নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত আজি দিল্লীৰ সন্মুখত চি এছ কে

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ ৰাজস্থান ৰয়েলছৰ হাতত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হোৱা তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে আজি আই পি এলত প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব দিল্লী কেপিটেলছ৷

প্রথমখন মেচত কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে ৰোমাঞ্চকৰ পৰিস্থিতিত ছুপাৰ অভাৰত জয়ী হোৱা দিল্লীয়ে সফলতাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে চি এছ কেক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে৷ শিখৰ ধাৱন, শ্রেয়াছ আয়াৰ, ঋষভ পণ্ট, পৃথ্বি শ্ব, মার্কাছ ষ্টইনিছ আদিৰ দৰে বিস্ফোৰক বেটছমেনেৰে গঠিত দলটোক প্রতিহত কৰাটো ধোনী বাহিনীৰ বাবে নিশ্চয়কৈ প্রত্যাহ্বানজনক হ’ব৷ কিয়নো ৰাজস্থানৰ বিৰুদ্ধে নিজৰ দ্বিতীয়খন মেচত চেন্নাই ছুপাৰ কিংছৰ লুংগি এনগিৰি, পীযুষ চাওলা আৰু ৰবীন্দ্র জাদেজাই যথেষ্টসংখ্যক ৰান ব্যয় কৰিছিল৷ সঞ্জু ছেমছন, ষ্টিভেন স্মিথ আৰু জ’ফ্রা আর্চাৰে নির্মমভাৱে প্রহাৰ কৰি ধোনী বাহিনীৰ বলিং বিভাগৰ দুর্বলতা ইতিমধ্যে উদঙাই দিছে৷ সেয়ে আজিৰ মেচত চেন্নাই ছুপাৰ কিংছে বলিঙত কিছু সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷

ইফালে, তাৰকা মিডল অর্ডাৰ বেটছমেন অম্বাটি ৰাইডুৱে আঘাতৰ বাবে আজিৰ মেচখনতো অংশ ল’ব নোৱাৰিব৷ শেহতীয়া মেচখনত সাত নম্বৰ স্থানত বেটিং কৰিবলৈ আহি সমালোচনাৰ সন্মুখীন হোৱা ধোনীৰ প্রদর্শন কাইলৈ লক্ষণীয় হ’ব৷

খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like