নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইক হৰুৱাই ৰাজস্থান ৰয়েলছৰ চমক

ছেমছন–স্মিথৰ বিস্ফোৰক বেটিংঃ ব্যর্থ ৰিয়ান, মিলাৰ, উথাপ্পা, জয়ছোৱাল

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক হৰুৱাই আই পি এলত চমকপ্রদ আৰম্ভণি ঘটাইছে ৰাজস্থান ৰয়েলছে৷ শ্বাৰজাহত মঙলবাৰে অনুষ্ঠিত এখন মেচত ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটোৱে ১৬ ৰানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ২১৭ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ চেন্নাই ছুপাৰ কিংছে ছয় উইকেটৰ বিনিময়ত ২০০ ৰান সংগ্রহ কৰে৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৰ হৈ মিডল অর্ডাৰ বেটছমেন ফাফ ডু প্লেচিছে ৭২, শ্বেন ৱাটছনে ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়৷ উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অর্ধশতক অর্জন কৰা ডু প্লেচিছে মঙলবাৰেও দুর্দান্ত বেটিঙেৰে ৭২ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ মাত্র ৩৭ বলৰ সন্মুখীন হৈ এটা বাউণ্ডেৰী আৰু সাতটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷ শ্বেন ৱাটছন আৰু মুৰুলী বিজয়ে প্রথম উইকেটত ৫৬ ৰান যোগ দি চেন্নাই ছুপাৰ কিংছক সুন্দৰ আৰম্ভণি দিয়ে যদিও কম সময়ৰ ভিতৰত কেইবাটাও মূল্যৱান উইকেট হেৰুওৱাত দলটোৰ জয় সম্ভৱ নহ’ল৷ অ’পেনাৰ মুৰুলী বিজয়ে ২১ ৰান কৰি আউট হয়৷ ছাম কুৰানে ১৭, ৰিতুৰাজ গাইকোৱাডে ০ আৰু কেদাৰ যাদৱে ২২ ৰান কৰে৷ ইনিংছৰ শেষৰফালে অধিনায়ক ধোনীয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰি মাত্র ১৭ বলত অপৰাজিতভাৱে ২৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অন্তিম অভাৰত তেওঁ একেৰাহে তিনিটা ছিক্সাৰ কোবায়৷ ৰাজস্থানৰ হৈ স্পীনাৰ ৰাহুল টেৱাটিয়াই তিনিটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে চি এছ কেৰ অধিনায়ক মহেন্দ্র সিং ধোনীৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ৰাজস্থান ৰয়েলছে ৭ উইকেটৰ বিনিময়ত ২১৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অধিনায়ক ষ্টিভেন স্মিথৰ সৈতে উইকেটলৈ অহা উদীয়মান তাৰকা যশস্বী জয়ছোৱাল মাত্র ৬ ৰানতে পেভিলিয়নমুখী হোৱাত দলটো প্রাৰম্ভিক বিপর্যয়ৰ সন্মুখীন হয়৷ কিন্তু ইয়াৰ পিছতে উইকেটলৈ অহা সঞ্জু ছেমছনে স্মিথৰ সৈতে বিস্ফোৰক বেটিঙেৰে ৰাজস্থানক বৃহৎ স্ক’ৰৰ দিশে আগুৱাই নিয়ে৷ ছেমছনে মাত্র ৩২ বলৰ সন্মুখীন হৈ এটা বাউণ্ডেৰী আৰু ৯টা ছিক্সাৰৰ সহায়ত ৭৪ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ ছেমছন আউট হোৱাৰ পিছতে কম সময়ৰ ভিতৰতে দলটোৱে ডেভিদ মিলাৰ, ৰবীন উথাপ্পা, আৰ টেৱাটিয়া আৰু ৰিয়ান পৰাগৰ উইকেট হেৰুৱায়৷ দক্ষিণ আফ্রিকাৰ তাৰকা মিলাৰে এটাও বলৰ সন্মুখীন নোহোৱাকৈ দুর্ভাগ্যজনকভাৱে ৰানআউট হয়৷ উথাপ্পাই ৫, টেৱাটিয়াই ১০ আৰু অসম সন্তান ৰিয়ান পৰাগে ৬ ৰান কৰে৷ ইনিংছৰ শেষৰ ফালে ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰে মাত্র ৮ বলত চাৰিটা ছিক্সাৰৰ সহায়ত অপৰাজিতভাৱে ২৭ ৰানৰ বৰঙণি যোগায়৷ চি এছ কেৰ হৈ ছেম কুৰানে তিনিটা, দীপক চহৰ, এনগিৰি আৰু পীযূষ চাওলাই এটাকৈ উইকেট পায়

You might also like