নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কিংছ একাদশ পঞ্জাবৰ সন্মুখত দিল্লী কেপিটেলছ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ যুৱ তাৰকা শ্রেয়াছ আয়াৰৰ নেতৃত্বত বিগত বর্ষৰ আই পি এলত চমকপ্রদ প্রদর্শন দাঙি ধৰা দিল্লী কেপিটেলছে কাইলৈ এইবাৰৰ আই পি এলত অভিযান আৰম্ভ কৰিব৷ ডুবাইত অনুষ্ঠিত হ’বলগীয়া মেচখনত দলটোৰ প্রতিদ্বন্দ্বী হ’ব লোকেশ ৰাহুল নেতৃত্বাধীন কিংছ একাদশ পঞ্জাব৷ বিগত বর্ষৰ প্রদর্শনক লৈ দিল্লী কেপিটেলছ যিদৰে আত্মবিশ্বাসী, ঠিক একেদৰে নতুন অধিনায়ক লোকেশ ৰাহুলৰ নেতৃত্বত ন–উদ্যমেৰে সাজু হৈ উঠিছে কিংছ একাদশ পঞ্জাব৷ আয়াৰ বাহিনীয়ে ৰবিচন্দ্রন অশ্বিন, অমিত মিশ্র আৰু অক্ষৰ পেটেলৰ দৰে অভিজ্ঞ স্পীনাৰেৰে গঠিত শক্তিশালী স্পীন বিভাগেৰে ক্রিছ গেইল, গ্লেন মেক্সৱেল, লোকেশ ৰাহুল, ছেল্ডন কটৰেল আদিৰ দৰে বিগ হিটাৰক প্রতিহত কৰাৰ ৰণকৌশল যুগুত কৰিছে৷

উল্লেখ্য যে অষ্ট্রেলিয়ান অলৰাউণ্ডাৰ মেক্সৱেলে শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে মেচ উইনিং শতক অর্জন কৰি এই মুহূর্তত দুর্দান্ত ফর্মত আছে৷ একেদৰে গেইলে সদ্যসমাপ্ত কেৰিবিয়ান প্রিমিয়াৰ লীগত খেলি আত্মবিশ্বাসী হৈ আছে৷ অৱশ্যে ডুবাইৰ স্পীন সহায়ক উইকেটত কিংছ একাদশ পঞ্জাবে পর্যাপ্ত স্পীনাৰৰ অভাৱত ভুগিব৷ কিয়নো অফ স্পীনাৰ মুজিব জাদ্রানৰ বাহিৰে দলটোত এজনো বিশেষজ্ঞ স্পীনাৰ নাই৷ ইফালে, শিখৰ ধাৱন, পৃথ্বি শ্ব, শ্রেয়াছ আয়াৰ, ঋষভ পণ্ট আৰু ছিমৰন হেটমায়াৰৰ দৰে বিস্ফোৰক বেটছমেনেৰে সমৃদ্ধ হৈছে দিল্লী কেপিটেলছৰ মিডল অর্ডাৰ৷ তেওঁলোকৰ সৈতে আছে ভাৰতীয় টেষ্ট দলৰ সহঃ অধিনায়ক আজিংক্য ৰাহানেৰ দৰে অভিজ্ঞ বেটছমেন৷

You might also like