সমর্থন দিব পাৰে৷

You might also like