নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিএছকেৰ শিবিৰত পুনৰ যোগ দিব ৰাইনাই

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ব্যক্তিগত কাৰণত চেন্নাই ছুপাৰ কিংছৰ শিবিৰ ত্যাগ কৰি ইউএইৰ পৰা ঘৰলৈ উভতি অহা তাৰকা বেটছমেন সুৰেশ ৰাইনাক আগন্তুক আইপিএলত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ বিপদৰ সময়ত পৰিয়ালক সময় দিবলৈ ঘৰলৈ অহা ক্রিকেটাৰগৰাকীয়ে শীঘ্রেই চেন্নাই ছুপাৰ কিংছৰ শিবিৰত পুনৰ যোগ দিব৷ এই আশা প্রকাশ কৰিছে ভাৰতৰ প্রাক্তন উইকেটৰক্ষক দীপ দাসগুপ্তাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ  কয় যে সুৰেশ ৰাইনাই আইপিএল খেলাৰ পূর্ণ সম্ভাৱনা আছে৷

কোৱাৰেণ্টাইনৰ বাবে তেওঁ হয়তো প্রথম পর্যায়ৰ কেইখনমান মেচ খেলিব নোৱাৰিব৷ কিন্তু মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে তেওঁ ডুবাইলৈ পুনৰ উভতি যাব৷ মন কৰিবলগীয়া যে আইপিএলৰ বাবে চেন্নাই ছুপাৰ কিংছে ডুবাইত অনুশীলনত নমাৰ পূর্বেই ৰাইনাই ব্যক্তিগত কাৰণত দেশলৈ উভতি অহাক লৈ ব্যাপক বিতর্কৰ সৃষ্টি হৈছে৷ হোটেলৰ কোঠাক লৈ চিএছকেৰ দলীয় মেনেজমেণ্টৰ সৈতে ৰাইনাৰ সংঘাত সৃষ্টি হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশ পায়৷ চেন্নাই ছুপাৰ কিংছৰ ১৩গৰাকীকৈ সদস্য ক’ভিড–১৯ত আক্রান্ত হোৱাত ৰাইনাই মানসিকভাৱে ভাগি পৰা বুলিও বাতৰি প্রকাশ পাইছিল৷

অৱশ্যে ৰাইনাই এই বাতৰিক ভুৱা আখ্যা দি বিষয়টো স্পষ্ট কৰি কয় যে পৰিয়ালৰ সদস্যৰ এক দুর্ঘটনাৰ বাবেহে তেওঁ আকস্মিকভাৱে স্বদেশলৈ উভতি আহে৷ ডুবাইলৈ গৈ পুনৰ চিএছকেৰ শিবিৰত যোগ দিয়াৰ সম্ভাৱনা আছে বুলি ৰাইনাই নিজ মুখেও স্বীকাৰ কৰিছিল৷ চেন্নাই ছুপাৰ কিংছেও এইপর্যন্ত বেটছমেনগৰাকীৰ বিকল্প খেলুৱৈৰ নাম ঘোষণা কৰা নাই৷

You might also like