নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ স্প’নছৰশ্বিপ এৰিলে ভিভ’ৱে

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ চাইনিজ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে চলিত বর্ষৰ বাবে আইপিএলৰ স্প’নছৰশ্বিপ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে৷ ভাৰত আৰু চীনৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাত তীব্রতৰ হৈ উঠাৰ পিছত ভাৰতত চাইনিজ কোম্পানীৰ বিৰুদ্ধে বিক্ষোভ বৃদ্ধি পোৱাত ম’বাইল নির্মাণ কোম্পানীটোৱে নিজেই আইপিএলৰ স্প’নছৰশ্বিপ ত্যাগ কৰাৰ সিদ্ধান্ত ল’বলগীয়া হয়৷ উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত আইপিএলৰ গৱর্নিং কাউঞ্চিলৰ বৈঠকত বিচিচিআয়ে স্পষ্টকৈ ঘোষণা কৰিছিল যে ভিভ’ৰ সৈতে বিচিচিআই ২০২৩ চনলৈ চুক্তিবদ্ধ হৈ আছে আৰু এই চুক্তি অক্ষুণ্ণ থাকিব৷ কিন্তু বিচিচিআইৰ এই সিদ্ধান্তৰ পিছতে ভাৰতৰ ছ’চিয়েল মিডিয়াত তীব্র প্রতিবাদ আৰম্ভ হয়৷ চীনৰ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৰ সৈতে সম্পর্ক ছেদ কৰিবলৈ বিভিন্ন মহলৰ পৰা দাবী উত্থাপন হোৱা দেখা যায়৷ চীনবিৰোধী এই বিক্ষোভক কেন্দ্র কৰি বিচিচিআই চৰম অস্বস্তিৰ সন্মুখীন হোৱাৰ সময়তে ভিভ’ৱে আজি নিজেই আইপিএলৰ টাইটেল স্প’নছৰশ্বিপ ত্যাগ কৰাৰ বাতৰি প্রকাশ পাইছে৷ এই সন্দর্ভত বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই পিটিআইৰ আগত প্রকাশ কৰিছে যে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহৰ সৈতে ভিভ’ কোম্পানীৰ প্রতিনিধিৰ গুৰুত্বপূর্ণ বৈঠক অব্যাহত আছে৷ এতিয়াও কোনো কথা স্পষ্ট হোৱা নাই যদিও এবছৰৰ বাবে ভিভ’ৱে আইপিএলৰ টাইটেল স্প’নছৰ হিচাপে জড়িত নথকাটো একপ্রকাৰ নিশ্চিত৷ ব’ডে ইতিমধ্যে নতুন টাইটেল স্প’নছৰৰ সন্ধান আৰম্ভ কৰিছে বুলিও সূত্রটোৱে সদৰী কৰে৷ অৱশ্যে আইপিএললৈ মাজত মাথোঁ ৪০টা দিন বাকী থকা অৱস্থাত নতুন টাইটেল স্প’নছৰৰ সন্ধান কৰাটো ব’ডৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক হ’ব৷ মন কৰিবলগীয়া যে যোৱা জুন মাহত লাডাখ সীমান্তত চীনা সৈন্যৰ বর্বৰ আক্রমণত ভাৰতৰ ২০গৰাকীকৈ সেনা জোৱান শ্বহীদ হোৱাৰ পিছতে চাইনিজ কোম্পানীৰ বিৰুদ্ধে ভাৰতৰ চৌদিশে তীব্র বিক্ষোভৰ উদ্গীৰণ ঘটা দেখা যায়৷ দেশৰ চৌদিশে সৃষ্টি হোৱা এই বিক্ষোভৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ৬০টাৰো অধিক চাইনিজ এপ্ছ ভাৰতত নিষিদ্ধ কৰিছে৷ কিন্তু ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ভিভ’ৰ সৈতে সম্পর্ক ছেদ কৰিবলৈ তাৎক্ষণিক সিদ্ধান্ত গ্রহণৰ পৰা বিৰত আছিল৷ ভাৰতীয় ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে আইপিএলৰ টাইটেল স্প’নছৰশ্বিপৰ বিনিময়ত চীনৰ কোম্পানীটোৰ পৰা প্রতিবছৰে ৪৪০ কোটি টকা লাভ কৰে৷ ২০১৭ত বিচিচিআই আৰু ভিভ’ৰ মাজত আইপিএলৰ টাইটেল স্প’নছৰশ্বিপক লৈ ২,১৯৯ কোটিৰ বৃহৎ চুক্তি স্বাক্ষৰিত হৈছিল৷ আইপিএলৰ প্রাক্মুহূর্তত ব’র্ডে এতিয়া টাইটেল স্প’নছৰ হিচাপে কোনটো কোম্পানীক বাছনি কৰে, সেয়া লক্ষণীয় হৈ পৰিছে

You might also like