নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বুটিং বিশ্বকাপৰ পৰা নাম প্রত্যাহাৰ ভাৰতৰ

ক’ৰোনা ভাইৰাছৰ বাবে ৰাইফল সন্থাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ চীনৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ সম্প্রসাৰিত হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংকত ভাৰতে অহা মাহত চাইপ্রাছত অনুষ্ঠিত হ’বলগীয়া শ্বুটিং বিশ্বকাপৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ পৰামর্শ অনুসৰি ৰাষ্ট্রীয় ৰাইফল সন্থাই আজি এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সন্থাৰ এক সূত্রই কয় যে প্রতিযোগিতাখনৰ পৰা ভাৰতে নাম প্রত্যাহাৰ কৰাৰ একমাত্র কাৰণ হ’ল ক’ৰোনা ভাইৰাছৰ আতংকৰ পৰা ভাৰতীয় খেলুৱৈসকলক আঁতৰাই ৰখা৷ মন কৰিবলগীয়া যে চীনৰ য়ুহান চহৰত সৃষ্টি হোৱা এই মাৰাত্মক ভাইৰাছৰ ফলত এইপর্যন্ত বিশ্বৰ বিভিন্ন প্রান্তত তিনি হাজাৰ লোকৰ প্রাণহানি হৈছে আৰু ৮০ হাজাৰ লোক এই ভাইৰাছত আক্রান্ত হৈছে৷ চাইপ্রাছত এইপর্যন্ত ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ দেখিবলৈ পোৱা নাই যদিও সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে ভাৰত চৰকাৰে দেশখনলৈ শ্বুটিং দলক প্রেৰণ নকৰে৷

You might also like