নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্মূল হওক শিশু শ্রমিক; বিপন্ন শৈশৱ

শিশু শ্রমিক এক সামাজিক প্রত্যাহ্বান

আন্তর্জাতিক প্রেক্ষাপটত বিশ্ব সম্প্রদায়ে কিয় শিশু শ্রমিক নিয়োগৰ বিপক্ষে থিয় দিব লগা হৈছে, সেই বিষয়ে যথেষ্ট পর্যালোচনাৰ আৱশ্যক৷ সংযুক্ত ৰাষ্ট্রসংঘৰ ৱেবছাইটৰ তথ্য অনুসৰি, প্রায় ১৫২ মিলিয়ন শিশু শ্রমিকক জোৰ–জুলুম কৰি শ্রমৰ গধুৰ বোজা জাপি দিয়া হৈছে৷ এইসকলৰ ভিতৰত প্রায় ৭২ মিলিয়ন শিশু শ্রমিক বিপদসংকুল কামত সাঙোৰ খাব লগা হৈছে৷ তদুপৰি এক নির্ভৰযোগ্য মাধ্যমত প্রকাশিত তথ্য অনুসৰি, ৫–১১ বছৰ বয়সৰ প্রায় ৪৮ শতাংশ শিশুৱেই শ্রমিক, ১২–১৪ বছৰ বয়সৰ ২৮ শতাংশ আৰু ১২–১৭ বছৰৰ ২৪ শতাংশ শিশুৱেই শ্রমিক৷ ভাৰতত ৰাষ্ট্রীয় লোকপিয়লৰ পৰিসংখ্যা মতে দেশৰ সর্বমুঠ ২৫৯.৬৪ নিযুত শিশুৰ ভিতৰত ৫–৬ বছৰ বয়সৰ শিশু শ্রমিকৰ সমস্যা একক সমস্যা নহয়৷ বিশ্বব্যাপী প্রায় ২১৭ নিযুত শিশুৱেই পূর্ণকালীন শ্রমক্ষেত্রত নিযুক্ত হৈ আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, নিয়োগকর্তাই বহু শিশুক কামত নিয়োজিত কৰি সিহঁতক যথোপযুক্ত শিক্ষা, স্বাস্থ্য, জিৰণি আৰু ব্যক্তি স্বাধীনতা উপভোগ কৰাৰ পৰা বঞ্চিত কৰিছে৷ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’, অসমৰ দ্বাৰা প্রকাশিত তথ্য অনুসৰি আমাৰ দেশৰ শিশু শ্রমিকৰ অৱস্থিতিৰ ক্ষেত্রত যোৱা তিনি বছৰত অসমৰ স্থান ১৩৷ চৰকাৰীভাৱে উদ্ধাৰ কৰা নির্যাতিত শিশু শ্রমিকৰ সংখ্যাও ২০১৬ৰ ৩৮৪ৰ পৰা ২০১৮ত ৮১০টালৈ বৃদ্ধি হয়৷ অসমৰ শিশু শ্রমিক সম্পর্কে চলোৱা আন এক অধ্যয়নৰ তথ্য অনুসৰি দৰিদ্রতা, অভিভাৱকহীনতা, মাক–বাপেকৰ বিচ্ছেদ, খাদ্যৰ অভাৱেই শিশু শ্রমিক বৃদ্ধিৰ প্রধান কাৰণ৷ তদুপৰি নিয়োগকর্তাই চলোৱা নিষ্পেষণ, শিশু শ্রমিকৰ সৰবৰাহ আৰু বাল্য বিবাহো পূৰাদমে অসমত চলি আছে৷ এছ অ’ এছ শিশুগ্রাম, গুৱাহাটীৰ প্রাক্তন সঞ্চালক মিঃ কার্ডলে তেওঁৰ গৱেষণাত প্রকাশ কৰা তথ্য অনুসৰি, দৰিদ্রতাই শিশু শ্রমিকৰ অপ্রতিৰোধ্য বিস্তৃতিৰ অন্যতম কাৰণ৷ ১২ জুনত বিশ্বজুৰি অনুষ্ঠিত বিশ্ব শিশু শ্রমিক দিৱসৰ বিষয়বস্তু আৰু উদ্দেশ্য আছিল ক’ভিড–১৯ আৰু এতিয়াৰ পৰা শিশুসকলৰ ভৱিষ্যৎ জীৱন এই অতিমাৰীৰ পৰা সকলো প্রকাৰে ৰক্ষণাবেক্ষণ দিয়া৷ বিশ্বজুৰি থকা শিশু শ্রমিকৰ সমস্যা সমাধানৰ বাবে কেইটামান উপায় পর্যালোচনা কৰাটো অতিকৈ প্রাসংগিক৷
১৷ ৰাষ্ট্রীয় পর্যায়ত শিশু শ্রমিকৰ বিষয়ে পর্যালোচনা৷ ২৷ শ্রমৰ বজাৰত নিয়োগকর্তাক কঠিন চর্ত আৰোপ কৰা৷
৩৷ কর্মচাৰীৰ আচল বয়স তথ্যসহ নিৰূপণ কৰা৷ ৪৷ বিপদসংকুল নিয়োগৰ ক্ষেত্রবোৰ নিৰূপণ৷ ৫৷ বিপদসংকুল কর্মক্ষেত্রৰ পৰা শিশু শ্রমিক উদ্ধাৰ আৰু সংস্থাপন৷
৬৷ কামৰ সময় নির্ধাৰণ৷
শিশু শ্রমিক উদ্ধাৰ আৰু নির্মূলকৰণৰ বাবে নির্ভৰযোগ্য অস্ত্র হ’ল– ১৯৮৬ চনৰ চাইল্ড এণ্ড এডলোচেণ্ট প্রহিবিচন এণ্ড ৰেগুলেচন এক্ট৷ এই আইনখন প্রণয়ন হোৱা বহু বছৰ হ’ল যদিও প্রয়োগৰ ক্ষেত্রত আশানুৰূপ ফল ৰাইজে পোৱা নাই৷ সম্প্রতি শিশু শ্রমিকৰ সমস্যা অতি জটিল হৈ পৰিছে৷ কাৰণ বিভাগীয় চৰকাৰৰ এনফ’চমেণ্ট মেচিনেৰীৰ দ্বাৰা ইয়াৰ পুলি–পোখা নির্মাণ কৰাটো প্রায়োগিক ক্ষেত্রত সম্ভৱপৰ হৈ উঠা নাই৷ সেয়েহে কেন্দ্রীয় চৰকাৰৰ নির্দেশ অনুসৰি প্রতি ৰাজ্যতে জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ শ্রম বিভাগে জিলা পর্যায়ত টাস্ক ফ’চ গঠন কৰিছে৷ উপায়ুক্তৰ অধ্যক্ষতাত চৰকাৰী ন’ডেল অফিচাৰ, সহকাৰী শ্রম আয়ুক্ত, সমাজকল্যাণ বিভাগৰ শিশু শ্রমিক কল্যাণ সমিতিক সদস্য হিচাপে লৈ সমিতিৰ দ্বাৰা নির্ধাৰিত সময়ত শিশু শ্রমিক নিয়োগ, উদ্ধাৰ আৰু পুনৰ সংস্থাপন আদিৰ বিষয়ে পর্যালোচনা কৰি আৱশ্যকীয় বিধিব্যৱস্থা গ্রহণ কৰা হয়৷ কোৱা বাহুল্য মাথোন যে আমাৰ দেশত শিশু শ্রমিক উদ্ধাৰ আৰু নির্মূলকৰণৰ ক্ষেত্রত জনসাধাৰণৰ সজাগতা, এনজি’সমূহৰ সক্রিয় ভূমিকা আৰু ছপা মাধ্যমৰ প্রাসংগিকতাও অপৰিহার্য৷ উল্লেখনীয় যে অনুসন্ধানমূলক সাংবাদিকতাৰ নিৰপেক্ষ দায়িত্ব আৰু ভূমিকা সকলোৰে বাবে আদৰণীয় হোৱা বাঞ্ছনীয়৷

শিশুৰ অধিকাৰ আইন প্রহসন নেকি?

দেশৰ উন্নয়ন নির্ভৰ কৰে সেইখন দেশৰ শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক, আৱেগিক বৃদ্ধি আৰু বিকাশৰ ওপৰত৷ উপযুক্ত আৰু পর্যাপ্ত বৃদ্ধি তথা বিকাশৰ দ্বাৰা একোটি শিশু একোজন সুনাগৰিকৰূপে গঢ় লৈ উঠে আৰু সামগ্রিক ৰূপত দেশৰ ভৱিষ্যৎ সুনিশ্চিত কৰি তোলে৷ কিন্তু যদিহে বিভিন্ন কাৰণত শিশুটিৰ বৃদ্ধি আৰু বিকাশ বিপদাপন্ন হয়? তেতিয়াই উৎপন্ন হয় দেশখনত পয়ালগা পৰিস্থিতিৰ৷ যিহেতু আজিৰ শিশু কাইলৈৰ নাগৰিক, গতিকে শিশুৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি শিশুৰ অধিকাৰক আইন হিচাপে বলৱৎ কৰা হৈছে পৃথিৱীৰ প্রায়বোৰ দেশতে৷
জাতি, ধর্ম, লিংগ, বর্ণ, বর্গ তথা জন্মস্থান নির্বিশেষে প্রতিটো শিশুৱেই যাতে সম অধিকাৰ লাভ কৰে, সেইবাবে ৰাষ্ট্রসংঘই শিশুৰ অধিকাৰ আইনৰ ঘোষণা–পত্র উত্থাপন কৰে৷ এই ঘোষণা–পত্রত পৃথিৱীৰ প্রায় সকলোবোৰ দেশেই স্বাক্ষৰ প্রদান কৰে৷ আমাৰ দেশ ভাৰতবর্ষয়ো ১৯৯২ চনৰ ডিচেম্বৰ মাহত শিশুৰ অধিকাৰ সম্পর্কীয় অধিনিয়মখন আইনত পৰিণত কৰে৷ এই আইনখনত শিশুৰ বিভিন্ন অধিকাৰ আৰু সেই অধিকাৰসমূহ খর্ব হ’লে উৎপন্ন হ’ব পৰা পৰিস্থিতিৰ বিষয়ে বিতংকৈ বর্ণনা কৰা হৈছে৷ সময়ে সময়ে এই আইনখনত বিশেষজ্ঞৰ পৰামর্শ মতে বহুবোৰ ন ন দফা অন্তর্ভুক্ত কৰি আইনখনৰ সংশোধন কৰা হৈছে, যাতে দেশৰ প্রত্যেক শিশুৱে তেওঁলোকৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত নহৈ আইনখনৰ পূৰামাত্রাই লাভ উঠাব পাৰে৷
পিছে শিশুক সকলো প্রকাৰৰ অধিকাৰ প্রদান তথা সংৰক্ষণৰ ইমানবোৰ পদক্ষেপ লোৱাৰ পিছতো প্রায় প্রতিদিনে হাজাৰোধিক শিশু নির্যাতিত হয়৷ এতিয়া হয়তো নির্যাতিতৰ সংখ্যা কাগজে–কলমে আগতকৈ কিছু পৰিমাণে হ্রাস পাইছে৷ কিন্তু দৰাচলতে ইয়াৰ বাস্তৱিক চিত্রখন এতিয়াও ভয়ংকৰ ৰূপতে আছে৷ মহিলা আৰু শিশু উন্নয়ন মন্ত্রালয়ে ২০০৭ বর্ষত পৰিচালনা কৰা এটা পর্যালোচনাত দৃষ্টিগোচৰ হৈছে যে বিভিন্ন ধৰণৰ অত্যাচাৰৰ ভিতৰত ৫–১২ বছৰৰ শিশুসকল সচৰাচৰ অধিক পৰিমাণে অত্যাচাৰৰ বলি হ’বলগীয়া হয়৷ এই অত্যাচাৰৰ ভিতৰত শাৰীৰিক, মানসিক আৰু যৌন নির্যাতন অন্যতম৷ এতিয়াও আমাৰ দেশৰ প্রায় পঞ্চাশ শতাংশ শিশুৱে নিজ ইচ্ছা অথবা অনিচ্ছাৰে শ্রমিক হিচাপে বিভিন্ন ক্ষেত্রত নিয়োজিত হৈ আছে৷ আৰু এই শ্রমদানৰ ফলত তেওঁলোক প্রায় সকলো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিছে৷
এক তথ্য মতে ভাৰতৰ প্রায় ত্রিশ শতাংশ কর্মক্ষেত্রত শিশু শ্রমিকে কাম কৰি আছে৷ দেশৰ প্রায় বিশ শতাংশ ঘৰৰ ঘৰুৱা সহায়কাৰীজন শিশু৷ ইউনিচেফ বা ৰাষ্ট্রসংঘৰ শিশু জৰুৰী পুঁজিৰ মতে শোষণ কৰিবলৈ সহজ হোৱা বাবে শিশুবিলাকক শ্রমিকৰূপে নিয়োগ কৰা হয়৷ যাক কোৱা হয় ‘ইজী টার্গেট’৷ একোটি শিশুক শ্রমিক হিচাপে নিয়োজিত কৰিলে কম বিনিয়োগত অধিক লাভ কৰিব পাৰি৷ নিৰক্ষৰ আৰু দৰিদ্র অভিভাৱকে দুপইচা উপার্জনৰ আশাত বিপন্ন হ’বলৈ এৰি দিয়ে শিশুটিৰ শৈশৱ৷
কিছুদিনৰ আগতে সংবাদশীর্ষ দখল কৰা ডিব্রুগডৰ উচ্চ শিক্ষিত (?) পৰিয়ালটোৱে এটি কণমানি শিশুৰ ওপৰত চলোৱা শাৰীৰিক তথা মানসিক উৎপীডনৰ বিষয়ে প্রায় সকলোৱে জ্ঞাত৷ হয়তো আর্থিক দীনতাত ভোগা পৰিয়ালটো চলাবলৈ সহায় হোৱা দুটামান টকাৰ বিনিময়ত অসহায় অভিভাৱকে চিকিৎসক স্বামী তথা প্রবক্তা পত্নীৰ হাতত নিজৰ শিশুটিক গতাই দিছিল৷ শিক্ষিত পৰিয়ালটোৰ মাজত থাকি দুটা ভাল কথা শিকিব, দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ পাব– এনেধৰণৰ আশা আৰু বিশ্বাসত হয়তো তেওঁলোকে নিজ সন্তানক নিজৰ পৰাই আঁতৰাই ৰাখিছিল৷ কাৰণ যিয়েই নহওক, তাৰ বিনিময়ত সেই দম্পতীয়ে যি কৰিলে সেয়া পোহৰলৈ অহাৰ পিছত তেওঁলোকক মানুহ হিচাপে আখ্যা দিয়াটো দূৰৈৰ কথা, পশুতুল্য বুলিলে আনকি পশুকো অপমান কৰা হ’ব৷ উচ্চ পদবীধাৰী সেইকেইজন তথাকথিত শিক্ষিত লোক সমাজৰ একোখন উচ্চ আসনত অধিষ্ঠিত৷ উচ্চ শিক্ষাৰ ডিগ্রীকেইটাৰ দৰে সমাজৰ প্রতি, ৰাজ্যৰ প্রতি, দেশৰ প্রতি সর্বোপৰি মানৱতাৰ প্রতি তেওঁলোকৰ দৃষ্টিভংগী যদি উচ্চ হ’লহেঁতেন, তেন্তে হয়তো নাতিৰ বয়সৰ শিশুটিক তেনে অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ অন্তৰাত্মাই অনুমতি নিদিলেহেঁতেন৷
দেশত শিশু শ্রমিকৰ সমস্যা সমাধানৰ অর্থে বহুবোৰ পদক্ষেপ হাতত লোৱা হৈছে৷ ১ লাখ ৫০ হাজাৰ শিশুক সামৰি ৭৬টা শিশু শ্রম প্রকল্প মঞ্জুৰ কৰা হৈছে৷ লক্ষাধিক শিশুক বিশেষ স্কুলত ভর্তি কৰোৱা হৈছে৷ বর্তমান ২৫০খন জিলাৰ বিপৰীতে দেশৰ সমগ্র জিলাত ৰাষ্ট্রীয় শিশু শ্রমিক প্রকল্পৰ কাম–কাজ আৰম্ভ কৰিবলৈ যোজনা আয়োগক ১৫০০ কোটি টকা ধার্য কৰিবলৈ শ্রম মন্ত্রালয়ে উদ্যোগ হাতত লৈছে৷ সর্বশিক্ষা অভিযানৰ দৰে চৰকাৰী যোজনাও শিশু শ্রমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে৷
আমাৰ ৰাজ্যতো শিশুৰ বিভিন্ন প্রকাৰৰ অধিকাৰসমূহ সুনিশ্চিত তথা সুৰক্ষিত কৰি আইনৰ ফলপ্রসূ প্রদানৰ অর্থে বহুবোৰ আঁচনি গ্রহণ কৰা হৈছে তথা বহুবোৰ অধিসূচনাও জাৰি কৰিছে৷ তৎসত্ত্বেও বহুবোৰ শিশুক এতিয়াও সেই আইন আৰু আঁচনিয়ে ঢুকি পোৱাগৈ নাই৷ ইয়াৰ প্রধান কাৰণ হিচাপে দৰিদ্রতা আৰু নিৰক্ষৰতাকেই আঙুলি টোঁৱাই দেখুৱাবলগীয়া হয়৷ বিশেষকৈ শিশু শ্রমিক নিয়োগ কৰাৰ অন্তৰালৰ মূল কাৰণ প্রায়বোৰ অভিভাৱকৰ আর্থিক দীনতা তথা নিৰক্ষৰতা৷ অর্থাৎ আর্থ–সামাজিকভাৱে অনুন্নত পৰিয়ালৰ শিশুৱেই প্রায়ে শিশু শ্রমিক হিচাপে কাম কৰিবলগীয়া হয়৷ যাতে দুপইচা উপার্জন কৰি পৰিয়ালটোক অলপ হ’লেও সকাহ দিব পাৰে৷
শিশু শ্রম বর্তমানৰ এক জ্বলন্ত সমস্যা৷ এই সমস্যা দূৰীকৰণৰ বাবে সমাজৰ সকলো লোকৰ সহযোগিতা, সজাগতা আৰু সক্রিয়তাৰ প্রয়োজন৷ সংবিধানত কোৱা হৈছে– প্রত্যেকটো শিশুকেই সকলোৱে সকলো ঠাইতে সমভাৱে ব্যৱহাৰ কৰিব লাগে৷ সংবিধানক, চৰকাৰক, লগতে দেশৰ সকলো প্রাপ্তবয়স্ক নাগৰিককে কোনো শিশুৱে যাতে শিশু শ্রমিক হিচাপে নিযুক্ত নহয়, সেইটো সুনিশ্চিত কৰিবৰ বাবে নির্দেশ দিছে৷ শিশু শ্রম এক অপৰাধ৷ কোনোবাই যদি জ্ঞাতে–জ্ঞাতে এই অপৰাধ কৰেও, তেন্তে সমাজৰ একোজন দায়িত্বশীল ব্যক্তি হিচাপে এয়া আমাৰ সকলোৰে দায়িত্ব আৰু কর্তব্য হোৱা উচিত, যাতে শিশু এটিয়ে তাৰ শৈশৱ বিপন্ন কৰি পৰিয়াল নাইবা নিজা প্রয়োজন পূৰাবলৈ শ্রম কৰিবলগীয়া নহয়৷ অধিকাৰৰ লগত সদায়ে কর্তব্য জডিত হৈ থাকে৷ আৰু সেয়ে আমাৰ শিশুসকলৰ অধিকাৰ সুনিশ্চিত কৰাটো আমাৰ কর্তব্য৷

কাম নকৰিলে খাব ক’ৰ পৰা?

যোৱা মার্চ মাহৰ কথা National Child Labor Project, চমুকৈ NCLPৰ এটা জৰীপৰ বাবে আমাৰ সংস্থাটোৱে সমগ্র কামৰূপ মহানগৰ জিলাত এটা অভিযান চলাইছিলোঁ৷ কেন্দ্রীয় চৰকাৰৰMinistry of labor and employment departmentৰ সৌজন্যত ১৯৮৮ চনৰ পৰা এই প্রকল্পই আমাৰ দেশত শিশু শ্রম নির্মূলৰ বাবে কাম কৰি আছে৷ এই জৰীপকালীন সময়ত আমাৰ বিচিত্র অভিজ্ঞতা হ’ল৷ তাৰ ভিতৰত এটা বিশেষ অভিজ্ঞতা ইয়াত উল্লেখ কৰিব বিচাৰিছেছা৷ মহানগৰৰ ব্যস্ত ৰাজপথৰ কাষতে শুক্রেশ্বৰ মন্দিৰৰ কাষৰ বালিচৰত এটা পৰিয়াল লগ পালোঁ৷ পেণ্ডুকণা পেণ্ডুকণা তিনিটা ল’ৰা–ছোৱালী আৰু মাক–দেউতাক৷ বালিচৰতে মুকলিকৈ ভাত ৰান্ধি আছে৷ ল’ৰা–ছোৱালীকেইটাৰ অৱস্থা তথৈবচ৷ তেওঁলোকৰ লগত কথা পাতি থাকোঁতে এজনী দহ–এঘাৰ বছৰীয়া ছোৱালী আমাৰ ওচৰ চাপি আহিল– ‘অ’ বাইদেউ, তহঁতে বোলে স্কুল খুলিবি? ময়ো পঢ়িম৷’ স্বেচ্ছাই আগবাঢ়ি অহা ছোৱালীজনীলৈ বৰ মৰম লাগিল৷ আমি আমাৰ মাজৰে এগৰাকী স্বেচ্ছাসেৱকক তাইৰ ফর্মখন সম্পূর্ণ কৰিবলৈ দিলোঁ৷ তাই কিছু আশংকাৰে ক’লে– ‘মায়ে দেখিলে মোক পিটিব৷ জলদি কৰ৷’ আমি প্রথম কথাটো ধৰিব পৰা নাছিলোঁ৷ পিছে তাই ভয় কৰি থকা কথাটোৱেই হ’ল৷ টোপোলা এটা দাঙি দাঙি আহি থকা মাকজনীয়ে তাইক আমাৰ লগত দেখি গালি–শপনি পাৰি লৈ গ’ল৷ আমি বহু চেষ্টা কৰিলোঁ বুজাবলৈ৷ পিছে তেওঁ আমাক গালি পৰাই নহয়, এটা বৰ কষ্টকৰ প্রশ্ণ দি গ’ল–‘কাম নকৰিলে তাই কি খাব? তহঁতে খুৱাবি? সৱেই কয়, ঢ়েৰ সহায় কৰিম৷ কোনেও একো নকৰে৷ মোৰ ছোৱালীয়ে কাম কৰিব৷ ময়ো কৰিছিলোঁ৷’
সেই মানুহজনীৰ অত্যন্ত ৰুক্ষ আচৰণ আৰু এই প্রশ্ণটো আৰু ছোৱালীজনীৰ স্কুলত পঢ়িবলৈ বিচৰা কথাটোৱে আজিও মোক মাজে মাজে অশান্তি দিয়ে৷ বিগত পাঁচ বছৰে এনেবোৰ মানুহৰ মাজত কাম কৰি দেখিছেছা ভোকৰ ওচৰত মানুহ কিমান অসহায়৷ তদুপৰি, অবিশ্বাস আৰু ভয়৷ যিবিলাক মানুহে এমুঠি অন্নৰ বাবে, এখন কাপোৰৰ বাবে নিজৰ লগতে নিজৰ কণমানি সন্তানকো শ্রমিক হ’বলৈ বাধ্য কৰায়, সেই মানুহবিলাকে ইমান বেছি সংগ্রাম কৰিব লগা হয় যে তেওঁলোকৰ কিছুমান আৱেগিক অনুভূতি যেন নোহোৱাই হৈ যায়৷ সেয়েহে চলি থকা জীৱন শৈলীৰ বিপৰীতে খুব ভাল কিবা এষাৰ কথা ক’লেও গৰিষ্ঠসংখ্যকে বিশ্বাস কৰিব নোৱাৰে৷ তেওঁলোকে বহু সময়ত ভাবে– ‘আমাক ইমান সহায় কিয় কৰিছে, আমাৰ লগত কিবা অপকাৰ কৰিব চাগে৷’ কাৰণ এই কথাটোতহে তেওঁলোক অভ্যস্ত৷ মই নিজেই এনেকুৱা মানুহৰ বিশ্বাস পাবৰ বাবে বহুত যুদ্ধ কৰিব লগা হৈছে৷
সমস্যাটো হৈছে– আমাৰ দেশখনত বা ৰাজ্যখনত দাৰিদ্র্যই ইমান ভয়ানক ৰূপ লয় যে ঘৰখনৰ শিশু এটিকো খোজ পোন হ’লমাত্রই উপার্জনকাৰী হিচাপে ব্যৱহাৰ কৰাৰ কথা ভাবে৷ ইয়াৰ ফলত প্রতি বছৰে লক্ষ লক্ষ শিশুৰ শৈশৱ শেষ হৈ গৈছে৷ শৈশৱ নোহোৱা শিশুৱে বলে নোৱৰা কামবোৰো হাত পাতি ল’ব লগা হৈছে, মনৰ মাজত শুকাই যোৱা শৈশৱৰ যন্ত্রণাই থকা–সৰকা কৰা এনেবোৰ শিশুৱে কিমান পর্যায়লৈকে যন্ত্রণা সহিব পাৰে, তাৰহে যেন প্রতিযোগিতা চলিছে৷ দেশত শিশু শ্রম নির্মূলৰ বাবে ইমান কঠোৰ আইন থকাৰ পিছতো আজিও তথাকথিত ভব্য–গব্য শিক্ষিত দম্পতীৰ অমানুষিক অত্যাচাৰে আচলতে বুজাই দিছে আমাৰ মানুহে কিমান আইন অৱমাননা কৰিব পাৰে এয়া বৰ চিন্তনীয় বিষয়৷ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ– শিশু শ্রম নির্মূল কৰি শিশুক শৈশৱ ঘূৰাই দিব পৰা পৰিৱেশ এটা নহালৈকে এনেবোৰ ঘটনা ঘটিয়েই থাকিব ৷ সমাজত অপৰাধপ্রৱণতা বাঢ়িয়েই থাকিব৷ এনে নহ’বৰ বাবে আইন সংক্রান্তীয় বিষয়বোৰ অতি কঠোৰ হোৱাৰ লগতে সর্বস্তৰৰ ৰাইজৰ মাজত এইবিষয়ক সজাগতাৰ অত্যন্ত প্রয়োজন৷ আৰু সচেতনতাৰে এনেবোৰ বিষয় লক্ষ্য কৰি ক’ৰবাত যদি এই আইনৰ অৱমাননা হৈছে, তেন্তে মাত মাতিবলৈ সাহস কৰিব লাগিব৷ প্রতিটো শিশুৰ লগত শিশুৰ ধৰণেৰেই আচৰণ কৰিব পৰাকৈ মানুহৰ মানসিক স্বাস্থ্য সুস্থ আৰু সবল হৈ থাকিব লাগিব৷ ইয়াৰ কাৰণেও নিৰন্তৰ সজাগতা আৰু সচেতনতাৰ প্রয়োজন৷ কাৰণ সেই চিকিৎসকজনৰ মানসিক সুস্থতা সম্পর্কে মোৰ সন্দেহ আছে৷ এটি কণমানি শিশুক এনেদৰে অত্যাচাৰ কৰিব পৰা মানুহ এজন নিজৰ পৰিয়ালৰ প্রতি কিমান মৰমিয়াল হ’ব, তাতো সন্দেহ আছে৷ যদি এনেকুৱাই হয়, তেন্তে এনেবোৰ বিষয় পৰিয়ালৰ মানুহ হ’লেও সহি থকাটো অন্যায়৷
শেষত এটাই অনুৰোধ– শিশুৰ পৃথিৱীখন ধুনীয়া আৰু প্রফুল্ল কৰি ৰাখিবৰ বাবে এইখন সমাজৰ প্রতিগৰাকী প্রাপ্তবয়স্ক মানুহৰ দায়িত্ব আছে, যি দায়িত্ব আমি হয়তো পালন কৰা নাই৷ যদি কৰোঁ, তেন্তে বিন্দু বিন্দু সহযোগিতাৰেও সমাজৰ পৰা শিশু শ্রম নির্মূল কৰা সম্ভৱ হ’লহেঁতেন৷
এতিয়াও সময় আছে– এই কথা ভাবক আৰু ভবাওক৷

You might also like