নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিকৰ ভাবমূর্তি

প্রত্যেক মানুহৰেই দুটা পৰিচয় থাকে৷ এটা হ’ল– মানুহজনৰ একান্ত নিজস্ব পৰিচয় অর্থাৎ মানুহজন আচলতে যেনেকুৱা বা তেওঁ নিজকে যি বুলি জানে, সেই পৰিচয়৷ দ্বিতীয়টো হ’ল– আন মানুহে তেওঁৰ বিষয়ে যিটো ধাৰণা কৰি লয় বা তেওঁৰ যিটো ৰূপ কল্পনা কৰি লয়, সেই পৰিচয়৷ মানুহৰ এই দ্বিতীয় পৰিচয়টোকে আমি তেওঁৰ ভাবমূর্তি বুলি কওঁ৷
এজন মানুহে নিজকে যি বুলি জানে আৰু আনে তেওঁৰ বিষয়ে যি ধাৰণা কৰি লয়– এই দুটাৰ মাজত সম্পূর্ণ মিল থকাটো কেতিয়াও সম্ভৱ নহয়৷ কথাটো স্পষ্টকৈ বুজাবলৈ এটা উদাহৰণ দিব পাৰি৷ এজন মানুহক লুঙি আৰু বনিয়ন পিন্ধি থকা অৱস্থাত তেওঁৰ ঘৰত লগ পালে তেওঁৰ ব্যক্তিত্বই আপোনাৰ মনত বিশেষ শ্রদ্ধা বা সমীহৰ ভাব নজগাবও পাৰে৷ কিন্তু সেই একেজন মানুহেই যেতিয়া বহুমূলীয়া কুর্তা–কামিজ বা কোট–পেণ্ট পিন্ধি ৰাজহুৱা মঞ্চত থিয় হয়, তেতিয়া তেওঁ এক সম্পূর্ণ বেলেগ ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী হৈ পৰে৷ সাজ–পোছাকেও যে মানুহৰ ব্যক্তিত্ব চিনিব নোৱাৰাকৈ সলনি কৰি দিব পাৰে, তাৰ এটা সুন্দৰ উদহাৰণ পোৱা যায় ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ এখন ৰচনাত৷ ভাষাতত্ত্ববিদসকল এখন সভাত যোগ দিবলৈ আন বহুতো পণ্ডিতৰ লগত তেওঁ এবাৰ মাদ্রাজলৈ গৈছিল৷ ৰে’ল ষ্টেচনত তেওঁলোকক আদৰণি জনাইছিল মাদ্রাজ বিশ্ববিদ্যালয়ৰ সেই সময়ৰ উপাচার্য ড০ চি পি ৰামস্বামী আয়াৰে৷ মাদ্রাজী লুঙি আৰু ফটোৱা পিন্ধা ৰামস্বামী আয়াৰক ইমান সাধাৰণ মানুহ যেন লাগিছিল যে ড০ চট্টোপাধ্যায়ে তেওঁক এজন সাধাৰণ স্বেচ্ছাসেৱক বুলি ভাবি তেওঁৰ লগত কথা এষাৰ পতাও নাছিল৷ কিন্তু পিছদিনা সেই একেজন মানুহকে দেখা গ’ল আদৰণী সমিতিৰ সভাপতিৰ আসনত আৰু তেওঁৰ ব্যক্তিত্বৰ গৰিমাই ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ চকু জলক–তবগ লগাই দিলে৷ যিটো বস্তুৱে ৰাতিটোৰ ভিতৰতে মানুহজনৰ ৰূপ বা ব্যক্তিত্ব চিনিব নোৱাৰাকৈ সলনি কৰি দিছিল, সেইটো আছিল তেওঁৰ পোছাক৷ আদৰণী সমিতিৰ সভাপতিৰ আসনত বহি থকাৰ সময়ত তেওঁৰ পিন্ধনত আছিল বহুমূলীয়া সুদৃশ্য কাপোৰৰ গলাবন্ধ কোট আৰু মূৰত ৰাজোচিত দক্ষিণী পাগুৰি৷
মানুহে বাহিৰৰ জগতখনক দেখুৱাবলৈ কেৱল যে সাজ–পোছাকেই সলনি কৰে এনে নহয় নিজকে বাহিৰৰ জগতখনৰ ওচৰত গ্রহণযোগ্য কৰি তুলিবলৈ তেওঁ নিজৰ কথা কোৱাৰ ধৰণ, চাল–চলন আৰু আচাৰ–ব্যৱহাৰ আদি বহু কথা সলনি কৰিব লগা হয়৷ আন কথাত ক’বলৈ গ’লে তেওঁ সচেতন প্রয়াসৰ দ্বাৰা নিজৰ এটা বিশেষ ভাবমূর্তি গঢ়ি ল’ব লগা হয়৷ বিশেষকৈ ৰাজনীতিৰ নিচিনা যিবোৰ বৃত্তি বা পেছাৰ মানুহে জনমতক বেছিকৈ সমীহ কৰি চলিব লগা হয়, তেওঁলোকৰ কাৰণে স্ব–নির্মিত ভাবমূর্তিটো হ’ল তেওঁলোকৰ ডাঙৰ মূলধন৷ ভাবমূর্তিয়েই তেওঁলোকক মাৰিবও পাৰে বা তাৰিবও পাৰে৷ যিবোৰ বৃত্তিৰ মানুহ নিজৰ ভাবমূর্তিৰ ওপৰত খুব বেছি পৰিমাণে নির্ভৰশীল হ’ব লগা হয়, সেইবোৰৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি ৰাজনীতিকৰ কথা৷ ৰাজনীতিকৰ ভাবমূর্তি গঢ়াত এটা ডাঙৰ ভূমিকা লয় তেওঁলোকৰ মুখৰ পৰা ওলোৱা কথাই৷ উইনষ্টন চার্চিলৰ বিষয়ে এজন ব্রিটিছ ঐতিহাসিকে কৈছিল যে চার্চিলৰ ৰাজনৈতিক জীৱনৰ বেছিভাগ সময় খৰচ হৈছিল তেওঁৰ বত্তৃণতাবোৰ প্রস্তুত কৰাৰ কামত৷ একেজন ঐতিহাসিকে এইবুলিও কৈছিল যে দ্বিতীয় বিশ্বযুদ্ধত চার্চিলৰ নেতৃত্বত মিত্রপক্ষই জয়লাভ কৰাৰ ক্ষেত্রত সৈন্যবাহিনীয়ে যিমান গুৰুত্বপূর্ণ ভূমিকা লৈছিল, ঠিক সিমানেই গুৰুত্বপূর্ণ ভূমিকা লৈছিল চার্চিলৰ বত্তৃণতাৰ বেটেলিয়নবোৰে৷ বর্তমান যুগৰ অসমীয়া ৰাজনীতিকসকল তেওঁলোকৰ মুখৰ পৰা ওলোৱা কথাৰ বিষয়ে খুব বেছি সচেতন নহয়৷ বেছিভাগ অসমীয়া ৰাজনীতিকেই অভ্যস্ত চেলেং–পেতেং কথা কোৱাত আৰু একেবোৰ কথাকে অন্তহীনভাৱে পুনৰাবৃত্তি কৰি থকাত৷ বর্তমান যুগৰ অসমীয়া ৰাজনীতিকসকলৰ মুখৰ পৰা এনেকুৱা এটা মাত্রও বাক্য ওলোৱা নাই, যিটো বাক্য শ্রোতাসকলে খন্তেকৰ কাৰণেও মনত ৰাখিব পাৰে বা তাৰ মাজত কিবা চিন্তাৰ খোৰাক বিচাৰি পাব পাৰে৷
ভাবমূর্তিৰ প্রশ্ণত ৰাজনীতিকৰ কাৰণে এটা নতুন সমস্যাৰ সৃষ্টি কৰিছে টেলিভিছনে৷ টেলিভিছন আধুনিক মানুহৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংগ হোৱাৰ আগলৈকে সর্বসাধাৰণ মানুহে মাত্র তিনিটা উপায়েৰে ৰাজনৈতিক নেতাসকলক জানিব পাৰিছিল৷ সেই উপায় তিনিটা আছিল– ৰাজহুৱা সভা, বাতৰিকাকত আৰু জনশ্রুতি৷ কিন্তু এই তিনিওটা উপায়ৰ মাজতেই দূৰত্বৰ অৱকাশ ৰৈ যোৱাৰ কাৰণে ৰাজনীতিকৰ ভাবমূর্তিও আছিল যথেষ্ট নিৰাপদ, কাৰণ মানুহে তেতিয়া অতি ওচৰৰ পৰা ৰাজনীতিকৰ আচল ৰূপটো দেখিবলৈ সুযোগ পোৱা নাছিল৷ টেলিভিছনৰ ক্ষমাহীন কেমেৰাই কেনেকৈ সকলো কথা সলনি কৰি দিলে, সেই কথা বুজাবলৈ এটা উদাহৰণ দিব পাৰি৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ১৯৬০ চনৰ ৰাষ্ট্রপতি নির্বাচনত জন কেনেডিৰ প্রতিদ্বন্দ্বী ৰিছার্ড নিক্সনৰ পৰাজয়ত এটা নির্ণায়ক ভূমিকা লৈছিল টেলিভিছনে, কাৰণ নিজকে বেছি দেখনিয়াৰ কৰিবলৈ নিক্সনে মূৰৰ চুলিত বেছি তেল আৰু মুখত বেছিকৈ ক্রীম সনাৰ ফলত টেলিভিছনৰ পর্দাত ফুটি উঠিছিল তেওঁৰ এটা কুন্ধচ আৰু দুর্বল ৰূপ৷ তেওঁৰ এই ৰূপ দেখাৰ পিছত আমেৰিকাৰ ভোটদাতাই তেওঁৰ হাতত দেশখনৰ দায়িত্ব তুলি দিবলৈ স্বাভাৱিকতে সংকোচবোধ কৰিছিল৷ টেলিভিছনৰ পর্দাৰ পৰিৱর্তে নিক্সনে যদি ৰাজহুৱা মঞ্চত ৰাজনৈতিক বিতর্ক কৰিব লগা হ’লহেঁতেন, তেন্তে তেওঁৰ হয়তো ইমান ডাঙৰ বিপদ নহ’লহেঁতেন৷ সন্দেহ নাই যে বর্তমান যুগৰ ৰাজনীতিকসকলৰ কাৰণে টেলিভিছন এটা ডাঙৰ প্রত্যাহ্বান হৈ দেখা দিছে৷ বেছিভাগ অসমীয়া ৰাজনীতিকেই এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like