নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰবত প্ৰশিক্ষণত ব্যস্ত ৰিয়ান পৰাগ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ শনিবাৰৰ পৰা অনুষ্ঠিত হ’ব IPL। পোন প্ৰথমবাৰৰ বাবে আৰৱত অনুষ্ঠিত হ’ব IPL। আৰৱতেই অনুশীলনত ব্যস্ত হৈ আছে অসম সন্তান ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ বেটিং প্ৰশিক্ষক অমল মজুমদাৰৰ নেতৃত্বত প্ৰশিক্ষণ লৈ আছে ৰিয়ান পৰাগে। ৰিয়ান পৰাগক প্ৰশংসা কৰে প্ৰশিক্ষকগৰাকীয়ে। উল্লেখ্য যে যোৱাটো চিজনটো ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ অংশগ্ৰহণ কৰিছিল। প্ৰথমটো চিজনটোত কম বয়সীয়া ৰিয়ানে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে মহেন্দ্ৰ সিঙ ধোনীকে ধৰি কেইবাগৰাকী ক্ৰিকেটাৰে ভূয়সী প্ৰশংসা কৰিছিল ৰিয়ানক।

ৰিয়াগৰ পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱা দাস। তেওঁৰ পিতৃ পৰাগ দাস এজন প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ আৰু মাতৃ মিঠু বৰুৱা দাস এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ। উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰ মাহত তেওঁক ১৯ বছৰ অনুৰ্ধ্বৰ এচিচি এছিয়া কাপ ২০১৭ ত ভাৰতীয় দলৰ হৈ খেলিবলৈ নিৰ্বাচিত কৰা হৈছিল।

 

You might also like