নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ মুখামুখি হোৱাৰ প্রস্তুতি

ডাঃ চন্দন কুমাৰ ৰায়

প্রথম অৱস্থাত অসমত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা কম আছিল৷ পজিটিভসকলৰ ভিতৰত লক্ষণ নোহোৱা ৰোগীৰ সংখ্যা বেছি আছিল৷ বর্তমান ভয়ংকৰ গতিত এই ৰোগ বাঢ়িছে৷ বহু লোকে প্রাণ হেৰুৱাব লগা হৈছে৷ প্রথমৰ পৰাই সাৱধানতাৰ ক্ষেত্রত কিছু সজাগ হোৱা হ’লে এনেকুৱা নহ’লহেঁতেন৷ অসমৰ হাস্পতালত বেড নোহোৱা হৈছে৷ বর্তমান সময়খিনি লেতেৰা ৰাজনীতিৰ পৰিৱর্তে নিজক সুৰক্ষিত কৰাৰ সময়৷ ঘৰে প্রতি চিনাকি মানুহ ৰোগগ্রস্ত হৈছে৷ এই মুহূর্তত ৰোগৰ পৰা বাচি থকাৰ লগতে নিজে আক্রান্ত হ’লে তাৰ মুখামুখি হ’বলৈ কেনেকৈ প্রস্তুত হোৱা উচিত সেয়াও জনা দৰকাৰ৷
ঘৰত ভাল কোৱালিটীৰ পাল্ছ অক্সিমিটাৰ ৰাখক৷ মাজে মাজে বেটাৰী চেক কৰিব৷ বেটাৰী ডাউন থাকিলে ৰিডিং খেলিমেলি দেখায়৷
Pulse oxymeter preferbly middle fingerত ব্যৱহাৰ কৰিব লাগে৷ প্রথমবাৰত ৰেষ্টত থাকোঁতে আৰু দ্বিতীয়বাৰ ছয় মিনিটমান খোজকাঢ়ি তাৰ পাছত চাব লাগে৷ তেতিয়া প্র’পাৰ ৰিডিংটো পোৱা যায়৷ ৰিডিংটো সাধাৰণতে ৯৪ৰ ওপৰত থাকিব লাগে৷ প্রথমবাৰ ৰেষ্টত থকাৰ পাছত লোৱাতকৈ খোজকঢ়াৰ পিছত লোৱা ৰিডিং ৫ বা ৫তকৈ কম হয়, তেন্তে এইটো এটা ডেঞ্জাৰ চাইন৷ খৰকৈ খোজ কাঢ়িলে যদি কাহ উঠে বা উশাহ ল’বলৈ দিগদাৰ হয়, তেন্তে হাস্পতাললৈ যোৱা উচিত৷
প্রথম লক্ষণ দেখা দিয়া দিনটোকহে প্রথম দিন বুলি ধৰিব৷ ৰিজাল্ট পোৱাৰ দিনটো নহয়৷ তিনি দিনৰ পৰা ছয় দিনলৈকে এই সময়ছোৱা অত্যন্ত সজাগ হৈ থাকিব লাগে৷ কিয়নো চিকিৎসকৰ ভাষাত এই সময়ছোৱাCrucial Period৷
ৰোগীৰ যদি আগৰে পৰা কিবা ৰোগ আছে সেইবোৰ যাতে নিয়ন্ত্রণ হৈ থাকে তাক মন কৰিব৷ ঔষধ আদি ৰাখিব৷
প্রথম লক্ষণে দেখা দিয়াৰ পৰা তিনি দিনৰ ভিতৰত মেডিচিন Antibiotics, cough syrup, vitamin C, vitamin D, জিংক আদি) ডাক্টৰৰ পৰামর্শ মতে আৰম্ভ কৰা উচিত৷ হোম আইছ’লেচনত থকাসকলে টেলিমেডিচিনৰ কাৰণে এজন ডাক্টৰৰ যোগাযোগত থকাটো আৱশ্যক৷ গুৰুতৰভাৱে আক্রান্তসকলক এইবোৰৰ উপৰি আন কিছুমান মেডিচিন যেনে–Low moleculer weight Heparin আদি তেজ গোট নামাৰিবৰ বাবে দিয়াটো অতি প্রয়োজন৷ এইবোৰ দিয়াটো হাস্পতালতহে সম্ভৱ৷
সম্ভৱ হ’লে বুকুৰ চিটি স্কেন কৰাটো ভাল৷
সুষম আহাৰ, শক্তিদায়ী খাদ্য বিশেষকৈ প্র’টিনজাতীয় খাদ্য, ফলমূল, প্রচুৰ পৰিমাণে পানী ৰোগীয়ে খোৱা উচিত৷
মদ্যপানৰ পৰা আঁতৰি থাকিব লাগে৷ কাৰণ মাদক দ্রব্য সেৱনে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতাক দুর্বল কৰি তোলে৷
ক’ভিড পজিটিভ হ’লেও যাতে অতিমাত্রা ষ্ট্রেছ আৰু এনজাইটিৰ কাৰণে অধিক বিপদত নপৰে, তাৰ কাৰণে মনটো শক্তিশালী কৰক৷ অধিক এনজাইটিয়ে উশাহ লোৱাৰ সমস্যা বঢ়াব পাৰে৷
সঠিক ৰূপত মাস্ক পৰিধান কৰি, সঘনাই হাত ধুই, সামাজিক দূৰত্ব বর্তাই ৰাখি নিজক ৰোগত ভোগাৰ পৰা বচাবলৈ আৰু নিবিয়পাকৈ ৰাখিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰা উচিত৷

You might also like