নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ দৰে ফিনিছাৰ হ’ব বিচাৰে ডেভিড মিলাৰে

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন তাৰকা উইকেটকীপাৰ বেটছমেন মহেন্দ্র সিং ধোনীক প্রশংসাৰে উপচালে দক্ষিণ আফ্রিকাৰ বাঁওহতীয়া বেটছমেন ডেভিড মিলাৰে৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীত হ’বলগীয়া ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোত ৰাজস্থান ৰয়েলছক প্রতিনিধিত্ব কৰিবলগীয়া ডেভিড মিলাৰে মহেন্দ্র সিং ধোনীৰ দৰে ফিনিছাৰ হ’ব বিচাৰে৷

আই পি এলৰ ফ্রেঞ্চাইজী চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনীৰ দৰে কোনো ফিনিছাৰ নাই বুলি উল্লেখ কৰি মিলাৰে কয় যে আসন্ন আই পি এলৰ লগতে দক্ষিণ আফ্রিকা দলটোৰ হৈও তেওঁ ধোনীৰ দৰে বেটিং কৰিবলৈ আগ্রহী৷ মহেন্দ্র সিং ধোনীৰ শান্ত স্বভাৱটোক পছন্দ কৰা বুলি উল্লেখ কৰি ডেভিড মিলাৰে লগতে কয় যে চাপৰ সময়তো শান্ত হৈ ধোনীয়ে কেইবাখনো মেচত জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছে৷ দলৰ বিপদৰ সময়তো তেওঁ নিজকে নিয়ন্ত্রিত কৰি ৰাখে৷

টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীৰ এই গুণ তেওঁ ধৰি ৰাখিব বিচাৰে বুলি ই এছ পি এন ক্রিকইনফ’ৰে হোৱা এক বার্তালাপত ৰাজস্থান ৰয়েলছৰ বেটছমেনগৰাকীয়ে লগতে কয় যে বিপক্ষ দলে বান্ধি দিয়া লক্ষ্য অতিক্রম কৰাৰ ক্ষেত্রত ধোনীয়ে যেনেদৰে বেটিং কৰে ঠিক তেনেদৰে তেৱোঁ বেটিং কৰিব বিচাৰে৷ ধোনীৰ ষ্টাইলৰ দৰে তেওঁ মেচ সমাপ্ত কৰিব বিচাৰে৷ অৱশ্যে ধোনীৰ এই স্বভাৱবোৰ আয়ত্ত কৰিবলৈ সহজ নহ’ব বুলি উল্লেখ কৰে ডেভিড মিলাৰে৷

You might also like