নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত আতংকঃ হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালে অব্যাহত ৰাখিছে ব্যৱসায়

বিতৰ্কিত ব্যৱসায়ী শিৱজী মহেশ্বৰী ভূমিকাক লৈ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১২ মে’: হোম কোৱাৰেণ্টাইনত থকা এক ব্যৱসায়ীৰ পৰিয়ালে কভিড প্ৰট’কল ভংগ কৰি ব্যৱসায় চলাই থকা তথ্য আজি পোহৰলৈ অহাত মৰিগাঁও চহৰত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয় চহৰবাসীক আতংকিত কৰিছে।

উল্লেখ্য যে, মৰিগাঁও চহৰৰ পাইকাৰী ব্যৱসায়ী শিৱজী মহেশ্বৰীৰ লগতে তেওঁৰ পৰিয়ালৰ মুঠ ১৪ জন সদস্যক যোৱা ৮ মেৰ পৰা বলবৎ হোৱাকৈ স্বাস্থ্য বিভাগে হোম কোৱাৰেন্টাইনৰ নিৰ্দেশনা দিয়াৰ লগতে তেওঁলোকৰ ঘৰলৈ আনলোকৰ আহ যাহত বাধা আৰোপ কৰি নিৰ্দেশনা জাৰিৰে জাননী আৰি দিছিল। কিয়নো গেলামাল সামগ্ৰীৰ পাইকাৰী ব্যৱসায়ীজনৰ গুজৰাটৰ চুৰাটত অধ্যয়নৰত নাতিনীয়েক পায়েল মহেশ্বৰী যোৱা ৮ মেত মৰিগাঁও চহৰস্থিত ঘৰত উপস্থিত হোৱাৰ পিছতেই কভিড প্ৰট’কল অনুসৰি মৰিগাঁৱৰ স্বাস্থ্য বিভাগে সৰ্তকতামূলক ব্যৱস্থা হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে যোৱা ২৭ এপ্ৰিলত গুজৰাটৰ গুৱাহাটীত উপস্থিত হোৱাৰ পিচত যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ অন্তত যোৱা ৭ মেত ছাত্ৰীগৰাকীক নিজ গৃহত কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দি প্ৰতিষ্ঠান কোৱাৰেন্টাইনৰ পৰা ঘৰলৈ আহিবলৈ দিছিল অসম চৰকাৰৰ স্বাস্থ্য বিভাগে।ইয়াৰ পিছতেই মৰিগাঁও চহৰৰ নিজগৃহলৈ অহা পায়েলৰ লগতে পৰিয়ালৰ মুঠ ১৪ জন সদস্যক হোম কোৱাৰেন্টাইন হৈ থকা নিৰ্দেশনা জাৰি কৰে মৰিগাঁও স্বাস্থ্য বিভাগে।কিন্তু ধন ঘটাৰ মোহত হোম কোৱাৰেন্টাইনত থকা কোটিপতি ব্যৱসায়ী শিৱজী মহেশ্বৰীৰ পৰিয়ালে ব্যৱসায়ী প্ৰতিষ্ঠান খোলা ৰখাৰ লগতে শ শ লোকৰ সংস্পৰ্শত অহা নহয় যিটো বাসগৃহত জাননী আৰি বাহিৰা লোকৰ আহযাহত বাধাৰোপ কৰিছে সেই বাসগৃহৰ চৌহদৰ পৰাই ব্যৱসায়ৰ সামগ্ৰী সৰবৰাহ কৰি থকা সচেতন নাগৰিকৰ দৃষ্টিগোচৰ হোৱাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

 আনহাতে, সমগ্ৰ মৰিগাঁও জিলাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰখন নিয়ন্ত্ৰণ কৰি থকা মৰিগাঁও চহৰৰ পাইকাৰী ব্যৱসায়ী শিৱজী মহেশ্বৰীয়ে খেয়ালখুচি মতেই বয়বস্তৰ মূল্য বৃদ্ধি কৰি মুনাফা লুটি থকা বুলি ৰাইজে অভিযোগ কৰি আহিছে।কেৱল সেয়ে নহয় । ব্যৱসায়ী শিৱজী মহেশ্বৰীয়ে কভিড প্ৰট’কল ভংগ, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা উলংঘা কৰি ব্যৱসায়িক প্ৰতিষ্ঠান খুলি দৈনিক শ শ লোকৰ সংস্পৰ্শ, নিজ বাসগৃহৰ চৌহদৰ গুডামৰ পৰা গাড়ীয়ে গাড়ীয়ে পৰা সামগ্ৰী সৰবৰাহ আৰু পৰিয়ালৰ সদস্য সকলে বিভিন্ন স্থানত মুক্ত বিচৰণ কৰা সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগক বিহীত পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে আতংকিত মৰিগাঁও বাসীয়ে।

You might also like