নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকণ্ঠিত হৰমনপ্রীত কৌৰ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ  ইউএইত পুৰুষ আইপিএলৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া মহিলা আইপিএললৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে ভাৰতীয় মহিলা দলৰ তাৰকা ক্রিকেটাৰ হৰমনপ্রীত কৌৰে৷ ভাৰতৰ হৈ ১১৪খন টি–২০ আৰু ৯৯খন এদিনীয়া মেচ খেলা তাৰকাগৰাকীয়ে কয় যে তেওঁৰ বাবে এয়া হ’ব প্রথমটো ইউএই ভ্রমণ৷ ‘আইপিএলৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া মহিলাৰ টি–২০ চেলেঞ্জলৈ মই স্বাভাৱিকতে উৎকণ্ঠিত৷ কিয়নো, এয়া হ’ব মোৰ প্রথমটো ইউএই ভ্রমণ৷ ইয়াৰ পূর্বে মই কেতিয়াও দেশখনত খেলাৰ অভিজ্ঞতা অর্জন কৰা নাই৷’– হৰমনপ্রীত কৌৰে এইদৰে কয়৷ উল্লেখ্য যে যোৱা সপ্তাহত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে ঘোষণা কৰিছিল যে ইউএইত অহা ছেপ্টেম্বৰ–নৱেম্বৰ অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ সমান্তৰালকৈ মহিলাৰ টি–২০ চেলেঞ্জ প্রতিযোগিতাও খেলোৱা হ’ব৷ ১–১০ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া মহিলা টি–২০ মেচত তিনিটা দলে অংশগ্রহণ কৰাৰ কথা আছে৷ সেই সময়ছোৱাত অষ্ট্রেলিয়াত মহিলাৰ বিগ বাছ টি–২০ লীগ চলি থাকিব বাবে বিদেশী খেলুৱৈৰ অংশগ্রহণ এতিয়াও নিশ্চিত হোৱা নাই৷ মন কৰিবলগীয়া যে ভাৰতীয় মহিলা দলটোৱে চলিত বর্ষৰ মার্চত টি–২০ বিশ্বকাপৰ ফাইনেলৰ পৰা কোনো মেচ খেলা নাই৷

You might also like