নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেংগু বেমাৰ হোৱা লোকক ক’ৰোনাই সহজে কৰিব নোৱাৰে পৰাজিত, নতুন গৱেষণাৰ তথ্য

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীক লৈ দেশে-বিদেশে চলিছে নানা গৱেষণা। ভাইৰাছবিধৰ পৰা মানৱ জাতিটোক উদ্ধাৰ কৰাই হৈছে এনে গৱেষণাৰ মূল উদ্দেশ্য। এনে এক গৱেষণাৰ পৰা জনা গৈছে যে এটা বিশেষ বেমাৰ হোৱাৰ পিছত কৰোনা মহামাৰী হ’লে ভাইৰাছবিধৰ আক্ৰমণৰ চোক কমি যায়।

এই বিশেষ বেমাৰটো হৈছে ডেংগু। ডেংগু জ্বৰত আক্ৰান্ত কোনো লোকৰ পিছলৈ ইমিউনিটী বৃদ্ধি হয়, যাৰ বাবে ক’ৰোনা ভাইৰাছে লোকগৰাকীক আক্ৰমণ কৰাত প্ৰবল বাধাৰ সন্মুখীন হয়। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন মতে, এই গৱেষণা কৰিছিল ডিউক ইউনিভাৰ্ছিটীৰ প্ৰফেছৰ মিগুৱেল নিকোলেলিছে। গৱেষক নিকোলেলিছে ২০১৯ আৰু ২০২০ত হোৱা ডেংগু আৰু ক’ৰোনা ভাইৰাছৰ মাজত এক সম্বন্ধ বিচাৰি পায়।

তেওঁৰ মতে, যোৱাবছৰ যিবোৰ ঠাইত ডেংগুৰ প্ৰকোপ বেছি আছিল, সেইবোৰ ঠাইত ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কম হোৱা দেখা গৈছে আৰু সংক্ৰমণৰ গতিৰ হাৰো খুব কম। তেওঁৰ মতে, ডেংগু ভাইৰাছৰ এণ্টিবোডী ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত সহায়ক হয়। এইক্ষেত্ৰত তেওঁ ডেংগু প্ৰভাৱিত ব্ৰাজিলৰ উদাহৰণ দাঙি ধৰে।

ব্ৰাজিলৰ যিবোৰ অঞ্চল যোৱাবছৰ ডেংগু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল, তাত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ কম আছিল। নিকোলেলিছে কয়- ‘দুয়োবিধ ভাইৰাছৰ মাজত এক প্ৰতিৰক্ষাত্মক সম্বন্ধ আছে, যিটোৰ বিষয়ে প্ৰথমাৱস্থাত ধাৰণা কৰিব পৰা নগৈছিল, কিয়নো দুয়োবিধ বেলেগ বেলেগ প্ৰকাৰৰ ভাইৰাছ। কিন্তু বিজ্ঞানৰ গৱেষণাৰ এটা বৈশিষ্ট্য এয়াই যে আপুনি কিবা এটা গৱেষণা কৰিলে আন কিবা এটা তথ্য উদঘাটন কৰিবলৈ সক্ষম হয়।’

নিকোলেলিছে এই গৱেষণাৰ বিষয়ে ৰয়টাৰ্ছক অৱগত কৰিছে যদিও আনুষ্ঠানিক প্ৰচাৰ কৰা নাই, কিয়নো তেওঁৰ মতে বিষয়টোত আৰু গৱেষণাৰ প্ৰয়োজন আছে।

You might also like