নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ক্রিকেট মানচিত্রত অন্তর্ভুক্ত হ’ব মাজুলী

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   শীঘ্রেই ৰাজ্যৰ ক্রিকেট মানচিত্রত অন্তর্ভুক্ত হ’ব বিশ্বৰ সর্ববৃহৎ নদীদ্বীপ মাজুলী৷ চাৰি বছৰ পূর্বে জিলা ঘোষিত নদীদ্বীপ মাজুলীত ক্রিকেটৰ আন্তঃগাঁথনি বিকশিত কৰাৰ লক্ষ্যৰে অসম ক্রিকেট সন্থাই অভিলাষী আঁচনি হাতত লৈছে৷ এই অনুসৰি এ চি এৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই জিলাখনৰ বিভিন্ন ক্রিকেট ক্লাব, ক্রীড়া সংগঠন, ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন তথা খেলুৱৈসকলক সাক্ষাৎ কৰি এক ৰোড মেপ তৈয়াৰ কৰিছে৷ জিলাখনৰ প্রতিভাৱান ক্রিকেটাৰসকলক বি চি চি আইৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতাত অংশ লোৱাৰ সুযোগ দিয়াৰ লক্ষ্যৰে অসম ক্রিকেট সন্থাই শীঘ্রে মাজুলী জিলা ক্রিকেট সন্থা গঠনৰ সিদ্ধান্তত উপনীত হৈছে৷ ইফালে, কমলাবাৰীস্থিত মাজুলী ক্রীড়া ক্ষেত্রক এখন উপযুক্ত ক্রিকেট গ্রাউণ্ড হিচাপে গঢ়ি তুলিবলৈও সন্থাই পদক্ষেপ লৈছে৷ অহা সপ্তাহৰ পৰা এই গ্রাউণ্ডৰ নির্মাণৰ কাম আৰম্ভ হ’ব৷ গ্রাউণ্ডৰ সৈতে এটা ক্রিকেট পেভিলিয়নৰো সুবিধা থাকিব৷ ২০২১ৰ এপ্রিলৰ পৰা মাজুলী জিলা ক্রিকেট সন্থাৰ উদ্যোগত এই গ্রাউণ্ডত ক্রিকেট মেচ অনুষ্ঠিত হোৱাৰ আশা প্রকাশ কৰিছে অসম ক্রিকেট সন্থাই৷

You might also like