নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু সময়লৈ মাস্ক পিন্ধিলে কষ্ট হয় হাঁওফাঁওৰ… বাচিবলৈ আছে এটা উপায়

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ক’ৰোনাৰ সময়, গতিকে মাস্ক পিন্ধাটো অপৰিহাৰ্য। চৰকাৰেও মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে।

গতিকে মাস্ক মুখত লাগি থকাটোৱেই নিয়ম। কিন্তু আপুনি জানেনে বহু সময়লৈ মুখত মাস্ক পিন্ধি থাকিলে হাঁওফাঁওৰ কষ্ট হয়। হাঁওফাঁওৰ লগতে ভাইটেলিটী আৰু ইমিউনিটীতো বেয়া প্ৰভাৱ পৰে। অথচ মাস্ক নিপিন্ধিলে ক’ৰোনা হোৱাৰ ভয়।

 

এই দোদুল্যমান অৱস্থাৰ পৰা মুক্তি পোৱাৰ বিধান দিছে ফিটনেছ এক্সপাৰ্টে। যোগ আৰু ৱেলনেছৰ এগৰাকী প্ৰশিক্ষকে জনোৱা মতে, বহু সময়লৈ মাস্ক পিন্ধা লোকে প্ৰাণায়াম আৰু গভীৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম (Pranayam and deep breathing exercise) কৰা দৰকাৰ।

 

নিয়মীয়াকৈ এই ব্যায়াম কৰাৰ অভ্যাস স্বাস্থ্যৰ পক্ষে ভাল। কিয়নো মাস্ক পৰিধান কৰাৰ ফলত স্বাভাৱিকতে দেহত কম পৰিমাণে অক্সিজেন যোগান হয় আৰু এই ঘাটি পূৰণ কৰিব পাৰে প্ৰাণায়ম আৰু গভীৰ উশাহ-নিশাহৰ ব্যায়ামে।

গতিকে ক’ৰোনাৰ পৰা বাচি থাকিবলৈ মাস্ক পিন্ধাটো যিমান জৰুৰী, সিমানেই জৰুৰী Pranayam and deep breathing exercise।

You might also like