নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল–ছামিক লৈ খিতাপ জয়ৰ স্বপ্ন পঞ্জাবৰ

দেওবাৰে দিল্লী কেপিটেলছৰে খেলি অভিযান চলাব আইপিএলত

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   বাজি উঠিছে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ৰণদুন্দুভি৷ সংযুক্ত আৰব আমিৰশ্বাহীত হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনলৈ মাজতে মাথোঁ দুটা দিন বাকী৷ ইতিমধ্যে ৰণনীতি প্রস্তুত কৰি সম্পূর্ণৰূপে সাজু হৈ উঠিছে আটাইকেইটা দল৷ ক’ৰোনাৰ আতংকৰ বাবে দেশৰ বাহিৰত হ’বলগীয়া প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে খিতাপ জয়ৰ স্বপ্ণ দেখিছে কিংছ একাদশ পঞ্জাবে৷ এতিয়ালৈকে প্রতিযোগিতাখনত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই যদিও এইবাৰ লোকেশ ৰাহুলৰ কান্ধত ধৰি আই পি এলখনত চেম্পিয়ন হোৱাৰ লক্ষ্য লৈছে প্রীতি জিণ্টাৰ দলটোৱে৷ বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতা আই পি এল খনত এইবাৰ লোকেশ ৰাহুলে পঞ্জাব দলটোক নেতৃত্ব দিব৷ প্রশিক্ষক অনিল কুম্বলে আৰু অধিনায়ক লোকেশ ৰাহুলক লৈ আত্মবিশ্বাসী দলটো৷ বিগত আই পি এলত পঞ্জাবৰ হৈ সর্বাধিক ৰান কৰা ৰাহুলৰ ওপৰতে দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ অৱশ্যে অধিনায়ক ৰাহুলক যোগ্য সহযোগ আগবঢ়াব লাগিব বিস্ফোৰক বেটছমেন ৱেষ্ট ইণ্ডিজৰ ক্রিছ গেইলৰ লগতে অষ্ট্রেলিয়াৰ গ্লেন মেক্সৱেলে৷ আনহাতে, টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামিৰ ওপৰতো দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ ভাৰতীয় দলটোৰ হৈ শেহতীয়াকৈ দুর্দান্ত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা ছামিয়ে আই পি এলতো চমক দেখুৱাবলৈ সক্ষম হয় তেতিয়াহ’লে পঞ্জাবে এইবাৰ খিতাপ দখল কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে কিংছ একাদশ পঞ্জাবে অহা ২০ ছেপ্ঢেম্বৰ, দেওবাৰে ডুবাইত  দিল্লী কেপিটেলছৰে খেলি প্রতিযোগিতাখনত অভিযান চলাব৷

You might also like