নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক্সিকোত এয়াৰপোর্ট নির্মাণ কৰি থকা অৱস্থাত উদ্ধাৰ হ’ল বিশালকায় প্রাণীৰ কংকাল

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ  প্রাগৈতিহাসিক কালৰ বৃহৎ স্থলচৰ প্ৰাণীৰ ভিতৰত মেমথ আছিল অন্যতম। বর্তমানে আমি দেখি অহা হাতীৰ বিলুপ্ত হৈ যোৱা পূর্বপুৰুষ আছিল মেমথ। সেই মেমথৰ প্রচুৰ কঙ্কাল উদ্ধাৰ হ’ল মেক্সিকোৰ এক বিমানবন্দৰৰ নির্মীয়মাণ স্থলত।

মেক্সিকোৰ ৰাজধানী মেক্সিকো চিটিৰ প্রায় ৫০ কিলোমিটাৰ উত্তৰে অৱস্থিত এই স্থান। য’ত মেক্সিকো চিটিৰ বাণিজ্যিক বিমানবন্দৰটো নির্মাণৰ কাম চলিছিল।

কিন্তু মাটি খান্দি থকাৰ সময়তে নির্মাণ কর্মীসকলে প্রথমে কিছু ডাঙৰ আকাৰৰ হাড় দেখা পায়। খবৰ যায় প্রশাসনৰ কাষ পোৱাৰ পাছতে সেই স্থানত বিজ্ঞানীৰ এটা দল গৈ উপস্থিত হয়।

বিজ্ঞানীৰ দলটোৱে পৰীক্ষা কৰাৰ পাছতে পোহৰলৈ আহে সেয়া বিলুপ্ত হোৱা মেমথৰ কংকাল।

বিজ্ঞানীসকলৰ দাবী, নির্মাণস্থলিত প্রায় ২০০টা স্থানত মাটিৰ তলৰ পৰা ১০০-ৰো অধিক মেমথৰ কংকাল উদ্ধাৰ হৈছে।

ইপিনে উদ্ধাৰ হোৱা হাড়সমূহৰ ভিতৰত যে কেৱল মেমথেই আছে তেনে নহয়, ইয়াৰ ভিতৰত আন বহু বিলুপ্তপ্ৰায় স্তন্যপায়ী প্রাণীৰো কংকাল পোৱা গৈছে।

উল্লেখ্য যে নিৰ্মাণৰত বিমানবন্দৰটোৰ মূল টার্মিনেলৰ কাষত মেমথৰ এটি জাদুঘৰ তৈয়াৰ কৰি উদ্ধাৰ হোৱা কঙ্কাল প্রদর্শনীৰ ব্যৱস্থাৰ কথা ভবা হৈছে বুলি জনাইছে বিমানবন্দৰটোৰ কৰ্তৃপক্ষই।

You might also like