নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ আন্তর্জাতিক গ’লেৰে বিশ্বৰ দ্বিতীয়গৰাকী ফুটবলাৰৰ গৌৰৱ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ বর্ণিল কেৰিয়াৰত আন এক অনন্য কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ কেৰিয়াৰত ১০০টা আন্তর্জাতিক গ’ল স্ক’ৰ কৰি বিশ্বৰ দ্বিতীয়গৰাকী পুৰুষ ফুটবলাৰ হিচাপে অভিলেখ ৰচিলে ৰ’নাল্ডোৱে৷ পর্তুগালৰ তাৰকা ফুটবলাৰগৰাকীয়ে উৱেফা নেচনছ লীগ ফুটবলত ছুইডেনৰে খেলা মেচখনত এই অনন্য গৌৰৱটো অর্জন কৰে৷ পাঁচবাৰকৈ বেলন ডি অ’ৰ বঁটা বিজয়ী ৩৫ বছৰীয়া ৰ’নাল্ডো হ’ল ১০০ বা ততোধিক আন্তর্জাতিক গ’ল কৰা ইউৰোপৰ প্রথমগৰাকী ফুটবলাৰ৷ মঙলবাৰে নিশা ছুইডেনত ঘৰুৱা দল ছুইডেনৰ বিপক্ষে ২–০ গ’লত বিজয় সাব্যস্ত কৰা উৱেফা নেচনছ লীগ ফুটবলৰ গ্রুপ চিৰ মেচখনত পর্তুগালৰ হৈ ৰ’নাল্ডোৱে দুয়োটা গ’ল স্ক’ৰ কৰে আৰু ইয়াৰ লগে লগে বিশ্বশ্রেষ্ঠ ফুটবলাৰগৰাকীয়ে কেৰিয়াৰত ১০১টা আন্তর্জাতিক গ’ল সম্পূর্ণ কৰে৷ মেচখনৰ ৪৫ মিনিটত পর্তুগালে এক ফ্রী কিক লাভ কৰে আৰু ৰ’নাল্ডোৱে ইয়াক গ’ললৈ কার্যকৰী কৰি কেৰিয়াৰৰ শততম আন্তর্জাতিক গ’লটো পূর্ণ কৰে৷

ইফালে, ৭২ মিনিটত ৰ’নাল্ডোৱে দলটোৰ হৈ দ্বিতীয়টো গ’ল দিয়ে৷ ২০০৩ চনত আন্তর্জাতিক কেৰিয়াৰ আৰম্ভ কৰা ৰ’নাল্ডোৱে ১৬৫খন মেচত ১০০টা আন্তর্জাতিক গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়৷ ৰ’নাল্ডোৰ চিৰ প্রতিদ্বন্দ্বী আর্জেণ্টিনাৰ লি’নেল মেছিয়ে এতিয়ালৈকে ৭০টা আন্তর্জাতিক গ’ল কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে ইৰানৰ আলি ডেই ১০৯টা আন্তর্জাতিক গ’ল স্ক’ৰ কৰি বিশ্বৰ প্রথমগৰাকী ফুটবলাৰৰূপে গৌৰৱ অর্জন কৰি আছে৷ ইৰানৰ ফুটবলাৰগৰাকীয়ে মাত্র ১৪৯খন মেচত সর্বাধিক আন্তর্জাতিক গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হয়৷

ইপিনে, কেৰিয়াৰত ১০০টা আন্তর্জাতিক গ’ল সম্পূর্ণ কৰা পর্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোক অভিনন্দন জনাইছে কিংবদন্তি ফুটবলাৰ ব্রাজিলৰ পেলেই৷

You might also like