নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত শর্মা মুম্বাই ইণ্ডিয়ানছৰ বিপজ্জনক খেলুৱৈঃ ৰিকী পণ্টিং

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   সংযুক্ত আৰব আমিৰশ্বাহীত হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোলৈ মাজতে মাথোঁ দুটা দিন বাকী৷ প্রতিযোগিতাখনলৈ ইতিমধ্যে সাজু হৈ উঠিছে আটাইকেইটা দল৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ প্রাক্ মুহূর্তত দিল্লী কেপিটেলছৰ প্রশিক্ষক ৰিকি পণ্টিঙে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক লৈ এক বিশেষ মন্তব্য আগবঢ়াইছে৷ আসন্ন প্রতিযোগিতাখনত ৰোহিত শর্মাক বিপজ্জনক খেলুৱৈ হিচাপে অভিহিত কৰি দিল্লী কেপিটেলছৰ প্রশিক্ষকগৰাকীয়ে কয় যে বর্তমান টি–২০ত ৰোহিত শর্মা হ’ল বিশ্বৰ শ্রেষ্ঠ বেটছমেন৷ কেইবাটাও অভিলেখৰ গৰাকী ৰোহিত শর্মাই আসন্ন আই পি এলখনত বিপক্ষ দলসমূহৰ মূৰৰ কামোৰণি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ শেহতীয়াভাৱে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্রিকেটতো দুর্দান্ত প্রদর্শন দাঙি ধৰি আহিছে৷ গতিকে আই পি এল খনত ৰোহিত শর্মা বিস্ফোৰক হৈ উঠাৰ অধিক সম্ভাৱনা আছে বুলি পণ্টিঙে লগতে মন্তব্য কৰে৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ অ’পেনাৰগৰাকীয়ে এতিয়ালৈকে আই পি এলত ১৮৮খন মেচ খেলি ৪,৮৯৮ ৰান কৰিবলৈ সক্ষম হৈছে৷

You might also like