নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএললৈ খেলুৱৈৰ কোৱাৰেণ্টাইন আৰম্ভ

চৰকাৰৰ অনুমতি লাভৰ পিছতে ডুবাইলৈ যোৱাৰ তৎপৰতা বৃদ্ধি আইপিএলৰ ফ্রেন্সাইজীৰ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ ইউ এ ইত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ বাবে খেলুৱৈসকলৰ কোৱাৰেণ্টাইন আৰু ক’ভিড–১৯ টেষ্টিং প্রক্রিয়া আৰম্ভ কৰিছে আই পি এলৰ ফ্রেন্সাইজীসমূহে৷ বি চি চি আয়ে প্রস্তুত কৰা এছ অ’ পি অনুসৰণ কৰি ফেন্সাইজীসমূহে খেলুৱৈ আৰু দলীয় কর্মকর্তাসকলক কোৱাৰেণ্টাইন হৈ থকাৰ নির্দেশ দিছে৷ জানিব পৰা অনুসৰি, ছবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে মুম্বাইৰ এখন হোটেলত তেওঁলোকৰ ভাৰতীয় খেলুৱৈসকলক কোৱাৰেণ্টাইন কৰিছে৷ কোৱাৰেণ্টাইন প্রক্রিয়া শেষ হোৱাৰ পাছতে খেলুৱৈসকল নভি মুম্বাইত অনুশীলনৰ অনুমতি লাভ কৰিব৷ একেদৰে ৰাজস্থান ৰয়েলছে অহা দুসপ্তাহৰ ভিতৰত খেলুৱৈ আৰু দলীয় কর্মকার্তৰ ক’ভিড–১৯ টেষ্ট সম্পন্ন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে৷ দিল্লী কেপিটেলছ দলেও তেওঁলোকৰ ভাৰতীয় খেলুৱৈসকলক হোম কোৱাৰেণ্টাইনৰ নির্দেশ দিছে৷ উল্লেখ্য যে বি চি চি আয়ে নির্ধাৰণ কৰা নিয়ম অনুসৰি ইউ এ ই ভ্রমণৰ পূর্বে আই পি এলৰ প্রতিগৰাকী খেলুৱৈৰ ক’ভিড টেষ্ট সম্পন্ন হ’ব আৰু ফলাফল নিগেটিভ অহা খেলুৱৈসকলেহে ভ্রমণৰ অনুমতি লাভ কৰিব৷ ২০ আগষ্টৰ পাছত ইউ এ ইলৈ উৰা মৰাৰ পূর্বে খেলুৱৈসকলৰ কোৱাৰেণ্টাইন আৰু ক’ভিড–১৯ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্যৰে অধিকাংশ ফেন্সাইজীয়ে ইতিমধ্যে খেলুৱৈসকলক হোম কোৱাৰেণ্টাইনৰ নির্দেশ জাৰি কৰিছে৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব নোৱাৰা আই পি এল অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত আয়োজনৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ইফালে, ভাৰত চৰকাৰৰ পৰা বিচিচিআয়ে আজি আইপিএল ইউএইত আয়োজনৰ বাবে প্রয়োজনীয় অনুমতি লাভ কৰে বুলি জানিব পৰা গৈছে৷ চৰকাৰৰ আনুষ্ঠানিক অনুমতি লাভৰ পিছতে ফেন্সাইজীসমূহে আজিৰে পৰা খেলুৱৈৰ কোৱাৰেণ্টাইন আৰম্ভ কৰিছে৷

You might also like