নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুমৰাহ টি–২০ৰ শ্রেষ্ঠ বলাৰঃ পেটিনছন

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ  ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহক বিশ্বৰ আগশাৰীৰ বলাৰ হিচাপে অভিহিত কৰিছে অষ্ট্রেলিয়াৰ বেগী বলাৰ জেমছ পেটিনছনে৷ ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত হ’বলগীয়া আই পি এলৰ ত্রয়োদশ সংস্কৰণটোত বুমৰাহৰ লগতে পেটিনছনে মুম্বাই ইণ্ডিয়ানছ দলটোক প্রতিনিধিত্ব কৰিব৷ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ এক ভিডি’ বার্তাত অষ্ট্রেলিয়াৰ বেগী বলাৰগৰাকীয়ে কয় যে মই বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ বলাৰৰ সৈতে খেলিছোঁ৷ কিন্তু টি–২০ত বুমৰাহৰ দৰে শ্রেষ্ঠ বলাৰ মই দেখা নাই৷ প্রবীণ বলাৰ লাচিথ মালিংগাৰ অনুপস্থিতিত বুমৰাহৰ ওপৰত বলিং বিভাগৰ গুৰুদায়িত্ব থাকিব বুলি উল্লেখ কৰি পেটিনছনে কয় যে বুমৰাহৰ দৰে এগৰাকী বলাৰৰ সৈতে কাম কৰিবলৈ পোৱাটো সঁচাকৈয়ে সৌভাগ্যৰ কথা৷ বুমৰাহৰ লগতে দলটোত নিউজিলেণ্ডৰ ট্রেণ্ট ব’ল্টো আছে৷ গতিকে বুমৰাহ আৰু ব’ল্টৰ সৈতে কাম কৰি উপকৃত হ’ব বুলি অষ্ট্রেলিয়াৰ বলাৰগৰাকীয়ে মন্তব্য কৰে৷ মন কৰিবলগীয়া যে ব্যক্তিগত কাৰণৰ বাবে প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰা মালিংগাৰ স্থানত জেমছ পেটিনছনক মুম্বাই ইণ্ডিয়ানছত অন্তর্ভুক্ত কৰা হৈছে৷

You might also like