নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ বিৰুদ্ধে প্রতিবাদত উত্তাল ডিব্রুগড়, কিন্তু কিয় ?

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ ক’ভিড–১৯ ৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে দেশজুৰি জাৰি কৰা দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্রুগড়ত ব্যাপক হাৰত লকডাউন উলংঘা হোৱাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে ডিব্রুগড় আৰক্ষীয়ে৷

বিগত দুটা দিনত আৰক্ষীয়ে চহৰখনৰ বিভিন্ন প্রান্তত বিশেষকৈ নতুন বজাৰ এলেকাত লকডাউন উলংঘা কৰি ৰাজপথলৈ ওলাই অহা ৰাইজৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিছে৷ আনহাতে কালি চহৰখনৰ লালুকা গাঁও এলেকাত আমোলাপট্টী আৰক্ষী চকীৰ এজন গৃহৰক্ষী জোৱানে লকডাউন উলংঘা কৰি মাস্ক পৰিধান নকৰাকৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত ৰৈ থকা এজন ব্যক্তিক ৰাজপথত কি কাৰণে উদ্দেশ্যবিহীনভাৱে ৰৈ আছে বুলি প্রশ্ন কৰি মৃদু প্রহাৰ কৰাৰ কাণ্ডক লৈ স্থানীয় ৰাইজে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে৷

লালুকা গাঁও এলেকাৰ একাংশ ৰাইজ গৃহৰক্ষী জোৱানজনৰ কার্যৰ বিৰুদ্ধে লকডাউনৰ মাজতে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে৷ স্থানীয় ৰাইজৰ মতে, গৃহৰক্ষী জোৱানজনে উক্ত ব্যক্তিজনক এখন দোকানৰ পৰা বাহিৰলৈ উলিয়াই আনি প্রহাৰ কৰাৰ লগতে গৃহৰক্ষী জোৱানজনক এই কার্যত বাধা প্রদান কৰিবলৈ অহা একাংশ মহিলাৰ গাতো হাত তোলে৷ বিষয়টোক লৈ সমগ্র চহৰখনত তীব্র চাঞ্চল্য আৰু প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সময়তে ঘটনাস্থলীত ডিব্রুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) পদ্মনাভ বৰুৱাসহ একাংশ শীর্ষ আৰক্ষী বিষয়া  উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে মুখ্যমন্ত্রীৰ গৃহ চহৰ ডিব্রুগড়ত কেন্দ্রীয় চৰকাৰে জাৰি কৰা দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ত একাংশ লোক মুকলিকৈ হাট–বজাৰ অথবা কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা ওলাই আহি লকডাউন উলংঘা কৰাই নহয়, বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ভিড–১৯ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সম্ভাৱনীয়তাৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে ডিব্রুগড় আৰক্ষীয়ে গ্রহণ কৰা কঠোৰ স্থিতিৰ বাবেই সমগ্র জিলাখন এই পর্যন্ত ক’ৰোনামুক্ত হৈ আছে বুলি সচেতন মহলে মত ব্যক্ত কৰিছে৷

You might also like