নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলুৱৈৰ বয়স ফাঁকিক লৈ কঠোৰ বিচিচিআই

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ক্রিকেটাৰসকলক আহ্বান জনায় যে তেওঁলোকে স্বেচ্ছাই বয়স ফাঁকিৰ কথা ঘোষণা কৰক, অন্যথা দুবছৰৰ নিলম্বনৰ বাবে সাজু থাকক৷ বি চি চি আইৰ ২০২০–২১ ছিজনৰ পৰা এই নিয়ম কার্যকৰী হ’ব৷ ‘বয়স ফাঁকিৰ ব্যাধি দূৰ কৰিবলৈ ব’র্ডে যুগান্তকাৰী পদক্ষেপ হাতত লৈছে৷ এই পদক্ষেপৰ অধীনত খেলুৱৈসকলক স্বেচ্ছাই বয়স ফাঁকিৰ কথা ঘোষণা কৰাৰ সুযোগ দিয়া হৈছে৷ পূর্বে বিভিন্ন কাৰণত ভুৱা প্রমাণ–পত্রৰে বয়স ফাঁকি দিয়া খেলুৱৈসকলে স্বেচ্ছাই এই কথা ঘোষণা কৰি নিজৰ প্রকৃত জন্মৰ তাৰিখ সদৰী কৰিলে তেওঁলোক নিলম্বনৰ সন্মুখীন নহয় আৰু ব’ডৰ বয়স গ্রুপৰ প্রতিযোগিতাসমূহত অংশ লোৱাৰ সুযোগ পাব৷ চলিত বর্ষৰ ১৫ ছেপ্ঢেম্বৰৰ পূর্বে খেলুৱৈসকলে উপযুক্ত তথ্যৰ সৈতে প্রকৃত জন্ম তাৰিখ ব’ডক জনাব লাগিব৷ যিসকল খেলুৱৈয়ে প্রকৃত তথ্য ব’ৰ্ডক জানিব নিদিয়ে তেওঁলোক দুবছৰৰ বাবে নিলম্বিত হ’ব৷ দুবছৰৰ নিলম্বনৰ পিছতো সেইসকল খেলুৱৈয়ে বি চি চি আইৰ কোনো বয়স গ্রুপৰ প্রতিযোগিতাত অংশ ল’ব নোৱাৰিব৷’ ব’ডৰ সূত্রটোৱে এইদৰে কয়৷ উল্লেখ্য যে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলী আৰু তেওঁৰ একালৰ সতীর্থ তথা ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বী ৰাহুল দ্রাবিড়ে খেলুৱৈৰ বয়স ফাঁকিৰ ব্যাধি দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ অংশস্বৰূপে ব’র্ডে আজি ভাৰতীয় খেলুৱৈৰ বয়স ফাঁকিক লৈ কঠোৰ স্থিতি ঘোষণা কৰিছে৷

You might also like