নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টোপনিত নাক বজা সকল সাৱধান! কোভিডত আক্ৰান্ত হ’লে মৃত্যুৰ সম্ভাৱনা অধিক…

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ আপোনাৰ ৰাতি শুই থকা অৱস্থাত নাক বাজে নেকি? তেতিয়া হ’লে সেই সকলৰ লোকৰ বাবে এক ভয়ংকৰ খবৰ । যদি কোভিডত আক্ৰান্ত হৈছে আৰু ৰাতি টোপনি যোৱাৰ পিছত নাক বাজে তেতিয়া সেই লোকৰ মৃত্যু হোৱা লোকৰ সম্ভাৱনা বেছি। ৱাৰৱিক বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে কৰোনা ভাইৰাছৰ বিষয়ে এক অধ্যয়ন কৰিছিল। এই অধ্যয়নত ৰাতি শুই থকাৰ সময়ত যিসকল লোকৰ নাক বাজে আৰু যদি কোভিডত আক্ৰান্ত হৈছে তেতিয়া সেই সকল লোকৰ মৃত্যু হোৱাৰ সম্ভৱনা তিনিগুণ অধিক।

গৱেষক সকলে অধ্যয়নত পাইছে যে মাংসপেক্ষীত obstructive sleep apnoea হোৱাৰ বাবে বায়ু চলাচল অস্থায়ী ৰূপত বন্ধ হৈ যায়, যাৰ বাবে বহু লোকৰ টোপনিত নাক বাজে।

গৱেষক সকলৰ মতে obstructive sleep apnoea প্ৰভাৱৰ বিষয়ে জানিবলৈ আৰু অধিক গৱেষণাৰ প্ৰয়োজন। obstructive sleep apnoeaৰ মেদবহুলতা লগতে ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ দৰে বেমাৰৰ সম্বন্ধ বেছি যাৰ বাবে কোভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ সম্ভাৱনা অধিক।

obstructive sleep apnoea ৰোগীৰ কোভিড-১৯ত আক্ৰান্ত হ’লে সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি কোভিডৰ কোনো ধৰণৰ লক্ষণ দেখা পাই বিলম্ব নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। গৱেষক সকলে জানিবলৈ দিয়ে যে ১৩০০ আক্ৰান্ত লোকৰ ৭ দিন হাস্পতালত গৱেষণা কৰা হৈছিল আৰু দেখা পাইছিল যে সেই সকল লোকৰ মৃত্যু সম্ভাৱনা প্ৰায় ৩ গুণ বৃদ্ধি হৈছিল।

You might also like