নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ পতঞ্জলি আইপিএল !

টাইটেল স্পনছৰশ্বিপ হ’বলৈ আগ্রহী ৰামদেৱৰ আয়ুর্বেদ প্রতিষ্ঠান

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আইপিএলৰ টাইটেল স্পনছৰ হ’বলৈ আগ্রহ প্রকাশ কৰিছে যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলি আয়ুর্বেদ প্রতিষ্ঠানে৷ চাইনিজ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে চলিত বর্ষৰ আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ দায়িত্ব ত্যাগৰ পিছত খালী হোৱা আসনখন পূৰণ কৰিবলৈ প্রতিষ্ঠানটোৱে ব’ডৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ অহা ১৪ আগষ্টৰ পূর্বে পতঞ্জলিয়ে আইপিএলৰ স্পনছৰশ্বিপ গ্রহণৰ আগ্রহ ব্যক্ত কৰি নিবিদা দাখিলৰ সম্ভাৱনা আছে৷

এই সন্দর্ভত পতঞ্জলিৰ মুখপাত্র এছ কে তিজাৰাৱালাই কয় যে ভাৰতীয় ব্রেণ্ড এটাক গোলকীয় মঞ্চত উপস্থাপন কৰাৰ এয়াই উপযুক্ত সময়৷ ‘প্রধানমন্ত্রী মোদীয়ে স্থানীয়ভাৱে নির্মিত সামগ্রীৰ প্রসাৰত গুৰুত্ব দিয়াৰ সময়তে আমি অনুভৱ কৰিছোঁ যে আইপিএলৰ জৰিয়তে পতঞ্জলিয়ে গোলকীয় মঞ্চত ব্যাপক প্রসাৰ লাভ কৰিব৷ আইপিএলৰ টাইটেল স্পনছৰশ্বিপৰ বাবে নিবিদা দাখিল কৰাৰ বিষয়টো আমি গুৰুত্বসহকাৰে বিবেচনা কৰি আছোঁ৷ শীঘ্রেই এক চূড়ান্ত সিদ্ধান্তত উপনীত হ’ম বুলি আশা কৰিছোঁ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডেও আমাৰ প্রতি আগ্রহ ব্যক্ত কৰিছে৷’– পতঞ্জলিৰ বিষয়াগৰাকীয়ে এইদৰে কয়৷ মন কৰিবলগীয়া যে ভাৰতৰ পৰিৱর্তে ইউএইত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএললৈ মাজত মাথোঁ এমাহ বাকী থকা অৱস্থাত চাইনিজ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে ভাৰতীয় নাগৰিকৰ ক্ষোভৰ সন্মুখত শিৰনত কৰি আইপিএলৰ স্পনছৰশ্বিপ প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷

ইয়াৰ ফলত বিচিচিআয়ে এতিয়া নতুন টাইটেল স্পনছৰশ্বিপৰ সন্ধানত ব্যস্ত আছে৷ আইপিএলৰ ব্যৱসায়িক ৰাজহৰ উল্লেখনীয় অংশ হিচাপে পৰিচিত টাইটেল স্পনছৰশ্বিপৰ বাবে ভিভ’ৱে প্রতিবছৰে বিচিচিআইক ৪৪০ কোটি টকা আদায় দিছিল৷ বিগত বিত্তীয় বর্ষত প্রায় ৮ হাজাৰ কোটিৰ ৰাজহ সংগ্রহ কৰা পতঞ্জলিয়ে টাইটেল স্পনছৰশ্বিপৰ দায়িত্ব লাভ কৰিলে বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখন এইবাৰ পতঞ্জিল আইপিএল হিচাপে নামকৰণ হোৱাটো নিশ্চিত৷

You might also like