নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধ্যান

হোমেন বৰগোহাঞি

আধুনিক মানুহে ধ্যানৰ শক্তিক নতুনকৈ আৱিষ্কাৰ কৰিছে৷ বিজ্ঞানে এই কথা প্রমাণ কৰি দেখুৱাইছে যে মানসিক প্রশান্তি অর্জন কৰিবলৈ আটাইতকৈ উত্তম উপায় হ’ল ধ্যান, আৰু মানসিক প্রশান্তিয়ে শৰীৰৰ বহুতো ৰোগ বা সমস্যা আপোনা–আপুনি নোহোৱা কৰে৷ তলত দিয়া ধ্যানৰ কেইটামান সহজ উপায় বিভিন্ন কিতাপৰ পৰা সংগ্রহ কৰা হৈছে৷

হার্ভার্ড মেডিকেল স্কুলক পৃথিৱীৰ এক নম্বৰ মেডিকেল স্কুল বুলি গণ্য কৰা হয়৷ সেই স্কুলৰ কার্ডি’লজী বিভাগৰ এজন প্রাক্তন অধ্যাপক ডাঃ হার্ভে বি ছাইমনে তেওঁৰConquering Heart Disease নামৰ এখন বিখ্যাত কিতাপৰ এঠাইত লিখিছে ঃ ‘ধ্যান হ’ল শৰীৰ আৰু মনৰ ঐক্যৰ এটা প্রধান নিদর্শন৷ মানসিক ষ্ট্রেছে Stress) হূদপিণ্ডৰ গতি বৃদ্ধি কৰি ৰক্তচাপ ঊর্ধ্বগামী কৰিব পাৰে৷ ধ্যানে শৰীৰত দেখা দিয়া ষ্ট্রেছৰ লক্ষণবোৰ বিপৰীতমুখী কৰিব পাৰে৷ ভাৰতীয় যোগ–শাস্ত্রৰ বৈজ্ঞানিক অধ্যয়নে প্রমাণ কৰি দেখুৱাইছে যে ধ্যানে হূদস্পন্দন মন্থৰ কৰিব পাৰে, ৰক্তচাপ নিম্নমুখী কৰিব পাৰে, শৰীৰত অম্লজানৰ প্রয়োজন হ্রাস কৰিব পাৰে, আৰু ছালৰ তাপমাত্রা হ্রাস কৰিব পাৰে৷ ধ্যান এটা প্রাচীন প্রাচ্য দেশীয় বিদ্যা হ’লেও তুমি সেইটো শিকিবলৈ তীর্থযাত্রী হৈ ভাৰতলৈ যোৱাৰ দর্কাৰ নাই৷’ দৰাচলতে ধ্যানৰ আটাইতকৈ ভাল শিক্ষকজন এজন ভাৰতীয় নহয় তেওঁ হ’ল হার্ভার্ডৰ এজন চিকিৎসক ডাঃ হার্বার্ট বেনছন৷ বেনছনে উদ্ভাৱন কৰা ধ্যানৰ সহজ প্রণালীটো তলত দিয়া হ’ল৷
১৷ তুমি প্রথমতে এনে এখন ঠাই আৰু এনে এটা সময় বাছি ল’বা– য’ত আৰু যেতিয়া কোনেও তোমাৰ মনোযোগ ভংগ কৰিব নোৱাৰে৷ কোঠাটো আধা অন্ধকাৰ কৰি ল’বা৷ কোঠাটো হ’ব লাগিব শান্ত আৰু নীৰৱ৷ যি কোনো আহাৰ খোৱাৰ দুঘণ্টাৰ পিছতহে ধ্যান আৰম্ভ কৰিবা৷ তাৰ আগতে প্রস্রাৱ কৰি ল’বা৷
২৷ আৰাম কৰি বহিবা, কোনো ধৰণৰ শাৰীৰিক অস্বস্তিয়ে যাতে তোমাৰ মনোযোগ ভংগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি ল’বা৷ উশাহ ল’বা ধীৰে ধীৰে আৰু গভীৰভাৱে৷ নিজৰ উশাহ–নিশাহৰ ছন্দৰ প্রতি সচেতন হৈ থাকিবা৷
৩৷ মনটো শান্ত আৰু নিষ্ক্রিয় কৰি ল’বা৷ বাহিৰৰ কোনো দৃশ্যই যাতে তোমাৰ মনোযোগ বিক্ষিপ্ত কৰিব নোৱাৰে সেই উদ্দেশ্যে চকু দুটা মুদি ল’বা৷ মনটো সম্পূর্ণভাৱে চিন্তা–শূন্য কৰি ল’বা৷
৪৷ যি কোনো এটা মানসিক উপায় ঠিক কৰি লৈ তাৰ ওপৰত নিজৰ মন–সংযোগ সম্পূর্ণভাৱে কেন্দ্রীভূত কৰিবা৷ বহুত মানুহে কিবা এটা মন্ত্র বা যি কোনো সাধাৰণ শব্দ ছন্দোবদ্ধভাৱে পুনৰাবৃত্তি কৰি থাকে৷ তুমি তোমাৰ মন্ত্রটো নিঃশব্দে বা সশব্দে পুনৰাবৃত্তি কৰি থাকিব পাৰা৷ শব্দ বা মন্ত্রটোৰ কোনো গুৰুত্ব নাই গুৰুত্ব আছে কেৱল বাৰম্বাৰ পুনৰাবৃত্তিৰ৷ তুমি যদি ‘এক’ শব্দটো বাছি লৈ তাকে পুনৰাবৃত্তি কৰি থাকা, সিও কাম দিব৷

ধ্যান কৰাৰ কামটো আটাইতকৈ কষ্টসাধ্য, কিন্তু আটাইতকৈ বেছি লাভদায়ক৷ এবাৰ ধ্যানৰ কৌশলটো আয়ত্ত কৰি ল’ব পাৰিলে প্রতিবাৰত বিশ মিনিটকৈ দিনত দুবাৰ ধ্যান কৰিবলৈ তুমি নিজেই প্রলুব্ধ হ’বা৷
একেজন ডাঃ হার্বার্ট বেনছনেই ধ্যানৰ আৰু কেইটামান বেলেগ সহজ উপায় দিছে৷ সেই উপায়কেইটা মই পঢ়িছোঁ আন এজন বিশ্ববিখ্যাত ডাক্তৰ ৰোনাল্ড হফমেনৰTired all the time? নামৰ কিতাপত৷
ডাঃ হফমেনে লিখিছে– ‘একে সময়তে কেইবাটাও সমস্যা সমাধান কৰিবলৈ চেষ্টা নকৰিবা, এবাৰত মাত্র এটা বা দুটা সমস্যা বাছি ল’বা৷ একেবাৰতে জীৱনৰ সকলো সমস্যা সমাধান কৰাটো অসম্ভৱ৷ বৰং সি তোমাক কৰিব বেছি বিমর্ষ আৰু ক্লান্ত৷ শৰীৰলৈ শিথিলতা আৰু সুখানুভূতি আনিবলৈ ধ্যান কৰিবা৷’ ডাঃ হার্বার্ট বেনছনে এখন কিতাপ লিখিছে–The Relaxation Response৷ কিতাপখনে তেওঁক বিখ্যাত কৰি তুলিলে৷ বেনছনে সদাব্যস্ত আমেৰিকানসকলৰ উপযোগী হোৱাকৈ প্রাচ্যদেশীয় ধ্যানৰ কৌশলবোৰৰ সহায় লৈ ধ্যানৰ সহজ প্রণালী উদ্ভাৱন কৰিছে৷
কোনেও যাতে তোমাৰ মনোযোগ ভংগ কৰিব নোৱাৰে সেই উদ্দেশ্যে এখন নিৰল ঠাই বাছি ল’বা৷ তাৰ পিছত তলত দিয়া তিনিটা উপায়ৰ যি কোনো এটা কৰিবা৷
১৷ যি কোনো এটা শব্দ ডাঙৰকৈ উচ্চাৰণ কৰিবা৷ সমস্ত মনোযোগ নিবদ্ধ কৰিবা কেৱল সেই শব্দটোৰ ওপৰত৷
২৷ উশাহ ল’বা সম্পূর্ণভাৱে আৰু গভীৰভাৱে৷ নিজৰ নিশ্বাস–প্রশ্বাসৰ ওপৰত সম্পূর্ণ মনোযোগ কেন্দ্রীভূত কৰিবা৷ মনলৈ কোনো চিন্তা বা দুশ্চিন্তা আহিবলৈ নিদিবা৷
৩৷ মনে মনে এটা শান্তিপূর্ণ দৃশ্য কল্পনা কৰিবা৷ তৰাভৰা আকাশ বা নদীৰ নির্জন ঘাট– এনে যি কোনো দৃশ্য৷ কল্পনা কৰিবা বেলিৰ কোমল ৰশ্মিবোৰ তোমাৰ গাত আছাৰ খাই পৰিছে৷ যি দৃশ্যই তোমাৰ মনত শান্তিৰ প্রলেপ সানি দিয়ে তেনে এটা দৃশ্য কল্পনা কৰি তাৰ মাজত আত্মহাৰা হ’বলৈ চেষ্টা কৰিবা৷

এই টোকাটোৰ আৰম্ভণিৰ বাক্যটোৰে কোৱা হৈছে যে আধুনিক মানুহে ধ্যানৰ শক্তিক নতুনকৈ আৱিষ্কাৰ কৰিছে৷ বিশ্ববিখ্যাত টাইম মেগাজিনৰ ২০১৪ চনৰ ৩ ফেব্রুৱাৰীৰ সংখ্যাটোৰ প্রধান আলোচ্য বিষয় আছিলThe Mindful Revolution৷ এটা ধ্যান–কেন্দ্রিক নতুন পন্থাৰ গুৰু জন কাবাটজিনে শিকোৱা ধ্যানৰ এটা সহজ প্রণালী তলত দিয়া হ’ল৷
১৷ মজিয়াত বা এখন চকীত আৰাম কৰি বহিবা৷ পিঠিখন পোন কৰি ৰাখিবা৷ কান্ধ দুখন ঢ়িলা কৰি তললৈ পেলাই দিবা৷ বুকু ভৰাই দীঘলকৈ উশাহ লৈ চকু দুটা মুদিবা৷
২৷ উশাহ–নিশাহৰ অহা–যোৱা মন কৰিবা কিন্তু তাৰ গতিবেগ সলনি নকৰিবা, কেৱল নাকৰ বিন্ধাৰে হাঁওফাঁওৰ পৰা উশাহ–নিশাহৰ ওলোৱা–সোমোৱা অনুভৱ কৰিবা৷
৩৷ মনলৈ নানা চিন্তা আহিব৷ সেই চিন্তাবোৰক আওকাণ নকৰি স্বীকাৰ কৰি ল’বা৷ তাৰ পিছত আকৌ উশাহ–নিশাহৰ ওলোৱা–সোমোৱাৰ ওপৰত নিজৰ মনোযোগ নিবদ্ধ কৰিবা৷
৪৷ নিজকে বিচাৰ নকৰিবা বা মনোযোগ ভংগ কৰিব খোজা ঘটনাবোৰক উপেক্ষা নকৰিবা৷ তোমাৰ মনটো যে ইফালে সিফালে গৈছে সেই কথা নিশ্চয় লক্ষ্য কৰিবা কিন্তু মনটোক বাৰে বাৰে ঘূৰাই আনি উশাহ–নিশাহ অনুভৱ কৰাৰ কামত লগাই দিবা৷
৫৷ প্রথম সপ্তাহত এই অনুশীলনটো দিনে দহ মিনিটকৈ কৰিবা৷ তুমি যিমান বেছি নিয়মীয়াকৈ এই ব্যায়ামটো কৰিবা সিমান বেছিকৈ মনোযোগ নিয়ন্ত্রণ কৰাটো তোমাৰ পক্ষে সম্ভৱ হ’ব৷

Nothing নামৰ বৈজ্ঞানিক ৰচনাৰ এখন সংকলনত জো মার্চেণ্ট নামৰ এজন বিজ্ঞান–লেখকে লিখিছে– ‘ধ্যানে বার্ধক্যকো নিলম্বিত কৰিব পাৰে৷ ক্রম’জমৰ chromosome) মূৰত টেল’মিয়েৰ telomere) নামৰ যিটো আৱৰণী লাগি থাকে সেইটো প্রত্যেকটো কোষৰ বিভাজনৰ লগে লগে চুটি হৈ গৈ থাকে৷ শৰীৰৰ বার্ধক্য–প্রক্রিয়াক সি তৰান্বিত কৰে৷ কিন্তু এটা গৱেষণাই প্রমাণ কৰিছে যে মাত্র তিনি মাহ ধ্যানাসন কৰা মানুহৰ ক্ষেত্রত টেল’মিয়েৰ চুটি হ’বলৈ বেছি সময় লাগে অর্থাৎ বার্ধক্য বিলম্বিত হয়৷ আন এটা গৱেষণাই প্রমাণ কৰিছে যে ধ্যানে কিছুমান হৰম’ন মুকলি কৰি দি স্বাস্থ্যবৃদ্ধিত সহায় কৰে৷
তিনি মাহ ধ্যান কৰিবলৈ সময় নাপালেও আপুনি হতাশ হোৱাৰ কোনো কাৰণ নাই৷ মাত্র ১১ ঘণ্টা ধ্যানৰ প্রশিক্ষণ লোৱাৰ পিছতেই মগজত পৰিৱর্তনৰ প্রক্রিয়া আৰম্ভ হয়৷ এলিছা এপেল নামৰ এগৰাকী গৱেষিকাই ক’ব খোজে যে ধ্যান কৰিবলৈ দীঘলীয়া সময় উলিয়াব নোৱাৰিলেmini-mediation কৰিও বাঞ্ছিত উপকাৰ পোৱা যায়৷Short mini-meditations throughout the day, taking a few minutes at your desk to focuss on your breathing, for example : ‘Little moments here and there all matter.’

You might also like