নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কলকাতা নাইট ৰাইডার্ছৰ অভিযান আৰম্ভ

জয়ৰ লক্ষ্যৰে নামিব মুম্বাই ইণ্ডিয়ানছ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  আই পি এলৰ উদ্বোধনী মেচত চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাজয়ৰ সন্মুখীন হোৱা মুম্বাই ইণ্ডিয়ানছে আজি প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া দলটোৰ দ্বিতীয়খন মেচত তেওঁলোকৰ প্রতিদ্বন্দ্বী হ’ব কলকাতা নাইট ৰাইডার্ছ৷ ইয়ন মৰগান, আন্দ্রে ৰাছেল, নীতিশ ৰাণা, দীনেশ কার্তিক, শুভমন গিল আদিৰ দৰে বিগ হিটাৰেৰে সমৃদ্ধ কে কে আৰৰ বিৰুদ্ধে ৰোহিত শর্মা নেতৃত্বাধীন মুম্বায়ে কাইলৈ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত৷ যিকোনো মুহূর্তত খেলৰ গতি সলনি কৰিব পৰা মৰগান, ৰাছেলৰ দৰে বেটছমেনক বান্ধি ৰাখিবলৈ মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু ট্রেণ্ট ব’ল্টে প্রদর্শন উন্নত কৰিব লাগিব৷ উল্লেখ্য যে উদ্বোধনী মেচত দুয়োগৰাকী বলাৰে প্রত্যাশিত বলিং প্রদর্শন দাঙি ধৰিব নোৱৰাত মুম্বাই ইণ্ডিয়ানছ বিপদৰ সন্মুখীন হয়৷ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু ক্রুনাল পাণ্ডিয়াৰ পৰাও দলে উন্নত প্রদর্শন আশা কৰিছে৷ ইফালে, ৰোহিত শর্মা, কিৰণ পোলার্ড, সূর্য কুমাৰ যাদৱ, কুইণ্টন ডি কক আদিৰ দৰে আক্রমণাত্মক বেটছমেনক নিয়ন্ত্রণত ৰখাৰ দায়িত্ব চম্ভালিব অষ্ট্রেলিয়ান তাৰকা পেট কামিনছেৰে গঠিত কে কে আৰৰ শক্তিশালী বলিং বিভাগে৷ বেগী বলিং আক্রমণত কামিনছক সহযোগিতা আগবঢ়াব কমলেশ নাগৰকটি আৰু প্রসিধ কৃষ্ণই৷ একেদৰে স্পীন বিভাগত আছে কেৰিবিয়ান তাৰকা সুনীল নাৰিন আৰু ভাৰতৰ কুলদীপ যাদৱ৷ মন কৰিবলগীয়া যে দুয়োটা দলে আই পি এলত এতিয়ালৈকে মুঠ ২৫বাৰ পৰস্পৰৰ সন্মুখীন হৈছে আৰু ইয়াৰে ১৯বাৰ ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে শেষ হাঁহি মাৰিছে৷

You might also like