নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মিথ–মিলাৰক লৈ আশাবাদী ৰাজস্থানৰ প্রশিক্ষক মেকড’নাল্ড

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ আই পি এললৈ মাজত মাথোঁ দুটা দিন বাকী আছে যদিও ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ অংশগ্রহণক লৈ এতিয়াও নিশ্চিত নহয় ৰাজস্থান ৰয়েলছ৷ দলটোৰ মুখ্য প্রশিক্ষক এণ্ড্রিউ মেকড’নাল্ডে আজি কয় যে ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী দলৰ নায়ক ষ্ট’কছ সম্প্রতি পৰিয়ালক সময় দিবলৈ নিউজিলেণ্ডত আছে৷ তেওঁ কেতিয়া আহি ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগ দিয়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷

উল্লেখ্য যে কর্কট ৰোগত ভুগি থকা পিতৃক সংগ দিবলৈ ষ্ট’কছে যোৱা মাহতে নিউজিলেণ্ডলৈ উৰা মাৰিছিল৷ পাকিস্তানৰ বিৰুদ্ধে আগষ্টত অনুষ্ঠিত টেষ্ট শৃংখলা আধাতে এৰি তেওঁ পৰিয়ালৰ কাষলৈ ৰাওনা হৈছিল৷ ইফালে, শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ প্রথম দুখন মেচত আঘাতৰ বাবে খেলিব নোৱৰা অষ্ট্রেলিয়ান তাৰকা ষ্টিভেন স্মিথক লৈ উদ্বিগ্ণ নহয় ৰাজস্থান ৰয়েলছ৷ আই পি এলৰ পূর্বে অধিনায়ক স্মিথ সম্পূর্ণৰূপে সুস্থ হৈ উঠিব বুলি প্রশিক্ষক মেকড’নাল্ডে আশা কৰিছে৷

মন কৰিবলগীয়া যে অনুশীলনৰ সময়ত মূৰত বলৰ আঘাত লগাৰ বাবে দুয়োখন এদিনীয়াত স্মিথে খেলপথাৰত নামিব পৰা নাই৷ আনহাতে, ৰাজস্থান ৰয়েলছৰ শিবিৰত নতুনকৈ যোগ দিয়া দক্ষিণ আফ্রিকাৰ তাৰকা বেটছমেন ডেভিড মিলাৰে আগন্তুক আই পি এলত দলটোৰ হৈ ফিনিছাৰৰ ভূমিকা পালন কৰিব বুলি প্রশিক্ষক মেকড’নাল্ডে উল্লেখ কৰিছে৷

You might also like