নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত উপস্থিত ধোনীৰ চিএছকে ব্রিগেড; আজিৰে পৰা এসপ্তাহজোৰা প্রস্তুতি শিবিৰ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ইউএইত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ পূর্বে এসপ্তাহজোৰা প্রস্তুতি শিবিৰত অংশ ল’বলৈ আজি চেন্নাইত উপস্থিত হয় চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনী আৰু তেওঁৰ কেইজনমান সতীর্থ৷ আজি বিয়লি ধোনীৰ সৈতে চেন্নাইত উপস্থিত হোৱা দলটোৰ আনকেইগৰাকী সদস্য হ’ল– সুৰেশ ৰাইনা, কেদাৰ যাদৱ, দীপক চহৰ আৰু পীয়ূষ চাওলা৷ চিএছকেৰ এগৰাকী বিষয়াই এই সন্দর্ভত কয় যে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা ১৬গৰাকী ভাৰতীয় খেলুৱৈৰ প্রায় ১৪গৰাকীয়ে প্রস্তুতি শিবিৰত অংশ ল’ব৷

চেন্নাইলৈ অহাৰ পূর্বে গৃহ চহৰত প্রতিগৰাকী খেলুৱৈৰ ক’ভিড টেষ্ট সম্পন্ন হোৱাৰ বাবে তেওঁলোকৰ পৰৱর্তী টেষ্ট ইউএইলৈ উৰা মৰাৰ ৭২ ঘণ্টা পূর্বে সম্পন্ন কৰা হ’ব৷ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই শিবিৰত উপস্থিত থকাৰ সম্ভাৱনা নাই৷ ব্যক্তিগত কাৰণৰ বাবে তেওঁ শিবিৰত উপস্থিত থাকিব নোৱাৰে বুলি চিএছকেৰ দলীয় কর্তৃপক্ষই আজি সদৰী কৰিছে৷ উল্লেখ্য যে বিগত বর্ষৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতীয় দলৰ হৈ নেখেলা ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে অহা ২১ আগষ্টত আইপিএলৰ বাবে ইউএইলৈ উৰা মাৰিব৷

You might also like