নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ সূচীঃ আজি আইচিচিৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে চলিত বর্ষৰ ১৮ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ স্থগিত হোৱাৰ পাছত মেগা ইভেণ্টখনৰ সূচী পুনৰ নির্ধাৰণ কৰিবলৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলৰ এক গুৰুত্বপূর্ণ বৈঠক কাইলৈ ভার্চুৱেলী অনুষ্ঠিত হ’ব৷ আইচিচিৰ ব’ডৰ এই বৈঠকত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড আৰু ক্রিকেট অষ্ট্রেলিয়াৰ বিষয়ববীয়াসকলে আগন্তুক দুবছৰত দুখনকৈ টি–২০ বিশ্বকাপ আয়োজন সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰিব৷ একেদৰে আইচিচিৰ পৰৱর্তী অধ্যক্ষ কোন হ’ব সেই সন্দর্ভতো দুয়োখন ব’র্ডে কাইলৈ সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে৷ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে ভাৰতৰ হৈ অনলাইন বৈঠকত উপস্থিত থাকিব৷ আইচিচিৰ ব’ৰ্ডৰ এগৰাকী সদস্যই  পিটিআইৰ সন্মুখত কয় যে বৈঠকৰ প্রধান বিষয় হ’ব আগন্তুক দুবছৰত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ গুৰুত্বপূর্ণ ইভেণ্টৰ সূচী নির্ধাৰণ৷ ইয়াৰ ভিতৰত অন্যতম হ’ল অহা বর্ষৰ আৰম্ভণিতে নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ আৰু স্থগিত হৈ থকা টি–২০ বিশ্বকাপ৷

উল্লেখ্য যে চলিত বর্ষৰ ১৮ অক্টোবৰৰ পৰা অষ্ট্রেলিয়াত আইচিচি টি–২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে প্রতিযোগিতাখন সময় মতে আয়োজন কৰাটো সম্ভৱ নহ’ল৷ আইচিচিয়ে টি–২০ বিশ্বকাপ স্থগিত ৰখাৰ সুযোগ গ্রহণ কৰি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ইউএইত আইপিএল আয়োজনৰ সিদ্ধান্ত লয়৷ ইফালে, ক্রিকেট অষ্ট্রেলিয়াই স্থগিত হোৱা টি–২০ বিশ্বকাপ–২০২১ৰ অক্টোবৰত আয়োজনৰ আশা কৰিছে৷ ২০২১ত প্রকৃতার্থত ভাৰতত টি–২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছে যদিও ক্রিকেট অষ্ট্রেলিয়াই বিগত প্রায় এবছৰ ধৰি মেগা ইভেণ্টখনৰ বাবে প্রস্তুতি চলাই থকাৰ পাছত পুনৰ দুবছৰলৈ তেওঁলোকে অপেক্ষা কৰিব বিচৰা নাই৷ ‘পূর্বনির্ধাৰিত সূচী অনুসৰি বিচিচিআয়ে ২০২১ত টি–২০ বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ আৰু এই দায়িত্ব তেওঁলোকে পালন কৰিবলৈ সাজু৷ ইফালে অষ্ট্রেলিয়ায়ো এই বর্ষৰ টি–২০ বিশ্বকাপ–২০২১ৰ অক্টোবৰত আয়োজন কৰিবলৈ আশা পালি আছে৷ এই বিষয়ত আইচিচিয়ে ব’ডৰ বৈঠকত দুয়োখন ক্রিকেট ব’ৰ্ডৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰি এক সিদ্ধান্তত উপনীত হোৱাৰ আশা আছে৷ একেদৰে বৈঠকত আলোচনা হ’বলগীয়া আন এটা গুৰুত্বপূর্ণ বিষয় হ’ল দুবছৰৰ বিৰতিত দুখন পৃথক বিশ্বকাপৰ সফল আয়োজন৷ ২০২২ত টি–২০ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ এবছৰ পাছতে ২০২৩ত ৫০ অভাৰৰ বিশ্বকাপ আইচিচিয়ে কিদৰে আয়োজন কৰিব সেই বিষয়ত বিস্তৃতভাৱে আলোচনা হ’ব৷’ –আইচিচি ব’ডৰ সদস্যগৰাকীয়ে এইদৰে কয়৷ তেওঁ লগতে আশা প্রকাশ কৰে যে ২০২১ৰ ফেব্রুৱাৰী–মার্চত নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ নির্ধাৰিত সূচী অনুসৰি আয়োজনৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like