নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও, হোজাইত ক’ৰোনা সম্পৰ্কে জিলা প্ৰশাসনৰে পৰ্যালোচনাত মিলিত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে নগাঁৱত উপস্থিত হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নগাঁৱত উপস্থিত হৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইপিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সকলো চিকিৎসক আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত কৰ্মীসকলৰ সৈতে বাৰ্তালাপো কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

আনহাতে ইয়াৰ পাছতে হোজাইত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হোজাইৰ উচ্চপদস্থ জিলা বিষয়াবৰ্গৰ সৈতে ক’ভিড-১৯ সম্পৰ্কীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। লগতে জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান আৰু জৰুৰীকালীন সেৱা সুচাৰুৰূপে অব্যাহত ৰাখিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে হোজাইত ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি থকা স্বাস্থ্যকৰ্মীসকলৰ সৈতেও আজি মত বিনিময় কৰে।

You might also like