নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ প্রস্তুতিৰ বুজ ল’লে গাংগুলীয়ে; শীর্ষ বিষয়ববীয়াৰ সৈতে শ্বাৰজাহ ক্রিকেট ষ্টেডিয়াম পৰিদর্শন

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  দীঘলীয়া প্রতীক্ষাৰ অন্ত পেলাই অৱশেষত অহা শনিবাৰৰ পৰা আৰম্ভ হ’ব ত্রয়োদশ সংস্কৰণৰ আই পি এল৷ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ভাৰতৰ সলনি ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগৰ প্রস্তুতি একপ্রকাৰ সম্পূর্ণ হৈ উঠিছে৷ বি চি চি আই আৰু ইউ এ ই ক্রিকেট ব’র্ডে আই পি এলৰ বাবে যুদ্ধকালীন তৎপৰতাৰে জৈৱ সুৰক্ষিত পৰিৱেশত প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ সমগ্র বিশ্বৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ থকা প্রতিযোগিতাখনৰ প্রস্তুতিৰ বুজ ল’বলৈ আজি শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত উপস্থিত হয় বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলী৷

ভাৰতৰ হৈ ক্রিকেট খেলি থকা সময়ত এই গ্রাউণ্ডত কেইবাটাও স্মৰণীয় ইনিংছ খেলা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ইউ এ ই ক্রিকেট ব’ডৰ শীর্ষ বিষয়ববীয়া আৰু আই পি এলৰ অধ্যক্ষ ব্রিজেশ পেটেল, প্রাক্তন অধ্যক্ষ ৰাজীৱ শুক্লা আৰু চি ই অ’ হেমাংগ আমিনক লগত লৈ ষ্টেডিয়ামখনৰ সকলো সা–সুবিধা আৰু আন্তঃগাঁথনি পৰিদর্শন কৰে৷ মন কৰিবলগীয়া যে এই ক্রিকেট গ্রাউণ্ডত গাংগুলীয়ে ভাৰতৰ হৈ এটা শতক আৰু পাঁচটা অর্ধ শতকৰ সহায়ত ৭০০ৰো অধিক ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ এই ধৰণৰ বহু স্মৃতি বুকুত বান্ধি প্রাক্তন ক্রিকেটাৰগৰাকীয়ে আজি বি চি চি আইৰ মুৰব্বী হিচাপে পুনৰ শ্বাৰজাহ ক্রিকেট গ্রাউণ্ডত ভৰি দিয়ে৷

মন কৰিবলগীয়া যে আই পি এলৰ প্রস্তুতিৰ বুজ ল’বলৈ গাংগুলী যোৱা ৯ ছেপ্ঢেম্বৰত ডুবাইত উপস্থিত হৈছিল৷ তাৰ পিছত তেওঁ ছয় দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰি আজি শ্বাৰজাহ ক্রিকেট গ্রাউণ্ড পৰিদর্শন কৰে৷ ইফালে ছ’চিয়েল মিডিয়াত গাংগুলীয়ে আপলোড কৰা ষ্টেডিয়াম পৰিদর্শনৰ এখন ফটোৱে বিশেষ চর্চা লাভ কৰিছে৷ এই ফটোৰ বেকগ্রাউণ্ডত শ্বাৰজাহ ক্রিকেট গ্রাউণ্ডৰ এখন ফলকত পাকিস্তানৰ কেইগৰাকীমান খেলুৱৈৰ ফটো আছিল যদিও গাংগুলীয়ে ছ’চিয়েল মিডিয়াত প্রকাশ কৰা ফটোকেইখনত সেই খেলুৱৈসকলক চিনিব নোৱৰাকৈ অস্পষ্ট কৰি দিয়া দেখা গৈছে৷ পাকিস্তান ক্রিকেট ব’ডৰ সৈতে চলি থকা সংঘাতৰ বাবেই এইদৰে গাংগুলীৰ ফটোৰ বেকগ্রাউণ্ডৰ পৰা পাকিস্তানৰ খেলুৱৈসকলক অস্পষ্ট কৰি দিয়া হৈছে বুলি ক্রিকেট মহলত চর্চা হৈছে৷

উল্লেখ্য যে শ্বাৰজাহ ক্রিকেট গ্রাউণ্ডত আগন্তুক আই পি এলৰ ১২খন মেচ খেলোৱা হ’ব৷ ২২ ছেপ্ঢেম্বৰত এই গ্রাউণ্ডত চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত প্রথমখন মেচ অনুষ্ঠিত হ’ব৷

You might also like