নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএললৈ সম্পূর্ণ সাজু আৰ চি বি: কোহলিক প্রশংসা ডি ভিলিয়ার্ছৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক তথা আই পি এলৰ ফ্রেঞ্চাইজী ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিক প্রশংসাৰে উপচালে সতীর্থ তথা দক্ষিণ আফ্রিকাৰ প্রাক্তন অলৰাউণ্ডাৰ এবি ডি ভিলিয়ার্ছে৷

সংযুক্ত আৰব আমিৰশ্বাহীত হ’বলগীয়া আই পি এলখনলৈ মাজতে মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আৰ চি বিৰ জ্যেষ্ঠ খেলুৱৈ ডি ভিলিয়ার্ছে কয় যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনলৈ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু দলটো সম্পূর্ণ সাজু৷ আই পি এলখনৰ বাবে দলটোৰ আটাইকেইগৰাকী খেলুৱৈয়ে কঠোৰ পৰিশ্রম কৰিছে৷ কোহলিৰ নেতৃত্বত খেলুৱৈসকলে এই কঠোৰ পৰিশ্রমত আগভাগ লয়৷

টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে সন্মুখৰ পৰাই দলটোক নেতৃত্ব দিয়ে বুলি উল্লেখ কৰি ডি ভিলিয়ার্ছে কয় যে কোহলিৰ দৰে অধিনায়কক অনুসৰণ কৰাটো সহজ নহয়৷ অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ খিতাপ জয় কৰাটোৱেই দলটোৰ প্রধান লক্ষ্য বুলি উল্লেখ কৰি দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে লগতে কয় যে বিগত ছিজনকেইটাত দলটো খিতাপ জয়ত ব্যর্থ হৈছিল যদিও এইবাৰ চেম্পিয়ন হোৱাৰ পূর্ণ সম্ভাৱনা আছে আৰু তেওঁ দলটোৰ হৈ মুখ্য ভূমিকাও ল’ব বিচাৰে৷

ইফালে, ক’ৰোনাৰ আতংকৰ মাজতে আই পি এলখন সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত কৰাত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক ধন্যবাদ জনাইছে প্রাক্তন অলৰাউণ্ডাৰগৰাকীয়ে৷ উল্লেখ্য যে আই পি এলত এতিয়ালৈকে আৰ চি বিৰ হৈ ১৫৪খন মেচ খেলি ডি ভিলিয়ার্ছে ৪,৩৯৫ ৰান কৰিবলৈ সক্ষম হৈছে৷

You might also like