নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউএছ অ’পেনত জাপানৰ অ’ছাকাৰ শেষ হাঁহি

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ বর্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতি অদম্য সাহস আৰু দৃঢ়তাৰ পৰিচয় দাঙি ধৰা জাপানৰ উদীয়মান তাৰকা নাওমি অ’ছাকাই ইউ এছ অ’পেনত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে৷ যোৱানিশা নিউয়র্কত অনুষ্ঠিত গ্রেণ্ডশ্লেম ইভেণ্টখনৰ ৰোমাঞ্চকৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত অ’ছাকাই বেলাৰুছৰ অভিজ্ঞ তাৰকা ভিক্ট’ৰিয়া আজাৰেংকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেনত খিতাপ জয় কৰে৷ ২০১৮ৰ চেম্পিয়ন ২২ বছৰীয়া জাপানিজ তাৰকাগৰাকীয়ে মেচখনত ১–৬, ৬–৩, ৬–৩ ছেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷

আজাৰেংকাৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ সন্মুখত অ’ছাকা প্রথমটো ছেটত কিছু চাপৰ সন্মুখীন হয় যদিও পৰৱর্তী দুটা ছেটত দুর্দান্ত প্রদর্শনেৰে প্রত্যাৱর্তন ঘটায়৷ উল্লেখ্য যে এই জয়েৰে অ’ছাকাই গ্রেণ্ডশ্লেমৰ ফাইনেলত এশ শতাংশ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বেও তেওঁ দুবাৰকৈ গ্রেণ্ডশ্লেম প্রতিযোগিতাৰ ফাইনেলত প্রৱেশ কৰি জয় সাব্যস্ত কৰিছিল৷ ২০১৮ৰ ইউ এছ অ’পেন আৰু ২০১৯ৰ অষ্ট্রেলিয়ান অ’পেনত অ’ছাকাই খিতাপত চুম্বন দিছিল৷ ইফালে ইউ এছ অ’পেনৰ ফাইনেলত ব্যর্থতাৰ ধাৰা অব্যাহত আছে বেলাৰুছৰ পঞ্চম বাছনিপ্রাপ্ত তাৰকা ভিক্ট’ৰিয়া আজাৰেংকাৰ৷ যোৱানিশাৰ ফাইনেলত তেওঁ অ’ছাকাৰ বিৰুদ্ধে সুন্দৰ আৰম্ভণিৰে প্রথমটো ছেট দখল কৰাৰ পিছতো পৰৱর্তী দুটা ছেটত হাৰ মানে৷

মন কৰিবলগীয়া যে ২০১২ আৰু ২০১৩ৰ ইউ এছ অ’পেনৰ ফাইনেলতো আজাৰেংকা পৰাজয়ৰ সন্মুখীন হৈছিল৷ ৩১ বছৰীয়া তাৰকাগৰাকীয়ে ৭ বছৰৰ মূৰত প্রথমবাৰৰ বাবে গ্রেণ্ডশ্লেম ইভেণ্টৰ ফাইনেল খেলিছিল৷ আনহাতে, এছিয়া মহাদেশৰ প্রথমগৰাকী খেলুৱৈ হিচাপে অভিলেখসংখ্যক তিনিটা গ্রেণ্ডশ্লেম ছিংগলছ খিতাপ জয় কৰা জাপানৰ উদীয়মান তাৰকা অ’ছাকাৰ চমকপ্রদ সাফল্যই উৎফুল্লিত কৰি তুলিছে জাপানৰ ক্রীড়া মহলক৷ দেশখনৰ পুৰুষ টেনিছ তাৰকা কেই নিশ্বিক’ৰীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ক্রীড়াবিদে ২২ বছৰীয়া যুৱ তাৰকাগৰাকীক শুভেচ্ছা জনাইছে৷

You might also like