নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়েৰে অভিযান আৰম্ভ চেন্নাই ছুপাৰ কিংছৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে জয়েৰে আই পি এলৰ ত্রয়োদশ সংস্কৰণত অভিযান আৰম্ভ কৰিছে৷ আবু ধাবিত আজি অনুষ্ঠিত প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত চেন্নায়ে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰে৷ মেচখনত জয়ৰ বাবে মুম্বায়ে বান্ধি দিয়া ১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অম্বাটি ৰাইডুৰ ৪৮ বলত ৭১ আৰু ডু প্লেচিছৰ অপৰাজিত ৫৫ ৰানৰ সহায়ত চেন্নায়ে ১৯.২ অভাৰত ৫টা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰদ্বয় মুৰুলী বিজয়ে ১ আৰু ৱাটছনে ৪ ৰান কৰে৷ইয়াৰ পূর্বে চেন্নাই ছুপাৰ কিংছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি সৌৰভ তিৱাৰীৰ ৪২ আৰু কুইণ্টন ডি ককৰ ৩৩ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬২ ৰান কৰে৷ অধিনায়ক ৰোহিত শর্মা আৰু ডি ককে ইনিংছ মুকলি কৰি প্রথম উইকেটত ৪৬ ৰান সংগ্রহ হোৱাৰ সময়তে ৰোহিতে ব্যক্তিগত ১২ ৰানত পেভিলিয়নমুখী হয়৷ ৰোহিত আউট হোৱাৰ ক্ষন্তেক পিছতে ডি ককে ২০টা বলত পাঁচটা বাউণ্ডেৰীৰে ৩৩ ৰান কৰি বিদায় লয়৷ ইফালে, সূর্য কুমাৰ যাদৱ আৰু সৌৰভ তিৱাৰীয়ে দলৰ দায়িত্ব চম্ভালি লয় যদিও দুয়োৰে মাজত ৪৪ ৰান সংগ্রহ কৰাৰ সময়তে সূর্য কুমাৰে বিদায় লয়৷ সূর্য কুমাৰে ১৬টা বলত ১৭ ৰান কৰে৷ ইফালে, সৌৰভে ৩১টা বলত তিনিটা চাৰি আৰু এটা ছয়েৰে ৪২ ৰানৰ অৰিহণা আগবঢ়ায়৷ হার্দিক পাণ্ডিয়াই ১৪, কিৰণ পোলার্ডে ১৮, ক্রুনাল পাণ্ডিয়াই ৩ আৰু জেমছ পেটিনছনে ১১ ৰান কৰি বিদায় লয়৷ চেন্নাইৰ হৈ লুংগি এনগিৰিয়ে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷

You might also like