নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলৰ বিস্ফোৰক শতকেৰে জয় পঞ্জাবৰ

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ কিংছ একাদশ পঞ্জাবে চলিত আই পি এলত ক্রমাগত দ্বিতীয়টো বিজয় সাব্যস্ত কৰিছে৷ কালি অনুষ্ঠিত মেচখনত পঞ্জাবে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুক ৯৭ ৰানত পৰাস্ত কৰে৷ মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ কোহলি বাহিনীয়ে ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৯ ৰানহে কৰে৷

অধিনায়ক কোহলিয়ে ১, ফিনছে ২০ আৰু ডি ভিলিয়ার্ছে ২৮ ৰান কৰে৷ দলটোৰ হৈ ৱাশ্বিংটনে সর্বাধিক ৩০ ৰান কৰে৷ অ’পেনাৰ পাড়িকেলে ১ আৰু জ’ছ ফিলিপে কোনো ৰান নকৰাকৈ বিদায় লয়৷ পঞ্জাবৰ হৈ ৰবি বিষ্ণৈ আৰু মুৰুগান অশ্বিন উভয়ে তিনিটাকৈ তথা কট্রেলে দুটা উইকেট লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক লোকেশ ৰাহুলৰ বিস্ফোৰক অপৰাজিত শতকৰ সহায়ত কিংছ একাদশ পঞ্জাবে নির্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ২০৬ ৰান সংগ্রহ কৰে৷ ৰাহুল আৰু মায়ংক আগৰৱালে ইনিংছ মুকলি কৰি প্রথম উইকেটৰ যুটিত ৫৭ ৰান সংগ্রহ কৰাৰ সময়তে মায়ংকে ব্যক্তিগত ২৬ ৰানত বিদায় লয়৷

ইফালে, অধিনায়ক ৰাহুলে ১৩২ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৰাহুলৰ ৬৯টা বলৰ ইনিংছটোত আছিল ১৪টা চাৰি আৰু সাতটা ছয়৷ মন কৰিবলগীয়া যে চলিত আই পি এলত ৰাহুলে প্রথমগৰাকী বেটছমেন হিচাপে শতক পূর্ণ কৰে৷ ইপিনে, নিকোলাছ পুৰানে ১৭ আৰু মেক্সৱেলে ৫ ৰান কৰি বিদায় লয় যদিও কৰুণ নায়াৰে ১৫ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৰাহুলে নায়াৰৰ সৈতে চতুর্থ উইকেটৰ যুটিত অপৰাজিতভাৱে ৭৮ ৰান সংগ্রহ কৰে৷

You might also like