নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুৰ সন্মুখত আজি পঞ্জাব

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছুপাৰ অ’ভাৰত পৰাজয়বৰণ কৰা কিংছ একাদশ পঞ্জাব আজি বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মুখামুখি হ’ব৷ তিনি বছৰৰ মূৰত আই পি এলত জয়েৰে অভিযান আৰম্ভ কৰা কোহলি বাহিনীয়ে প্রথমখন মেচত শক্তিশালী ছানৰাইজার্ছ হায়দৰাবাদক ১০ ৰানত পৰাস্ত কৰি উজ্জীৱিত হৈ থকাৰ বিপৰীতে লোকেশ ৰাহুল নেতৃত্বাধীন পঞ্জাবে প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ অধিনায়ক কোহলি, দক্ষিণ আফ্রিকাৰ বিস্ফোৰক বেটছমেন এবি ডি ভিলিয়ার্ছ আৰু অষ্ট্রেলিয়াৰ এদিনীয়া, টি–২০ দলৰ অধিনায়ক আৰন ফিনছৰে গঠিত আৰ চি বিৰ বেটিং বিভাগক নতুন গতি দিছে উদীয়মান অ’পেনাৰ দেৱদূত পাড়িকালৰ সুন্দৰ প্রদর্শনে৷ আই পি এলৰ প্রথমখন মেচতে কেৰালাৰ নৱাগত বেটছমেনগৰাকীয়ে দর্শনীয় বেটিঙেৰে অর্ধশতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ডি ভিলিয়ার্ছৰ দুর্দান্ত ফর্মেও কোহলি বাহিনীক আত্মবিশ্বাসত ৰাখিছে৷ ইফালে, বলিঙত য়ুজবেন্দ্র ছাহাল পুনৰ এবাৰ মেচ উইনাৰ হৈ উঠাৰ সম্ভাৱনা আছে৷ অৱশ্যে প্রথমখন মেচত দুর্বল প্রদর্শন দাঙি ধৰা উমেশ যাদৱৰ স্থানত কাইলৈ মহম্মদ চিৰাজে মূল একাদশত স্থান পোৱাৰ ইংগিত দিছে অধিনায়ক কোহলিয়ে৷ ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীৰো প্রত্যাৱর্তনৰ সম্ভাৱনা আছে৷ আনহাতে, কিংছ একাদশ পঞ্জাবে কাইলৈ ক্রিছ গেইলক মূল একাদশত অন্তর্ভুক্ত কৰিব বুলি দলীয় সূত্রই সদৰী কৰিছে৷ অধিনায়ক ৰাহুল, গ্লেন মেক্সৱেল, মায়ংক আগৰৱাল আৰু নিকোলাছ পুৰানৰ ওপৰত দলটো নির্ভৰশীল হ’ব৷
খেলৰ সময় সন্ধিয়া ৭.৩০ বজা৷

You might also like