নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৱেষকৰ দাবী- ১৫ ছেকেণ্ডতে নিঃশেষ হ’ব ক’ৰোনা ভাইৰাছ, কি এই পদাৰ্থ…

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ বিশ্ব স্তব্ধ কৰা এটা ভাইৰাছ ক’ভিড-১৯। আতংকৰ অন্য নাম যেন ক’ৰোনা। কিন্তু এই কাল ক’ৰোনাকে ১৫ ছেকেণ্ডত ধ্বংস কৰি দিব পাৰে এবিধ বিশেষ পদাৰ্থই। সেয়া হ’ল আয়োডিন দ্ৰৱণ (iodine solution) ।

ইউনিভাৰ্ছিটী অৱ কানেক্টিকাট স্কুল অৱ মেডিচিনৰ এক গৱেষক দলে এই দাবী কৰিছে যে আয়োডিন দ্ৰৱণে ক’ৰোনা ভাইৰাছক মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰতে নিঃশেষ কৰি দিব পাৰে। গৱেষণাৰ সময়ত তেওঁলোকে ভিন্ন মাত্ৰাত তিনিটা পাত্ৰত আয়োডিন দ্ৰৱণ ৰাখিছিল।

আয়োডিনৰ ০.৫ শতাংশ, ১.২৫ শতাংশ আৰু ২.৫ শতাংশ দ্ৰৱণ তৈয়াৰ কৰি তাত ৰাখিছিল ক’ৰোনা ভাইৰাছ। গৱেষকে লক্ষ্য কৰিছিল যে কেউটা পাত্ৰতে ১৫ ছেকেণ্ডৰ ভিতৰত নিঃশেষ হৈছিল ক’ৰোনা ভাইৰাছ।

JAMA Otolaryngology-Head and Neck Surgery-ত এই গৱেষণা পত্ৰ বিশদভাৱে প্ৰকাশিত কৰা হৈছে। গৱেষক দলে SARS আৰু MERSৰ সংক্ৰমণৰ প্ৰসংগতো একে পৰীক্ষা কৰিছিল আৰু তাতো আয়োডিন দ্ৰৱণৰ ব্য়ৱহাৰ সফল হৈছিল। একেখিনি পৰীক্ষা ইথানল আৰু ইথাইল এলকহল দি কৰা হৈছিল যদিও ইতিবাচক ফল দেখা পোৱা নাছিল বুলি গৱেষণা পত্ৰত প্ৰকাশ কৰা হৈছে।

গৱেষণা পত্ৰখনত অৱশ্যে কোনো লোককে ঘৰতে এনে আয়োডিন দ্ৰৱণেৰে ঘৰুৱা চিকিৎসাৰ আশ্ৰয় ল’বলৈ মানা কৰা হৈছে।

You might also like